সাংবাদিক বিবেক বৰাৰ পিতৃ অপূৰ্ব বৰাৰ মৃত্যুত ছয়মাইলত শোকৰ ছাঁ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৩ আগষ্টঃ পূৰ্বাঞ্চল প্ৰহৰী নামৰ হিন্দী বাতৰি কাকতৰ কৰ্মৰত সাংবাদিক বিবেক বৰাৰ পিতৃ অপূৰ্ব বৰাৰ যকৃত ৰোগত আক্ৰান্ত হৈ শুক্ৰবাৰে নিশা ছয়মাইল স্হিত নিজ বাসগৃহত মৃত্যু ঘটে৷

মৃত্যুৰ সময়ত বৰাৰ বয়স আছিল ৬৭ বছৰ৷ প্ৰয়ত বৰা এগৰাকী নিষ্ঠাবান অৱসৰ প্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আছিল৷

তেওঁৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ পিছত অনেক গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷

তেওঁ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-কন্যাক ইহসংসাৰত এৰি থৈ যায়৷

মৃদুভাষী প্ৰয়াত বৰাৰ মৃত্যুয়ে অঞ্চলবাসী ৰাইজৰ মাজত শোকৰ ছাঁ পেলাইছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here