মহিলা গ্ৰন্থাগাৰিক সংস্থা, অসমৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনলাইন আলোচনাচক্ৰ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১ আগষ্টঃ অসম পুথিভঁৰাল সংঘৰ এটি বিভাগ “মহিলা গ্ৰন্থাগাৰিক সংস্থা, অসমৰ উদ্যোগত আৰু গ্ৰন্থাগাৰ বিজ্ঞানৰ বৃহৎ সামাজিক নেটৱৰ্ক LIS Linksৰ সহযোগত চলিত বৰ্ষৰ ৩ আৰু ৪ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্য্যসূচীৰে এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনলাইন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে।

“Online Teaching-Learning: Issues and Challenges” শীৰ্ষক আলোচনাচক্ৰখনত ভাৰতবৰ্ষৰ বহুকেইখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানৰ গ্ৰন্থাগাৰিক তথা বিশিষ্ট শিক্ষক কেইবাগৰাকীও সমল ব্যক্তি ৰূপে উপস্থিত থাকিব।

আলোচনাৰ শীৰ্ষ বিষয়বস্তুৰ লগত সংগতি ৰাখি দিনে চাৰিটাকৈ সৰ্বমুঠ আঠটা উপবিষয় সামৰি লোৱা হ’ব আৰু প্ৰতিটোৰ বাবে ডেৰঘন্টাকৈ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। 

আঠটা সূচীৰ বাবে আমন্ত্ৰিত মুখ্য ব্যক্তিসকল হৈছে ক্ৰমে-অধ্যাপক নৰেন্দ্ৰ লহকৰ (সভাপতি,IASLIC); অধ্যাপক সঞ্জয় কুমাৰ সিং (মুৰব্বী, তথ্য আৰু প্ৰযুক্তি বিজ্ঞান বিভাগ, গৌহাটি বিশ্ববিদ্যালয়); অধ্যাপক পীযুষকান্তি পাণিগ্ৰাহি (মুৰব্বী, তথ্য আৰু প্ৰযুক্তি বিজ্ঞান বিভাগ, কলিকতা বিশ্ববিদ্যালয়); ড° মুকেশ শইকীয়া (গ্ৰন্থাগাৰিক, তেজপুৰ বিশ্ববিদ্যালয়); অধ্যাপক সুবৰ্ণ কুমাৰ দাস (মুৰব্বী, তথ্য আৰু প্ৰযুক্তি বিজ্ঞান বিভাগ, যাদৱপুৰ বিশ্ববিদ্যালয়); ড° তমাল কুমাৰ গুহ (গ্ৰন্থাগাৰিক, আই. আই. টি. গুৱাহাটী); অধ্যাপক মনোজ কুমাৰ সিন্হা (মুৰব্বী,  অসম বিশ্ববিদ্যালয়) আৰু অধ্যাপিকা কাবেৰী সাহা (শিক্ষা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়)।

উদ্যোক্তা কমিটিৰ তৰফৰপৰা WLAAৰ সম্পাদিকা ড° কংকনা বৈশ্য আৰু LIS Linksৰ প্ৰতিষ্ঠাতা ড° বদন বৰ্মনে জনোৱামতে,  
সকলো পৰ্য্যায়ৰ অংশগ্ৰহণকাৰীৰ বাবে মুক্ত এই আলোচনাচক্ৰত ইচ্ছুকসকলে ২০ আগষ্টৰ ভিতৰত পঞ্জীয়ন আৰু শীৰ্ষক বিষয়বস্তুৰ অন্তৰ্গত উপ-বিষয়ৰ ওপৰত প্ৰবন্ধ জমা কৰিব পাৰিব আৰু আলোচনাচক্ৰৰ শেষত অংশগ্ৰহণকাৰীসকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

নিৰ্বাচিত প্ৰবন্ধসমুহ অন্তৰ্ভুক্ত কৰি ISBN সহিতে কিতাপ আকাৰে প্ৰকাশ কৰা হ’ব। আলোচনাচক্ৰখনৰ সবিশেষ https://wlaa.ala.net.in/ ৱেবছাইটত উপলব্ধ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here