সাহিত্য সংস্কৃতিৰ ত্ৰানকৰ্তা বিশ্বমহাবীৰ চিলাৰায়

কৰবী সিংহ কোচ

‘শুক্লধ্বজ নৃপতিকো অংকে নিবন্ধিলা। অংকত শ্লোকক কৰি অংক সমাপিলা।।’– এইদৰেই মহাপুৰুষেেজে¸ শংকৰদেৱে তেখেতৰ ৰচনাৰাজিত পদে পদে উল্লেখিত কৰা শুক্লধ্বজেই হ’ল বিশ্ব মহাবীৰ চিলাৰায়। ইতিহাসৰ পাতত চিলাৰায় আৰু মহাপুৰুষ জনাৰ মিলন এক বিৰল পৰিজাগতিক ঘটনা। চিলাৰায়ৰ বাবেই অসমীয়া জাতিৰ স্ৰষ্টা গুৰু শংকৰদেৱে আজিৰ অসমীয়া সাহিত্যৰ ভেঁটি সুদৃঢ় কৰি জাতিটোক একতাৰ দোলৰে বান্ধি থৈ গৈছে। চিলাৰায়ে ফুলবাড়ীত শংকৰদেৱক সংস্থাপন নিদিয়াহেঁতেন আজিৰ অসমীয়াই যি সংস্কৃতিৰ বাবে বুকু ফিন্দাই গৌৰৱ কৰে সেই সংস্কৃতিৰ ৰূপৰেখা হ’য়তো অন্য হ’লহেতেন। সুবিশাল কোচৰাজ্যৰ ৰজা মহাৰাজ নৰনাৰায়ণৰ ভাতৃ সৰ্বাধিনায়ক শুক্লধ্বজ ওৰফে চিলাৰায় আছিল অনন্য প্ৰতিভাৰ গৰাকী; বিশ্ববীৰ গৰাকীৰ এই প্ৰতিভা কেৱল ৰাজনীতি অথবা সামৰিক ক্ষেত্ৰতে সীমিত নাছিল। অপৰিসীম দৈহিক শক্তিসম্পন্ন চিলাৰায় আছিল কৰ্মপটু, দক্ষ সেনাধিনায়ক, দঃসাহসী, ধৰ্মপৰায়ণ, পণ্ডিত, শাস্ত্ৰ বিশাৰদ তথা দিগ্বঞ্জজয়ী বীৰ । সেয়ে বিশ্ববিখ্যাত ইতিহাস বিদ আৰ্ণল্ড টয়নবীয়ে বিশ্ব প্ৰসিদ্ধ মহাবীৰ নেপোলিয়ন বোনাপাৰ্ট আৰু শিৱাজীৰ সৈতে চিলাৰায়ৰ নামো লিপিবদ্ধ কৰি গৈছে। সৰ্বকালৰ শ্ৰেষ্ঠ সেনানায়ক মহাৰাজ নৰনাৰায়ণৰ সোঁহাতস্বৰূপ যুৱৰাজ নামে পৰিচিত চিলাৰায়ৰ নেতৃত্বতে কোচৰাজ্যৰ বিশাল সৈন্যবাহিনীক নৌ আৰু উভয়তে শক্তিশালী ৰূপত সুসংগঠিত কৰি সেই সময়ত সমগ্ৰ উত্তৰপূৱ ভাৰতৰ প্ৰায় সৰু বৰ ৰাজ্যক পৰাভূত কৰি সামৰিক আৰু ৰাজনৈতিক দিশত কোচৰাজ্যক এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিপন্ন কৰিছিল।

মধ্যযুগত গুৰুজনাই অসমত ভক্তি আন্দোলনৰ গুৰি ধৰি প্ৰচাৰ কৰা নৱবৈষ্ণৱ নাম ধৰ্মৰ মাজেৰে সামাজিক সাংস্কৃতিক ক্ষেত্ৰত যি এক বীজ ৰোপণ কৰিছিল সেই বীজেই অংকুৰিত হৈ পুলি পোখা ডাল পাতেৰে আজিৰ জাকত জিলিকা অসমীয়া সংস্কৃতিৰ বৃক্ষডাল। এই বৃক্ষডালক সাৰপানী যোগাইছিল বিশ্ব বীৰ চিলাৰায়ে। সেয়ে চিলাৰায়ক অসমীয়া সংস্কৃতিৰ উদ্ধাৰক ৰক্ষণাবেক্ষক তথা ত্ৰানকৰ্তা বুলিলেও কোনো দ্বিমত নাথাকিব। কোচ ৰাজসভাতে নৰনাৰায়ণ চিলাৰায়ৰ পৃষ্ঠপোষকতাতে শংকৰদেৱে ৰচনা কৰি গৈছিল তেওঁৰ মহত্ত্বম সৃষ্টিৰাজি আৰু পাতনি মেলি দিছিল অসমীয়া সাহিত্যৰ। আহোম ৰাজ্যত গুৰুজনাৰ বিৰুদ্ধাচাৰণ হ’বলৈ ধৰাত সেই ৰাজ্য ত্যাগ কৰি কোচৰাজ্যত পদাৰ্পণ কৰে আৰু পাটবাউসীত নিগাজিকৈ থাকিবলৈ ল’য়।  এই পাটবাউসীতেই দৈৱক্ৰমে চিলাৰায় আৰু মহাপুৰুষজনাৰ সংযোগ ঘটে। তাৰ পৰিপ্ৰেক্ষিততে গুৰুজনাৰ ভাতৃ ৰামৰায়ৰ দুহিতা ভূৱনেশ্বৰীৰ সৈতে চিলাৰায়ৰ বিবাহসূত্ৰ স্থাপন হ’য় । বৰ্তমানো এই ইতিহাসৰ সাক্ষী বহন কৰে অবিভক্ত গোৱালপাৰা জিলাৰ গোলকগঞ্জৰ ৰামৰায় কুঠিয়ে; কাৰণ এই ৰামৰায়ৰ কুঠিতেই সম্পন্ন হৈছিল চিলাৰায় ভূৱনেশ্বৰীৰ বিবাহ। এইদৰে চিলাৰায়ৰ পৰোক্ষ পৃষ্ঠপোষকতা লাভ কৰিও গুৰুজনাই সেই একেই ধৰ্ম বিৰুদ্ধাচাৰণৰ সন্মুখীন হ’বলগীয়া হৈছিল কোচ ৰাজ্যতো। সেয়ে ৰাজৰোষৰ পৰা শংকৰদেৱক বচাই ৰাখিবলৈ পাটবাউসীৰ পৰা সংগোপনে আনি ফুলবাড়ীত লুকাই ৰাখিলে। এইখিনিতে উল্লেখযোগ্য যে চিলাৰায়ে ৰাজৰোষৰ পৰা ৰক্ষা কৰি শংকৰদেৱক সংস্থাপন দিয়া এই ফুলবাড়ীয়েই হ’ল আজিৰ পূৰ্ণাংগ মধুপুৰ সত্ৰ। পৰবৰ্ত্তী সময়ত শংকৰদেৱৰ প্ৰতি চিলাৰায়ৰ আনুগত্য ৰজা নৰনাৰায়ণে বুজি উঠিছিল আৰু নিজ ৰাজসভাতে গুৰুজনাক পৃষ্ঠপোষকতা কৰি কোচৰজাৰ ছত্ৰছায়াত ৰচি গৈছিল অসমীয়া সাহিত্যৰ স্বৰ্ণিল অধ্যায়। কোচ ৰাজ্যতে গুৰুজনে জীৱনৰ শেষৰ কালছোৱা কটায় আৰু ইয়াতেই জীৱনৰ সৰহভাগ গ্ৰন্থ ৰচনা কৰি যায়। শংকৰদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন কীৰ্তনঘোষাখনো এই সময়ৰে ৰচনা। ৰাজসভাত শংকৰদেৱৰ মুখৰ পৰা বিষ্ণু বৈষ্ণৱ বৈকুণ্ঠ বৃন্দাবন বৃত্তান্ত শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ বিৱৰণৰ তন্ন তন্নকৈ শুনিব পাই মহাৰাজ আৰু চিলাৰায়ে সেই দৃশ্য পট কাপোৰত সজাবৰ নিমিত্তেই তৈয়াৰ হৈ উঠিছিল দুই ভাতৃদ্বয়ৰ প্ৰচেষ্টাত অসম গৌৰৱ বিশ্ববিখ্যাত বৃন্দাবনী বস্ত্ৰখন। এই ক্ষেত্ৰত চিলাৰায়ে নৰনাৰায়ণে আছিল গুৰু শংকৰদেৱৰ প্ৰকৃত ৰক্ষণাবেক্ষক; যাৰ ছত্ৰছায়াত অসমীয়া সাহিত্য সংস্কৃতিৰ জনক অসমীয়া জাতিৰ প্ৰাণপুৰুষ শংকৰদেৱে আৰম্ভ কৰিছিল বৃহত্তৰ জাতি গঠনৰ প্ৰক্ৰিয়া। অন্যহাতে অসমবাসীক গৌৰৱান্বিত কৰা আন এক উল্লেখ্য তথা যিয়ে ভাৰতীয় আধ্যাত্মিকতাত গুৰুত্বপূৰ্ণ স্থান হিচাপে বিবেচিত নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰ। চিলাৰায় নৰনাৰায়ণ অবিহনে আজিৰ কামাখ্যা মন্দিৰ পৰিণত হৈ থাকিলহেঁতেন ধ্বংসস্তূপত। কোচৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজা বিশ্বসিংহই পুনঃনিৰ্মান কৰা মন্দিৰটো বিধস্তপ্ৰায় অৱস্থাৰ পৰা সেনাপতি মেঘমকদুমৰ দায়িত্বত কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মান কাৰ্য সম্পন্ন কৰি তোলে। এই কামাখ্যা মন্দিৰেই আজি সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ নাম জিলিকাই তুলিছে এই সম্ভৱ হৈছে একমাত্ৰ কোচ নৃপতি নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায়ৰ বাবে। সেয়ে অসমৰ প্ৰখ্যাত বুৰঞ্জীবিদ ড০ সূৰ্য কুমাৰ ভূঞাদেৱে কৈছিল যে  ‘আজিৰ অসমীয়া গৌৰৱৰ দুটা প্ৰধান বস্তু হৈছে – কামাখ্যা মন্দিৰ যাৰ কাৰণে অসম কামৰূপৰ নাম দিগ দিগন্তত প্ৰচাৰিত আছে , যাৰ কাৰণে ধৰ্মপ্ৰাণ যাত্ৰীসকলে অসমৰ পূণ্যভূমি দৰ্শন কৰি ইয়াৰ শান্ত স্নিগ্ধ সৌন্দৰ্যত মুগ্ধ হৈছে, আৰু দ্বিতীয়তে মহাপুৰুষ শংকৰদেৱৰ যুগত ৰচিত গ্ৰন্থাৱলী যাৰ কাৰণে অসমীয়া অশিক্ষিত মানুহৰ মাজতো ধৰ্ম মোক্ষ কাব্যৰ ত্ৰিবেণীসংগম হৈছে।’ উক্ত দুয়োটা গৌৰৱৰ মূলতে হ’ল কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতা। মুঠতে চিলাৰায় অবিহনে যেন অসমৰ সাহিত্য তথা সংস্কৃতিৰ ইতিহাস হৈ থাকিলহেঁতেন এক আধৰুৱা অধ্যায়।

মহাপুৰুষ শংকৰদেৱক অসমীয়া সাহিত্য সংস্কৃতি ভাষাৰ প্ৰাণপুৰুষ বুলি অভিহিত কৰাৰ ক্ষেত্ৰত আজি সমগ্ৰ অসমীয়া জাতিয়ে চিলাৰায় নৰনাৰায়ণৰ ওচৰত চিৰঋণী সেই একেদৰেই সমগ্ৰ ঘটনাৰ যোগসূত্ৰ স্থাপন কৰা ৰামৰায়ৰ দুহিতা ভূৱনেশ্বৰী ওচৰতো। অসমৰ পৰা পলাই যোৱা গুৰুদেৱজনক যদিহে চিলাৰায়ে সংস্থাপন নিদিলহেঁতেন তেন্তে আজিৰ অসমৰ ইতিহাস বেলেগ ধৰণে লিখিব লগা হ’লহেতেন হ’য়তো পাটবাউসী মাজুলী হৈ থাকিল হ’য় কোনো অজ্ঞাত স্থান। চিলাৰায়ে নিজৰ জ্ঞানগৰ্ভ বুদ্ধিমত্তা বিবেকৰ বাবে বুজি উঠিছিল শংকৰদেৱৰ জ্ঞানবৰ্তাৰ মহত্ত্ব ধৰ্মীয় গুণৰ মোল। সেয়ে গুৰুজনাৰ ওপৰত লগোৱা সকলো মিথ্যাচাৰ অতি ধৈৰ্য সহকাৰে দমন কৰিছিল আৰু ধৰ্মীয় উদাৰতাৰ সাক্ষীভাৰ গ্ৰহণ কৰি মহাপুৰুষ জনাক ৰক্ষণাবেক্ষণ দি প্ৰমাণ কৰি গৈছিল নিজৰ শৌৰ্য বীৰ্য বীৰত্ব আৰু প্ৰতিষ্ঠা কৰি গৈছিল অসমৰ অবৰ্ণীয় ইতিহাস।

ফোন ঃ ৯৬১৩৭৬৪৩৬২

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here