নাগৰিকৰ চিন্তাঃঃ অসমত এটি নতুন আঞ্চলিক দল আৰু বিশ্বাসযোগ্য দক্ষ নেতা

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰু চীন – ভাৰতৰ যুদ্ধৰ সংকট কালৰ সময়তো অসমত আগন্ত্তক বিধান সভাৰ নিৰ্বাচনৰ (২০২১)প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী কুচকাৱাজ চলাই থকা দেখা গৈছে। বিভিন্ন ৰাজনৈতিক দল, সংগঠনে পৰোক্ষ তথা প্ৰত্যক্ষ ভাৱে নিৰ্বাচনী যুজৰ আখৰা চলাই থকা পৰিলক্ষিত হৈছে। বিজেপি দলে আনুষ্ঠানিক ভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা বুলি ঘোষণা কৰিছে আৰু সেইমতে প্ৰচাৰত অগ্ৰসৰ হৈছে। সেইদৰে অন্যান্য দলেও…. আগবাঢ়িছে। মূল দল কংগ্ৰেছ আৰু বিজেপিৰ উপৰিও অন্যান্য বহু সংগঠনে সুকীয়াকৈ আঞ্চলিক দল গঠন কৰাৰ পোষকতা কৰি ইতিমধ্যে নতুন দল গঠন কৰিছে। অজিত ভুঞা আৰু অৰূপ বৰবৰাৰ দৰে বহুতেই দল খুলিছে।সদৌ অসম ছাত্ৰ সন্থাই নতুন দল খুলিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে। সেইদৰে অখিল গগৈৰ নেতৃত্বতো আন এটা দল গঠন কৰিব। মুঠতে বহু কেইজন ব্যক্তিয়ে ২০২১ৰ নিৰ্বাচনী যুজত অৱতীৰ্ণ হোৱাৰ মানসিকতাৰে নতুন নতুন আঞ্চলিক দল খোলাৰ মন মেলিছে। বিজেপি বিৰোধী সকলোকে এক গোট হৈ যুজাৰ বাবে কংগ্ৰেছে আহ্বান জনাইছে। একাংশ বুদ্ধিজীৱিয়ে ৰাজ্যত এক শক্তিশালী আঞ্চলিক দলৰ প্ৰয়োজন আছে বুলি বাৰ্তা প্ৰেৰণ কৰি বিভিন্ন বাতৰি কাকতত নিবন্ধ লিখি অসমৰ ৰাইজক আহ্বান জনাইছে। বৰ্তমানৰ সময়ছোৱাত এনেধৰণৰ এক উত্তেজনাময় ৰাজনীতিৰ পৰিবেশ বিৰাজমান।অসমৰ আঞ্চলিক দল বুলিলে অসম জাতীয়তাবাদী দল আৰু পুৰ্বাঞ্চলীয় লোক পৰিষদ দল দুটিকে জনা গৈছিল। বিধান সভাৰ নিৰ্বাচনত বিশেষ সফলতা লাভ কৰিব পৰা নাছিল যদিও এই দুয়োটা দলেই অসমত আঞ্চলিকতাবাদৰ বুনিয়াদ আৰম্ভ কৰিছিল।

অসমৰ পৰা অবৈধ বিদেশী নাগৰিক বহিস্কাৰ আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ চনত আঞ্চলিক দল অগপ গঠন হৈছিল আৰু বিধান সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ সৰ্ববৃহৎ বিধায়নী দল হিচাপে বিজয়ী হৈছিল। সংখ্যা গৰিষ্ঠতাৰ অভাৱত অন্যান্য বিধায়কৰ সহযোগতহে অগপই চৰকাৰ গঠন কৰিছিল। অভূতপূৰ্ব জন সমৰ্থনেৰেও অগপই সংখ্যা গৰিষ্ঠ বিধায়নী দল হিচাপে চৰকাৰ গঠন কৰিব পৰা নাছিল। আঞ্চলিক দল অগপই গঠন কৰা চৰকাৰৰ নিৰ্বাচিত সদস্য সকলৰ একমাত্ৰ যোগ্যতা আছিল অসমী আইক অবৈধ বিদেশী নাগৰিকৰ পৰা মুক্ত কৰিবলৈ কৰা আন্দোলনৰ গইনা লৈ ৰাইজক দেখুওৱা মানসিকতা৷ছাত্ৰাৱস্থাৰ পৰা পোনে পোনে ৰাজনীতিলৈ অহা সেইসকল নেতাৰ থাকিব লগীয়া প্ৰয়োজনীয় ৰাজনীতিৰ জ্ঞান নাছিল। তদুপৰি ৰাজনীিতি শিকিবলৈ নাপাওতেই ক্ষমতালোভ আৰু স্বাৰ্থপৰতাই দলটোৰ একতা বিনষ্ট হৈছিল যাৰ ফলত প্ৰত্যেকৰে সভাপতি/মুখ্যমন্ত্ৰী হোৱাৰ মানসিকতাৰে নতুন নতুন দল গঠন কৰি পৰবৰ্তী বিধান সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু স্বাভাৱিকভাৱেই দলে মুখ ঠেকেচা খাইছিল। আঞ্চলিকতাবাদৰ ওপৰত থকা বিশ্বাসযোগ্যতা সমুলি শেষ হৈছিল- দ্বিতীয় বাৰ অগপই চৰকাৰ গঠন কৰাৰ পিছৰ (১৯৯৬-২০০১) সময়ছোৱাত। প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনক অসমৰ মানুহে যিধৰণৰ মৰমচেনেহ, সন্মান আৰু বিশ্বাস কৰিছিল, তেনে উদাহৰণ বিশ্বৰ কৰবাত আছেনে নাই নাজানো৷ কিন্তু তেওঁলোকে তাৰ প্ৰতিদান অসমৰ ৰাইজক দিব পৰা নাছিল। সেই সময়ত অসমৰ ৰাজনীতিত সবল আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ বাবে সুবৰ্ণ সুযোগ আহিছিল। হয়তো অদূৰ ভৱিষ্যতে সেই সুযোগ অসমৰ ৰাইজে পাবনে নাই, কোনেও ঠিৰাং কৈ কব নোৱাৰে।

বৰ্তমান (২০১৬) ১২৬ টা বিধান সভা সমষ্টিত বিধায়কৰ সংখ্যা কোনোমতে দুটি অংকৰ সংখ্যাৰ ঘৰ চুইছিল। সেয়াও বিজেপি দলৰ সৈতে আসন বুজাপৰা কৰা বাবেহে। অন্যথাই সেয়াও সম্ভৱ নহলহেতেন। থুলমুলকৈ এয়াই অসমৰ আঞ্চলিকতাবাদৰ উত্থান- পতন। স্বাৰ্থপৰতা, সুবিধাবাদ আৰু ক্ষমতালোভী চৰিত্ৰৰ বাবে অসমৰ বেছি ভাগ মানুহৰ সমৰ্থন থকা স্বত্বেও অগপ দলৰ আজি এই নিশকতীয়া অৱস্থা। “শক্তি চাই ভক্তি” হোৱাৰ দৰে অগপই বিজেপিৰ সৈতে বুজা পৰা কৰা পৰিপক্ক ৰাজনীতিৰ এক সু সিদ্ধান্ত আছিল। যাৰ দ্বাৰা দলটোৱে হেৰাই যোৱা জীৱন ঘুৰাই পালে। সাম্প্ৰতিক সময়ত অসমৰ আঞ্চলিকতাবাদ দুৰদৰ্শনৰ মজিয়াত আৰু বাতৰি কাকতৰ দুই এটা নিৱন্ধতহে জীয়াই আছে। বৰ্তমান সময়ত এনে কোনো বিশ্বাসযোগ্য দক্ষ নেতা নাই যিয়ে অসমত এটা নতুন শক্তিশালী আঞ্চলিক দল গঠন কৰি চৰকাৰ গঠন কৰিব পাৰিব। আজিৰ তাৰিখতো আঞ্চলিকতাবাদক আন্তৰিকতাৰে বিশ্বাস কৰা ব্যক্তিসকলে নিশ্চয় মনত দুখ পাব। কিন্ত্তু এয়াই সঁচা কথা। দুৰদৰ্শনৰ মজিয়াত কেইজনমান ব্যক্তিয়ে নতুন আঞ্চলিক দল গঠনৰ সপক্ষে পৰামৰ্শ দিয়া আৰু নিৰ্বাচন খেলি নিৰ্বাচনত জয় লাভ কৰা একে কথা নহয়।

দক্ষ আৰু বিশ্বাসযোগ্য নেতৃত্বইহে এটি ৰাজনৈতিক দলক লক্ষ্য প্ৰাপ্তিৰ দিশত সঠিকভাৱে আগুৱাই লৈ যাব পাৰে। উদাহৰণ স্বৰূপে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দল, হিমন্ত বিশ্ব শৰ্মা বিহীন কংগ্ৰেছ দলৰ নিশকতীয়া অৱস্থা, অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপ দল, জৌতিবসুৰ নেতৃত্বত বংগৰ চিপিএম দল, জ্যোতিবসুবিহীন বংগৰ চিপিএম দলৰ দুৰাৱস্থা, মমতাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছ, জয়াললিতাৰ নেতৃত্বত এআইএ দিএমকে দল….. ইত্যাদি। অসমত নতুনকৈ শক্তিশালী আঞ্চলিক দল গঠন কৰিবলৈ তেনে দক্ষ নেতাৰ প্ৰয়োজন যিটো ষ্পষ্ট ৰূপত অভাৱ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত অসমত যিমানবোৰ নেতা আছে সিমানবোৰ আঞ্চলিক (নে ব্যক্তিগত) দল গঠন কৰিব পাৰিব কিন্ত্তু নিৰ্বাচন জিকিবলৈ নহয়। এজন বিশ্বাসযোগ্য দক্ষ শক্তিশালী নেতাৰ পৰিচালনাত এটি নতুন আঞ্চলিক শক্তিশালী দলৰ আৱশ্যকতা নুই কৰিব নোৱাৰি। কিন্ত্তু আজিৰ তাৰিখত তেনে এজন নেতা আমি বিচাৰি পোৱা নাই যাৰ নেতৃত্বত এটা শক্তিশালী আঞ্চলিক দল গঠন কৰিব পাৰি।

সংগঠনৰ নেতৃত্বই সততে পথৰ আন্দোলনৰ কথা নাভাবি, নিৰ্বাচন খেলাৰ কথা নাভাবি অসমী আইৰ প্ৰাপ্য আদায় কৰাৰ কৌশল প্ৰয়োগ কৰাত পৰিপক্কতা দেখুৱালেহে অসমৰ প্ৰতি প্ৰকৃত সেৱা আগবঢ়োৱা হ’ব। আমাৰ কৌশলৰ দ্বাৰা দিল্লী-দিছপুৰৰ একে দলৰ চৰকাৰৰ পৰা পাবলগীয়া আদায় কৰি অন্য এক ৰাজনৈতিক ধাৰা সৃষ্টি কৰা উচিত। সংগঠনবোৰে ৮/১০ টা আঞ্চলিক দল খোলাতকৈ অসমৰ ৰাইজৰ স্বাৱলম্বনৰ পথ প্ৰদৰ্শক হওঁক। “অসমীয়া জাতি এটি শক্তিশালী জাতি” – এই কথা কেতিয়াও পাহৰিব নালাগে। “আহ ঐ আহ”- বুলিলে ৰাজ্যৰ যুৱক-যুৱতীসকল ওলাই অহাৰ দৰে, “আহ ঐ আহ” বুলিলে কামলৈ ওলাই আহক, পথাৰলৈ ওলাই আহক-বুলি আহ্বান কৰক। যুৱক-যুৱতীসকলক উৎসাহিত তথা সহায় কৰিবলৈ চৰকাৰক হেঁচা দিয়ক। এয়াই আমাৰ শ্ৰেষ্ঠ শ্ল’গান হওক। আমাৰ স্বাৰ্থ-অসমী আইৰ উন্নতি। আমি যি দলতে নাথাকো কিয়, আমাৰ মানসিকতা অসমৰআঞ্চলিক চিন্তাৰে আগবঢ়াটোৱেই হ’ব এই সময়ৰ সঠিক সিদ্ধান্ত। এজন নাগৰিক হিচাপে আজিৰ দিনটোত এয়াই উচিত বুলি ভাবো।

                                                                   -দিবাকৰ শৰ্মা
                                                                     লাৰিকা গ্ৰীনভেলী এপাৰ্টমেন্ট
                                                                      ব্লক ২ ফ্লেট ২০৪
                                                                       আজাৰা, গুৱাহাটী ১৭
                                                                       ফোন-৭০০২১৫৮৪১৮

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here