কবি সাহিত্যিক ইন্দ্ৰেশ্বৰ বৰাৰ জীৱন আৰু সাহিত্যকৃতি

শৰৎ হাজৰিকা

 

জীৱন অনুপম¸। এই জীৱন অনুপম উৎস ক’ত। বাস্তৱিক জীৱনৰ সৎকৰ্ম তথা সেই কৰ্মই গাঁৱ-সমাজ পোহৰাই প্ৰজন্মৰ আদৰ্শৰ প্ৰতীক হৈ জগত প্ৰতিনিধিত্ব কৰি জীৱনলৈ কৃতিত্ব বহন কৰিব পাৰে সেই জীৱনেই অনুপম জীৱন।

আমি জানো নানা ঘাত-প্ৰতিঘাতৰ সমষ্টি বিশেষ ।এই ঘাত-প্ৰতিঘাতৰ অৱবাহিকাতেই ক্ষণিক আনুপম জীৱনৰ ফল্গুধাৰা প্ৰবাহিত হয়। যিয়ে জীৱনটোক নতুন দিগন্তলৈ আগুৱাই নিয়াৰ মন্ত্ৰপুত বহন কৰি লয়।

এনে চিন্তাশীল কাৰকেৰে পৰিপুষ্ঠ এক ব্যক্তি সত্বাৰ নাম কবি সাহিত্যক ইন্দ্ৰেশ্বৰ বৰাৰ সাহিত্যিক নাইবা কবি হিচাপে প্ৰসিদ্ধি কিমান তাৰ গুণাগুণ বুজন সংখ্যাক সুধী সমালোচকৰ দৃষ্টিত পৰা নাই যদিও সীমিত সমালোচকৰ দৃষ্টিকোন আদৰণীয়।

সপ্তম শ্ৰেণীতে বাতবিষ জনিত ৰোগত আক্ৰান্ত হৈ স্বল্প পৰিসৰত কাব্য চৰ্চা কৰি আজিৰ স্থানত অধিষ্ঠীত হোৱা এইজন কবি সাহিত্যকৰ তীক্ষ® মনোবল আৰু ধৈযৰ্্যই এই সফলতাৰ চাবি-কাঠি। কবি বৰাৰ জন্ম হয় ১৯৪১ চনত গোলাঘাট জিলাৰ কাকডোঙা কুকুৰাপুহীয়া গাঁৱত। এক সাধাৰণ কৃষক পৰিয়ালত জন্ম লাভ কৰা বৰাৰ জীৱন দুৰাৰোগ্য বাত বিষত আক্ৰান্ত হৈ যৌৱনৰ ফুল মৰহি অহাত জীৱনৰ মোহভংগ ঘটিছিল। কিন্তু তীক্ষ® মনৰ অধিকাৰী অথচ স্থিতপ্ৰজ্ঞী এইজন ব্যক্তিয়ে জীৱনটোক কোনো ক্ষণতেই পঙ্গু বুলি নাভাৱিলে। মাতৃৰ আদৰ্শৰে অনুপ্ৰণিত হোৱা তৃতীয় শ্ৰেণীৰ পৰাই সুন্দৰকৈ কীত্তৰ্ন-ভাগৱত অধ্যয়ন কৰি তাৰ উপদেশ আৰু সৎ বাণী সমূহ গ্ৰহণ কৰিছিল। যি তেঁওৰ যন্ত্ৰনাময় জীৱনত মন্ত্ৰপুত হিচাপে শক্তি যোগাইছিল। তেওঁ বিশ্বাস কৰিছিল কীৰ্ত্তনৰ এষাৰ কথা……….

 

‘দুৰ্লভ মনুষ্য জন্ম পাইলা কত ভাইগে

দুৰ্লভ মনুষ্য জন্ম নকৰা বিফ ল’।

 

মনুষ্য জীৱনৰ সাৰ্থকতা উপলদ্ধি কৰা বৰাৰ জীৱন চকৰিৰ সোঁত অন্য এক জগতলৈ ধাবিত হ’ল। সেয়াই হ’ল তেওঁৰ কবিত্ব জীৱন। ৰোগস্থ  জীৱনৰ বিষময় ঢৌবোৰ মন সাগৰত কাব্যিক অনুৰণৰ ঢৌ ফুটিবলৈ ধৰিলে তীক্ষ® মেধাসম্পন্ন কবিয়ে এই ঢৌবোৰ চিয়াহীৰে কাব্যিক ৰূপ দিবলৈ ধৰিলে।সত্তৰ দশকত প্ৰতিশীল কবি হিচাপে আত্মপ্ৰকাশ কৰা কবিয়ে আহত যৌৱনৰ হুমনিয়াহ বোৰকো হৃদয়ৰ চিয়াঁহীৰে ধৰি ৰাখে।

কবি সমাজ সচেতন। সমাজৰ অন্যায়-অত্যাচাৰ, শোষক-শাসকৰ স্বৈৰা-চাৰিতা তথা হত্যা -হিংসাত দগ্ধ সমাজ হিতাৰ্থে কবিৰ কলমত ন ন কবিতাৰ সৃষ্টি হৈছিল। সেই কবিতাত কবিৰ আঙ্গিক শৈলী হিচাপে গ্ৰাম্য ভাষাৰ সৰল শব্দৰ প্ৰয়োগ কবিৰ বাবে নতুন মাত্ৰা আছিল।

কবি কৃতিঃ ৰসোত্তীৰ্ণ- অনুৰ¸সোত্তীৰ্ণ কবিতাৰ মাজেৰে তেখেতৰ দুখন কবিতা পুথি প্ৰকাশ পাইছে। এই দুখন কবিতা গ্ৰন্থতেই কবি বৰাৰ কবিত্ব শক্তি উমান পাব পাৰি । ১৯৯১ চনত গল্পকাৰ তথা শিশু সাহিত্যিক ফুলেন কুমাৰ বৰাৰ যূুটীয়া প্ৰচেষ্টাত ‘জোনাকৰ গীত গোৱা বাঁহীটো’ প্ৰকাশ হয়। বিশিষ্ট সমালোচক ডঃ প্ৰহলাদ কুমাৰ বৰুৱাই  ‘তোমাৰ স’তে মই’ কবি বৰাৰ কবিতাটো ‘কবিতাৰ সৌৰভ’ নামৰ তেখেতৰ ক বিতাৰ সমালোচনামূলক গ্ৰন্থত সন্নিবিষ্ঠ কৰে। উক্ত গ্ৰন্থত ডঃ বৰুৱাই ‘অসমীয়া আধুনিক কবিতাত গ্ৰাম্য জীৱনৰ চিত্ৰ ’ শীষৰ্ত প্ৰৱন্ধত গ্ৰাম্য পৰশা ছবি এখন আঁকিছে বুলি মন্তব্য কৰিছে। কবিতাটোৰ এছোৱা এনে ধৰণৰ –

তোমাৰ সতে মই

‘তোমাৰ সতে মই

মন খুলি দু আষাৰ ক থা পাতিলোঁ

চ’তালি ৰ’দত চিৰাল ফাঁট মেলা

মোৰ নিঠৰুৱা পথাৰলে’

হুৰহুৰাই নামি আহিল

ব’হাগৰ প্ৰথমজাক বৰষুণ

মাহ হালধি সনা গৰুজাক

নেজ দাঙি দৌৰিলে

কুলিজনীৰ কণ্ঠ ফাটি

ওলাই আহিল এজোলোকা মৌ

মেনী ম’হৰ শিং আৰু

কপিলী গাইৰ চালৰ বেবনিত…….

সচাঁই স্বীকাৰ কৰিব লাগিব যে কবি বৰাই গ্ৰাম্য ভাৱ- ভাষা আৰু শব্দক আঁচফুল বাছি আপোন কৰি লৈছে। কবি বৰাৰ সেই সময়ৰ সমাজখন আৰ্থিক ভাৱে অতিশয় কোঙা আছিল। শিক্ষা সংস্কৃতি, ৰাস্তা-ঘাট, বিজুলী,স্বাস্থ্য আদিত পঁয়া লগা ছবি এখন আছিল। প্ৰগতিয়ে সমাজ আৰু  দেশৰ বাৰ্তা আনিব এই  আপ্তবাক্যত বিশ্বাসী কবিয়ে কবিতাত এই বাণী দিয়াই নহয়। বামপন্থী ভাৱধাৰাটোক আকোঁৱালি কমিউনিষ্ট পাৰ্টিত যোগ দিছিল।

সেয়ে বৰাৰ সেই সময়ৰ জেষ্ঠ কণিষ্ঠ তথা সতীৰ্থকাণ্ডৰীৰে মিনিত হৈ কুকুৰাপুহীয়াক সমাজ-সংস্কৃতি, শিক্ষা, ধৰ্মীয় দিশত আগুৱাই নিয়াৰ বাবে অহোপুৰোষাৰ্থ কৰিছিল । ইয়াৰ ফলশ্ৰুতিত ইবোৰৰ বোকোচাত ঠন ধৰি উঠা শংকৰজ্যোতি ৰংগমঞ্চ, নৱপ্ৰজন্মক প্ৰগতিৰ পোহৰ দিলে। এয়াইনে-হেমাঙ্গ বিশ্বাসৰ সেইযেন কুল খুড়াৰ চোতাললৈ ৰূপান্তৰ কৰিছিল আপোন ঘৰখন। য’ত কবিতাৰ মজলিচ চলিছিল দোভাগ নিশালৈকে।উদ্দেশ্য আছিল এচাম কবি সাহিত্যিক সৃষ্টি কৰা । সময় বাগৰিল বহুজন কবি সাহিত্যিক এই ছয় ছাঁয়াত জীপ লৈছিল যদিও অমিয়া জোকাৰ হিচাপে কাকডোঙাৰ বিশিষ্ট কবি গল্পকাৰ ও শিশু সাহিত্যিক ফুলেন কুমাৰ বৰাহে অসমীয়া সাহিত্য জগতত চিনাকী হৈ ৰ’ল।

যিকি নহওক ‘জোনাকৰ গীত গোৱা বাহীটো’ সৰ্ম্পকত যশস্বী কবি সমালোচক ৰবীন্দ্ৰ বৰাই কৈছে- সংকলন খনৰ আন গৰাকী কবি ইন্দ্ৰেশ্বৰ বৰাৰ প্ৰগতিশীল ভাৱধাৰাৰ কবিতা সমূহত সামাজিক চেতনা বোধৰ প্ৰছুৰতা জিলিকি আছে।…..ৰাজনীতি, সমাজনীতিৰ আচহুৱা কথাবোৰৰ প্ৰতি কচাক্ষপাত কৰি ক বিয়ে লিখিছে- তেওঁলোকৰ কলিজাত টোপাটোপে জীয়া তেজ (মোৰ কবিতা)।

শোষণমুক্ত সমাজৰ বিপক্ষে থিয় দিবলৈ দলিত পীড়িত সকলক আহবান জনাইছে- ব’লা আমি যাওঁ সিহঁতক লৈ আহো ৰ’দলে। (মুক্তি বাবে) আৰু এনে অনেক প্ৰগতিশীল ভাৱধাৰাৰ কবিতা সংকলন খনিত আছে। প্ৰয়াত বিশিষ্ঠ প্ৰগতিশীল কবি পুতুল হাজৰিকাই কৈছে- ‘সংকলনটোৰ প্ৰায় সকলোখিনি কবিতাৰ মূল বিষয় সমসাময়িক সমাজ জীৱনৰ লগত সংপৃক্ত।    বিপ্লৱপৰ মাধ্যমেৰে শোষণ – নিষ্পেষনক জৰ্জৰিত সমাজখনৰ এক আমূল পৰিবMÇন বিচাৰিছে কবিদ্বয়ে’। ……সামাজিক চেতনাবোধ দুয়োগৰাকী কবিৰ কবিতাত মূৰ্ত্তমান হোৱা লক্ষণীয়।

‘আজিৰ বাতৰি’ত (১ ফেব্ৰু’ ১৯৯৬) দেৱব্ৰত শৰ্মাৰ সমালোচনা আছিল নিৰ্মোহ – ‘ইন্দ্ৰেশ্বৰ বৰাৰ কবিতাবোৰৰ ভিৰতৰ ৫ টা বিভিন্ন ব্যক্তিলৈ উৎসৰ্গিত। স্বাভাৱিকতে সিবোৰত ব্যক্তিগত সম্পৰ্কই প্ৰাধান্য পাইছে। পাছে বিশেষৰ পৰা সাধাৰণী কৰণৰ প্ৰচেষ্টাও আমি সিবোৰত লক্ষ্য কৰিছো।…….সাম্প্ৰতিক কবিতা আৰু বিকলাংগ সময়’। পঠনীয় হৈছে।

অৱশ্য কিছু কবিতাত আধুনিক কবিতাৰ স্বৰূপটো ফুটী উঠাত দুৰ্বল নোহোৱা  নহয়। সকলো কবিৰ কবিতাটো এনে ঋণাত্মক দোষ দুষ্টমান কবিৰ ১৯৯৯ চনত প্ৰকাশ হোৱা স্বসংকলন – আত্মকথা আৰু অনান্য কবিতা।       য’ত ব্যক্তিগত জীৱনৰ আহত ছবি এখন ফুটি উঠিছে । জীৱনক পঙ্গুময়তাৰ পোকে বিপযৰ্্যস্ত কৰি তোলা আহত যৌৱনৰ বিননি তেওঁৰ কবিতা সমূহত ধবনিত হৈছে।

কথা – কেতিয়াবা মোৰ প্ৰতিটো  মুহুৰ্ত্তই –

ব’ব নোৱাৰা ভাৰ । (আত্মাকথা ছয়)

আকৌ- শৈশৱ পদূলি পাৰ হৈ ভৰি দিলো যৌবোনোদ্যানত

ভৰিৰ ফালৰ পৰা

মোক গিলিব ধৰিলে

অদৃশ্য অজগৰে

দেহা মোৰ পঙ্গুতাৰ কামোৰত। (আত্মকথা ন)

এনেদৰে তেওঁৰ আত্মকথা শীৰ্ষক কবিতাখিনি ১০ টা অনুেচ্ছদত ভাগ কৰিছে। ‘কবিতা’ নামৰ কবিতাখিনিত কৰিব বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ আঁচোৰ পৰিস্ফুট। য’ত সমাজ আৰু দেশখনক কোঙা কৰি অহা দৃশ্যই কবিক ব্যথিত কৰি তুলিছে। তেজ তগবগাই ফঠা  কবিয়ে সেইসকল শোষক দালালহঁতৰ বিৰুদ্ধে হুংকাৰ উঠিছে। তেওশ্ৰী সাম্প্ৰতিক সময়ৰ ছবি দেছিও ভীতিগ্ৰস্থ হৈছে। দৃষ্টান্ত হিচাপে – এতিয়া

কোনে ক’ব কি সময়

এতিয়া সময় দুদ্ধোৰ্য তমোময়’।

(সময় সংবাদ)

‘মাতৃত্ব’ এটা তেওঁৰ উল্লেখযোগ্য কবিতা । প্ৰাঞ্জল ভাষা আৰু সুন্দৰ চিত্ৰকল্প সমাহাৰে কবিতাটোক অনন্য মাত্ৰা দিছে।

‘হতাশাৰ আন্ধাৰ গৰ্ভত

ক্ৰমে ক্ৰমে বাঢ়ে

আশা ভ্ৰু¸ণ জোনাকী

যেনে তেনে পাৰ কৰো

দুখৰ দহমাহ।’

আকৌ কবিতাত আধুনিক পোছাক এটাৰ সুন্দৰ সমাহাৰ এই কবিতাটো মন কৰিব লগীয়া।

পোহৰ আমাৰ মৰিচীকা

কাৰ ইমান দৰদী হিয়া

শিলৰ আন্ধাৰ ফালি

আমাক লৈ যাবহি তেওঁক কাষলৈ

ৰূপালী পোছাক পিন্ধাই। (শিলৰ আন্ধাৰ ফালি)

মুঠৰ ওপৰত ‘সংক লনখনিত সন্নিবিষ্ঠ কবিতা কেইটি তেওঁৰ শিক্ষাগত অৰ্হতাৰ ফালৰ পৰা নিমজ ভাষাৰে কাব্যিক ৰূপান্তৰ সাধাৰণ পাঠকেও বুজি পাব। দুৰ্বোধ্যতা নাই। ইয়াতেই তেঁওৰ কবিত্ব গুণ প্ৰকাশ পাইছে বুলিব পাৰি। (দৈনিক অগ্ৰদূত ১৯ এপ্ৰিল ১৯৯৯ চন) (সমীক্ষাটি এই লেখকৰ আছিল)।

সাহিত্য কৃতীঃ সাহিত্য কৃতী প্ৰসংগৰ ক্ষেত্ৰত সাহিত্যৰ ফচ ল গৰিষ্ঠ সংখ্যাক হ’লেহে তাৰ গুণগুণ বিচাৰ কৰাতো যুগুত। কিন্তু বৰা দেৱৰ গদ্য  সাহিত্যৰ ফচল প্ৰকাশিত হিচাপে একেবাৰে নূন্যতম। য’ত প্ৰকাশিত গদ্যৰ এখন সংকলনো সাহিত্যত সংযোজন হোৱা নাই। কিন্তু এই সাহিত্য কৃতীৰ অৱতাৰনা ক’ত· মই ভাৱো অৱতাৰনাৰ যুক্তি আছে। এইজনা সাহিত্যিকৰ প্ৰকাশিত গদ্য সম্ভাৰতকৈ অপ্ৰকাশিত সম্ভাৰ বহুখিনি আছে। কবিতাৰ সমানে গদ্য চৰ্চা কৰিছিল যদিও গদ্য প্ৰকাশৰ তাগিদাটো নীৰৱ আছিল। (তাতে তেওঁৰ হাতেৰে লিখিব নোৱাৰা শক্তি) জীৱনৰ দুখ যন্ত্ৰনাবোৰ কবিতাৰ সূক্ষ্মকলাৰে যিদৰে উপস্থাপন কৰি পাঠকৰ কাষ চপাই নিব পাৰি গদ্যত সেই কলাবোৰ কিছু ক্ষেত্ৰত দুৰূহ হৈ পৰে। কিন্তু আমি ক’ব লাগিব তেওঁ ৰ প্ৰকাশিত সৰু বৰ প্ৰৱন্ধ, নিবন্ধ আৰু কাকডোঙাৰ ইতিহাস সম্বলিত ৰচনাখন (যি খন প্ৰথম পুৰুষত বৰ্ণনা কৰা হৈছে) কোনো সদাশয় গ্ৰন্থ প্ৰকাশক আগবাঢ়ি আহি প্ৰকাশৰ ব্যৱস্থা কৰিলে সাহিত্যিক গুণটো উন্মোচিত হৈ পৰিব ।

এইখিনিতে তেখেতৰ সাহিত্য কৃতীৰ দুটামান নমুনা দাঙি ধৰিব খুজিছো । অসম সাহিত্য সভাৰ দেৰগাওঁ অধিবেশন উপলক্ষে সঞ্জয় কুমাৰ হাজৰিকাৰ সম্পাদনাত সংবাদ সেৱাৰ ওপৰত ‘চতুৰ্থ স্তম্ভ’ নামৰ এখনি আপুৰুগীয়া গ্ৰন্থ প্ৰকাশ হয়। উক্ত গ্ৰন্থত বৰা দেৱৰ ‘সংবাদ সেৱা আৰু সাংবাদিকৰ সামাজিক ভূমিকা কেনে হোৱা উচিত তাৰ এটা সম্যক আলোচনা দাঙি ধৰে। তদুপৰি ‘কাকডোঙাৰ’ পৰা প্ৰকাশিত ‘সমন্বয়’ আলোচনীত ছোৱা ছোৱাকৈ প্ৰকাশ হোৱা তেখেতৰ ‘মই কাকডোঙাই কৈছো ’ কাকডোঙাৰ এক বাস্তব দলিল বুলি আখ্যা দিব পাৰি। তাহিনি আহোম ৰাজত্ব কালৰ শাসনৰ ছাঁ পৰা এই অঞ্চলৰ ইতিহাস ইয়াৰ সামাজিক পটভূমি ৰাজনৈতিক আৰু আৰ্থ গাঁথনিকে ধৰি সামাজিক পৰিবেশ বৰ্ণন এজন দক্ষ গ্ৰন্থকাৰৰহে সম্ভৱ । বিশিষ্ট বামপন্থী তিন্তাধাৰাৰ বুদ্ধিজীৱি লেখক হীৰেণ গগৈদেৱে মাত্ৰ দুটি প্ৰৱন্ধৰ ওপৰিউক্ত আৰু আনটো ‘পাহৰনিৰ বুকুত জোনাকী খবৰ ’ ৰ ওপৰত চকু পৰিয়েই এষাৰ তাৎপযৰ্্যপূৰ্ণ মন্তব্য কৰিছিল – দুয়োটা প্ৰৱন্ধৰে গদ্য অত্যন্ত পৰিশীলিত আৰু সু-সংবদ্ধ। গদ্যৰ অনুশীলন চলাই থকা হ’লে বৰাদেৱে এজন খ্যাতিমান গদ্যকাৰো হ’ব পাৰিলেহেন।

এই ক্ষেত্ৰত  বিশিষ্ট কবি অজিৎ গগৈদেৱৰো এষাৰ কথা প্ৰণিধান যোগ্য। ‘শৰিৰীক প্ৰতিবন্ধকতাই মানুহক কেতিয়াও আশাগত কৰিব নোৱাৰে যদিহে ব্যক্তিজনৰ থাকে প্ৰচণ্ড এক জীৱনবোধ আৰু জীৱনশক্তি। কাব্যিক সাধনাৰ ওপৰত মন্তব্য কৰিলেও এই কথাষাৰে তেওঁৰ গদ্য সাহিত ্যৰ ক্ষেত্ৰতো প্ৰযোজ্য ঘটিচে। প্ৰচণ্ড জীৱনবোধ থকাৰ বাবে তেওঁ নিবন্ধবোৰত সামাজিক চেতনাবোধ সূক্ষ্মভাৱত পৰিশীলিত ভাষাত প্ৰতিবিম্বিত হৈছে।

আমি তাৰ দৃষ্টান্ত তলৰ গদ্যফাঁকিৰে লক্ষ্য কৰোঁহক। “আহোম ৰাজত্বকালত মোৰ ইয়াত চেগা-চোৰোঙাকৈ হ’লেও মানুহে বাস কৰিবলৈ আৰম্ভ কৰিছিল। উক্ত বাৰীতে ‘মহিমা’ নামৰ ৰজাৰ ছোৱালী এজনীৰ বাসস্থান আছিল বুলি শুনা যায়।” (  মই কাকডোঙাই কৈছো) ইয়াত আহোম ৰাজত্বৰ ইতিহাস সম্বলিত তথ্য পোৱা যায়। তদুপৰি সু- সমাহিত গদ্যৰ ভাৱ-ভাষা ই কাব্যিক ব্যঞ্জণা সৃষ্টি কৰিছে  অতুলনীয় ৰূপত। ইয়াৰ দৃষ্টান্ত চাওক – ৰ’দে ধোৱা ধূসৰ পৃথিৱীলৈ নামি আহে জাক জাক বৰষুণ। জান-জুৰি, খাল- বিল উপচি  পৰে পানীৰে। ফেনে ফুটুকাৰে বাঢ়ি আহে নদী। উৰণ, বুৰণ,ভ্ৰমন এই চাৰি মুঠি জীৱৰ আনন্দ মাহ,উৎসৱ হয়। বিল বিলাকত বন হংসৰ কাউলা-কাউলী। মাজৰাতি কুলি-কেতেকীৰ কৰুণ বিননিত বিৰহৰ ভগা বুকু দুগুনে জ্বলে।

উপৰোক্ত গদ্যত গ্ৰাম্য নৈসৰ্গিক-চিত্ৰই সোণত সুৱগা চৰাইছে। স্বৰূপাৰ্থত কবি বৰাৰ গদ্য ৰচনাৰ দক্ষতা উপৰোক্ত দৃষ্টান্তৰ পৰাই প্ৰমাণ হয়। অধীক সুখীসমলোচকৰ হাতত থাকিল।

ধৰ্মীয় আৰু সামাজিক জীৱন কৃতীঃ সফল মানৱ সেয়াই যি জীৱনে সমাজক অৰিহনা দিছে। নতুন প্ৰজন্মৰ পথ পদৰ্শক হৈছে। তেওঁৰ আদৰ্শৰে সমাজ সুশৃংখলিত হৈছে। সেইজনা পুৰুষৰ মানৱ জীৱনেই ধন্য। অন্য এক অৰ্থত সমাজৰ আদৰনীয় ব্যক্তিসত্বা। মানৱ সেৱাকে জীৱনৰ লক্ষ্য হিচাপে আকোঁৱালি লোৱা কবি সাহিত্যিক বৰাই গাঁওখনৰ বিভিন্ন সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান সমূহত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল। আনকি ৰাইজৰ সুবিধাৰ্থে ৰাস্তা- ঘাট, খোৱাপানী, শিক্ষানুষ্ঠান উন্নয়ণ কৰ্মৰ সহযাত্ৰী আছিল। এই কৰ্ম সমূহত গাওঁৰ জেষ্ঠ্য-কণিষ্ঠ আৰু সতীৰ্থ সকলৰ পৰিশ্ৰম বিভিন্ন সভাৰ ভাষþণাৱলীত সহৃদয়কতাৰে শলাগ লৈছে। সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰা থকা গাওঁখনত ঢোল-খোলৰ সাধকো জন্ম হৈছে। আনকি নাট্য আন্দোলনে সমগ্ৰ অসমত গঢ় লোৱা সময়তে কাকডোঙা অঞ্চলটো ইয়াৰ প্ৰভাৱ পৰিছিল। নাট মঞ্চস্থও হৈছিল । ৰাইজৰ প্ৰশংসাও বুটলিছিল। তাৰউপৰি গাওঁৰে নামঘৰত এবাৰ বৰাদেৱে নিজে ‘উষা’ চৰিত্ৰত অভিনয় কৰিছিল ইয়াৰ মূলতঃ গাওঁখনত সতলো দিশত আগবঢ়াই নিয়াত যি সকল জেষ্ঠ্য- কণিষ্ঠ কাণ্ডাৰী আছিল তাৰেই ফলশ্ৰুতিত অনুষ্ঠান প্ৰতিষ্ঠান সমূহে ঠন ধৰি গাওঁখনৰ উত্তৰ প্ৰজনjলে পথ প্ৰসস্ত কৰিছিল । বিশেষকৈ ‘উত্তৰণ’ , সাহিত্যগোষ্ঠী,উত্তৰণ আলোচনী, নৱজাগৰণ পুথিভৰাল, শংকৰ বিষু্ণ ৰংগমঞ্চ, কাকডোঙা কাব্য পত্ৰিকা প্ৰকাশে সাহিত্যনিষ্ঠা আৰু সমাজসেৱা নিদৰ্শন প্ৰকাশ পাইছিল। গাওঁখনৰ বিভিন্নজন শোভাকাংখীৰ সহযোগ থকাৰ উপৰিও তেওঁৰ কণিষ্ঠ ভাতৃ সহেন্দ্ৰ নাথ বৰা আৰু ফুলেন কুমাৰ বৰাৰো অৰিহনা আছিল। এক কথাত সমাজৰ উন্নতিৰকল্পে চিন্তা কৰা এইজন সুধী ব্যক্তিক গাঁৱৰ গুণীসকলে বিনাদ্বিধাই সামাজিক আৰু ধৰ্মীয় বাব দিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

বিভিন্ন দল-সংগঠনে বৰাক সম্বৰ্ধনা জনোৱাত তেওঁৰ বাধাগ্ৰস্ত জীৱনটো ধন্য হৈছে বুলি ভাৱো। তাৰে ভিতৰত- (ক) কাকডোঙা জেষ্ঠ্য নাগৰিক মঞ্চৰ সৌজন্যত সম্বৰ্ধনা । (খ) নান্দনিক সাহিত্য সংস্কৃতি গোষ্ঠী, গোলাঘাট।(গ) উত্তৰ-পূৱ গোলাঘাট কবি সন্মিলনৰ সম্বৰ্ধনা। (ঘ) কুকুৰাপুহীয়া গাওঁ পৰিচালনা সমিতিৰ সম্বৰ্ধনা। (ঙ) অসম সাহিত্য সভাৰ আজীৱন সদস্যপদৰ সন্মান আদি।

পুনশ্চঃ এই ছেগতে আমি কাকডোঙাৰ কুকুৰাপুহীয়া সুধী সমাজক অনুৰোধ কৰিম জীৱন মৌ-ৰস পান কৰিবলৈ নাপালে যদিও সমাজ আৰু ¸মানৱ সেৱাৰে তেওঁৰ জীৱন ধন্য কৰিলে। সেইজন ব্যক্তিৰ অপ্ৰকাশিত লেখা সমূহ একত্ৰে প্ৰকাশৰ ব্যৱস্থা কৰি তেওঁক সন্মন যচা হওক। অৱশ্যে ৬ এপ্ৰিল ২০১৬ চনত কুকুৰাপুহীয়া সুধী সমাজৰ সহাঁৰিতে এসত্তৰতম জন্ম  দিৱসটি ‘ আহত যৌৱন ফুল ফুলিল এপাহ বিয়পাই সমাজ সুবাস ’( সম্পাদনা শৰৎ হাজৰিকা) অভিনন্দন গ্ৰন্থৰে সঠিক সন্মান যাচিবলৈ পাই তেখেতসকলৰ লগতে এই  অভাজনেওস সুখী অনুভৱ কৰিছো । কবি ইন্দ্ৰেশ্বৰ বৰাৰ মণিকুঠৰীক হৃদয়ংগম কৰা তেওঁক কণিষ্ঠ ভাতৃ শ্ৰদ্ধাৰ মহেন্দ্ৰ নাথ বৰাদেৱক ধন্যবাদ যাচিছো। তেওঁৰ অকনি সহানুভুতি অবিহনে পাঠক সমাজৰ বাবে আজিও অজ্ঞাত হৈ ৰ’ল হেঁতেন। এইজন কবি সাহিত্যকৰ ঘৰখনৰ সতে ঘৰুৱা সৰ্ম্পক ঘটাৰ পাছত তেওঁক সকলো দিশতে অসহায় অনুভৱ কৰিবলৈ নিদি স্নেহ পৰশত আপদাল কৰি ৰখা আত্মীয় ঘৰখনৰ সকলো সদস্যকে অভিবাদন যাচিছোঁ। মানৱ সেৱাৰ পৰিচয় ইয়াতেই ফুটি উছিছে। অস্পৃশ্যতা নথকা এইখন ঘৰক মোৰ হৃদয়েও অভিনন্দন যাচিছোঁ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here