চামগুৰিৰ ব্ৰহ্মচাৰী সত্ৰৰ শিক্ষিত নিবনুৱা যুৱক যোগেশৰ আধুনিক পদ্ধতিত মৎস্য পালনৰ পদক্ষেপ

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১ আগষ্টঃ ৰাজ্যখনত একাংশ শিক্ষিত নিবনুৱাই চৰকাৰী সংস্থাপনৰ পৰা বিমুখ হৈ যিটো সময়ত হাহাকাৰ কৰিব লগা হৈছে ঠিক তেনে সময়তে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনি তিনিআলিৰ ব্ৰহ্মচাৰী সত্ৰৰ এজন শিক্ষিত নিবনুৱা যুৱকে আধুনিক পদ্ধতিৰ জড়িয়তে মৎস্য উৎপাদন কৰি স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তোলাৰ লগতে নগাঁও জিলাৰ বহুকেইজন শিক্ষিত নিবনুৱা যুৱকক মৎস্য পালন কৰিবলৈ উৎসাহিত কৰিছে৷

চামগুৰি সমষ্টিৰ অন্তৰ্গত নিজ ভেলেউগুৰি গাওঁ পঞ্চায়তৰ অধীনৰ ব্ৰহ্মচাৰী সত্ৰৰ নিবাসী যোগেশ শৰ্মা নামৰ নিবনুৱা যুৱকজনে বায়অ’ ফল্ক পদ্ধতি তথা অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি মৎস্য উৎপাদনৰ এক অভিনৱ প্ৰচেষ্টাই স্থানীয় নিবনুৱা যুৱকসকলক আকৰ্ষিত কৰিছে৷

পুখুৰী-বিল আদিত প্ৰাকৃতিকভাৱে পোৱা তথা কাৱৈ আৰু শিঙিমাছ পুখুৰীৰ বিপৰীতে আধুনিক কৌশল অৱলম্বন কৰি মৎস্যপালক যোগেশ শৰ্মাই নিজৰ লগতে আন বহুকেইজন যুৱকক স্বাৱলম্বী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

হাই ডেনচিটিভ বা তৰা পলিইথিলীন জাতীয় সামগ্ৰী ব্যৱহাৰ কৰি দহ হাজাৰ লিটাৰ পানী ধৰা দুটা সজা নিৰ্মাণ কৰি বৰ্তমান ছয় হাজাৰ কাৱৈমাছ আৰু শিঙিমাছ পালন কৰি আছে যোগেশ শৰ্মাই৷

প্ৰথম ইন্দোনেছীয়াত আৰম্ভ হোৱা এই আধুনিক পদ্ধতিৰ মৎস্য পালনৰ সামগ্ৰীসমূহ বৰ্তমান অসমৰ বজাৰত উপলব্ধ বুলি যোগেশ শৰ্মাই জানিবলৈ দিয়ে৷

ৰাজ্য চৰকাৰৰ কোনো আচঁনিয়ে ঢুকি নোপোৱা এইজন শিক্ষিত নিবনুৱা যুৱকে নিজা চেষ্টাত আধুনিক পদ্ধতিত মৎস্য পালন কৰি আহিছে যদিও বৰ্তমানলৈকে ৰাজ্য চৰকাৰৰ লগতে মীন বিভাগৰ ফালৰ পৰা কোনোধৰণৰ সহায় আৰু সহযোগ পোৱা নাই বুলি যোগেশ শৰ্মাই জানিবলৈ দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here