বানাক্ৰান্ত ৰাইজৰ ওচৰত উদয়াস্ত আলিবাট অসমৰ সাহায্য

1
17

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১ আগষ্টঃ প্ৰতি বছৰৰ দৰে এইবাৰো উদয়াস্ত আলিবাট অসমে বানপীড়িতৰ সহায়ৰ বাবে এক সুন্দৰ পদক্ষেপ গ্রহণ কৰে।

মৰিগাঁও জিলাৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ পানী তথা গৰাখহনীয়াই সৰ্বস্বান্ত কৰা শ শ পৰিয়ালে চৰম যন্ত্রণাময় জীৱন কটাব লগা হৈছে। এই দুঃসময়চোৱাতে উদয়াস্ত আলিবাট অসমে পীড়িত ৰাইজৰ সহায়ৰ বাবে আগুৱাই আহিছে।

উদয়াস্ত আলিবাট অসমে নিজস্ব প্ৰচেষ্টাৰে আৰু হৃদয়ৱান লোকৰ সহযোগিতাত নিজ উদ্দেশ্যত সফল হয়।

বিশেষ কৈ মৰিগাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰবক্তা ড° অৰুনিমা শইকীয়া, গণিত বিভাগৰ প্ৰবক্তা চিমাৰেখা ভাগৱতী, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা, আমেৰিকা নিবাসী প্ৰবাসী অসমীয়া কৌশিক বৰাকে আদি কৰি শিল্পীসমাজ, সাহিত্যিক সমাজ, সমাজকৰ্মী তথা প্ৰতিজন হৃদয়ৱান লোক আৰু উদয়াস্ত আলিবাট অসমৰ সেনানীসকলৰ আৰ্থিক তথা মানসিক সহযোগিতাত উক্ত কাৰ্যসূচী ৰূপায়িত হয়।

উদয়াস্ত আলিবাট অসমৰ সভাপতি বিমান জ্যোতি বৰা আৰু সম্পাদিকা প্ৰিয়ংকা কোঁৱৰ লহকৰে প্ৰতিজন হৃদয়ৱান লোকৰ আৰু অক্লান্ত উদয়াস্ত আলিবাট অসমৰ সেনানীসকলৰ দীর্ঘায়ু কামনা কৰাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

উদয়াস্ত আলিবাট অসমৰ এই কাৰ্যসূচীত বিশেষভাৱে উদয়াস্ত আলিবাট অসমৰ চৰাইবাহী শাখা,আশ্ৰয়-The helping eyes আৰু YouTube channel exploring simplicity য়ে সহায়ৰ হাত আগবঢ়াইছে।

উদয়াস্ত আলিবাট অসমে চাউল, ডালি, চেনি, চিৰা, চয়াবিন, আলু-পিয়াঁজ, নিমখ, গাখীৰ, ম’ম, দিয়েচলাই, ফেনাইল, ব্লিচিং পাউদাৰ, বিস্কুট,ম’হ খেদা ধূপ,চাবোন, মাস্ক,চেনিটাইজাৰ, চেনিটাৰি পেদকে আদি কৰি লাগতীয়াল বস্তুৰ একোটাকৈ টোপালা বানপীড়িত ৰাইজক প্ৰদান কৰে।

উদয়াস্ত আলিবাট অসমে মৰিগাঁও জিলাৰ প্ৰায় ১০০টা পৰিয়ালৰ ওচৰলৈ গৈ এই সাহায্য বিতৰণ কৰে।

উদয়াস্ত আলিবাট অসমৰ উপদেষ্টা ভাৰ্গৱ কুমাৰ নাথো উক্ত কাৰ্যসূচীত উপস্থিত থাকি কয় যে উদয়াস্ত আলিবাট ৰাইজৰ, ৰাইজ আমাৰ।

ইতিমধ্যে উদয়াস্ত আলিবাট অসমৰ এই কাৰ্যসূচীক সকলো ৰাইজে শলাগ লৈছে।

Facebook Comments

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here