প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ৩ আগষ্টঃ অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ দিশপূৰ আৰু বেলতলা আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত ২ আগষ্টত পদপথত থকা কিছু শ্ৰমিকক খাদ্য যোগান ধৰে।
দিশপূৰ আঞ্চলিক সমিতিৰ সভাপতি অসীম চহৰীয়া, সাধাৰণ সম্পাদক ধনমণি ৰাজবংশী, বেলতলা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দেবজিৎ হাজৰিকা, সাংগঠনিক সম্পাদক অসীম নাথ,সদস্য সুৰভি আদিয়ে গাড়ীত দিশপূৰ, বেলতলা,বলিষ্ঠ, ভেটাপাৰা,ছয়মাইল আদি অঞ্চল পৰিভ্ৰমণ কৰি পদপথত অনাহাৰে থকা শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় ত্ৰিশ,চল্লিশজন ব্যক্তিক খাদ্য প্ৰস্তুত কৰি খোৱাৰ ব্যৱস্হা কৰে।
আনহাতে পৰৱৰ্তী সময়তো তেওঁলোকে এনে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।
Facebook Comments