ৰাইজে মেৰামতি কৰিলে বৰপেটা চহৰৰ গান্ধীপথ

প্ৰাগজ্যোতিষ বাৰ্তা, বৰপেটাৰ পৰা মফিদুল হক, ২৯ জুলাইঃ বৰপেটা চহৰৰ গান্ধীনগৰৰ গান্ধীপথটো স্বাধীনতাৰ ইমান বছৰ পিছতো পকীকৰণ হৈ নুঠিল৷

এই পথটো পকীকৰণ কৰাৰ বাবে ৰাইজে স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰাৰ পিছতো কোনো সুফল লাভ কৰা নাই৷

এইবাৰ বানপানীত এই পথটো যথেষ্ট ক্ষতিগ্ৰস্থ হোৱাত ৰাইজে যমৰ যাতনা ভোগ কৰিবলৈ বাধ্য হৈছে৷

পথাচাৰীৰ কষ্ট লাঘৱ কৰাৰ উদ্দেশ্যে আজি স্থানীয় একাংশ ৰাইজে মেৰামতি কৰে গান্ধীপথটো৷

বৰপেটা চহৰৰ ১৫ নং ৱাৰ্ডৰ অতিকৈ পুৰণি এই পথটো অতিশীঘ্ৰে পকীকৰণ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here