প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ৩ আগষ্টঃ দৈনিক পূৰ্বোদয় তথা পূৰ্বাঞ্চল প্ৰহৰীৰ জৰিয়তে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা প্ৰকাশ ঝা আৰু নাই।
শনিবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকজনে।
সাংবাদিকতাৰ ক্ষেত্ৰখনত প্ৰকাশ ঝাই আগবঢ়োৱা কৰ্মৰাজি নতুন প্ৰজন্মৰ বাবে সদায় পাথেয় ৰব বুলি ব্যক্ত কৰাৰ লগতে জ্যেষ্ঠ সাংবাদিকজনৰ গুণানু কীৰ্তন প্ৰকাশ কৰি ঝাৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে গভীৰ শোক প্ৰকাশ কৰিছে ।
আনহাতে প্ৰয়াত ঝাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদন জ্ঞাপন কৰি গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে প্ৰকাশ ঝা আছিল এজন অমায়িক তথা কৰ্মস্পৃহ ব্যক্তি। তেখেতৰ মৃত্যুৰ খবৰে আমাক মৰ্মাহত কৰিছে।
Facebook Comments