‘জিএছটি’ কি আৰু কিয়·

বৰ্তমান সময়ত চাৰিওকাষে দেশৰ প্ৰজিন লোকৰ মুখে মুখে প্ৰচলিত এটা শব্দ জিএছটি। পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ কোনো প্ৰচেষ্টা নকৰাকৈ ১২২য১২৫ কোটি জনসাধাৰণৰ ৬০ণ লোকক সামৰি কেন্দ্ৰীয় চৰকাৰে জি এছ টি বিধেয়কখনৰ কাৰ্যকৰী মাত্ৰা প্ৰদান কৰিলে। জি এছ টি GST– Goods and Services Tax সেৱা আৰু সামগ্ৰীৰ ওপৰত কৰ। অৰ্থাৎ Wealth Home। কেন্দ্ৰীয় চৰকাৰে কোনো বিজ্ঞাপনৰ আগতীয়া প্ৰচাৰ নকৰাকৈয়ে জি এছ টিৰ প্ৰসংগ সমগ্ৰ ৰাজ্যৰ লগতে দেশবাসীৰ মাজত জি এছ টি প্ৰসংগ বিয়পি পৰিল। প্ৰতিজন নাগৰিকে বুজি পালেও নাপালেও জি এছ টিৰ প্ৰসংগৰে কথা আৰম্ভ কৰে। জি এছ টিৰ দ্বাৰা বিত্তীয় শৃংখলা, আৰ্থিক সমৃদ্ধি ৰাজহ কৰ সংগ্ৰহ অত্যধিক পৰিমাণে জমা কৰা নগদ ধনৰ অবাধ বেহা ইত্যাদি সকলোবোৰৰ ওপৰত স্বয়ংক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰা হ’ল জি এছ টিৰ মূল কাৰণ বা লক্ষ্য।

জি এছ টিৰ দ্বাৰা কোনো সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ হ’ব। দুৰ্নীতি নিবাৰণ হ’ব, দুৰ্নীতি কৰা বিষয়া কৰ্মচাৰীসকল বিবুধিত পৰিব। সমগ্ৰ বিশ্বৰ ১৬০খন দেশে ইতিমধ্যে বিগত ৫০ বছৰত জি এছ টি প্ৰয়োগৰ দ্বাৰা প্ৰগতিৰ দিশত আগবাঢ়ি গৈছে। বৰ্তমান আমাৰ দেশত প্ৰযোজ্য হোৱা জি এছ টি ব্যৱস্থাৰ দৰে উমৈহতীয়া জি এছ টি ব্যৱস্থা কানাডাত আছে বা প্ৰযোজ্য। আমাৰ দেশে ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত বেপাৰী বণিকগোষ্ঠীয়ে দেশখনক কোঙা কৰি পেলালে। এতিয়া যেন দেশে সকলোবোৰৰ পৰা অব্যাহতি পাব।

প্ৰকাশিত বাতৰিৰ তথ্য অনুসৰি অসমৰ সীমান্তৱৰ্তী অঞ্চলত জি এছ টিক লৈ দুই-এজন বিষয়াই ট্ৰাক চলাচলত বাধা প্ৰদান কৰি অবৈধভাৱে টকা ঘটাৰ ফান্দ পাতিছিল। জি এছ টিৰ নামত এতিয়া যিখন ছিটিকা পতা হৈছে এই ছিটিকাত দুৰ্নীতিকাৰী বিষয়া হঠাৎ জেললৈ যোৱাৰ সম্ভাৱনীয়তা আছে। VAT আৰু GST ক বহু ঠাইত একে বুলি কোৱা হয়। প্ৰতিখন ৰাজ্যই জি এছ টিৰ ভাগ ঘৰতে পাব পাৰিব। কোনো টকাৰ খৰচ কৰাৰ আগতে চৰকাৰৰ হাতত জমা কৰা অৰ্থাৎ চৰকাৰক দিবলগা হোৱা কৰৰ পৰিমাণ তৎক্ষণাতে পাব পাৰিব। বৰ্তমান সময়লৈকে এই প্ৰক্ৰিয়াক অধিক কটকটীয়া কৰি তুলিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৮,০০০ চোৰাংচোৱা নিয়োগ কৰিছে বুলি তথ্যত প্ৰকাশ পাইছে।

জি এছ টি প্ৰযোজ্য হোৱাৰ আগভাগত কৰৰ ওপৰত কৰ আছিল। কিন্তু বৰ্তমান কৰ ০ণ আমি সদায় ব্যৱহাৰ কৰা খাদ্য তালিকাৰ গাখীৰ, চাহ, পানীৰ আদিত ৫ণ জি এছ টি, ১৮ণ সেৱাকৰ মদৰ পাৰ্মিটত, দামী কাপোৰ কোম্পানী, আই টি আদিত ১৮ণ। চিনেমা টিকট, হোটেল, বিনোদন আদিত ২৮ণ সেৱাকৰ। পৰিবহণ ৰে’ল, ৰেষ্টুৰেণ্ট আদিৰ সেৱাত ৫ণ, ঠাণ্ডা পানীয়, দাঢ়ি খুৰুওৱা সামগ্ৰীত ২৮ণ কৰ, সৰু-সুৰা, হোটেল-ল’জ ০ণ, জাম, চুপ, মেগী, মিনাৰেল পানীত ১৮ণ কৰ, ১২ণ সাৰ, নন এচি হোটেল, ৰেষ্টুৰাঁ আদিত। জি এছ টিএ জনগণক কষ্টৰ পৰা ৰেহাই দি সুৰক্ষা প্ৰদান কৰি দেশৰ ৰাজকোষত ধনৰ আমদানী বৃদ্ধি কৰা জি এছ টিৰ অন্য এক লক্ষ্য। নগদ ধনৰ লেনদেন হ্ৰাস হোৱাত এটা লক্ষ্য দুৰ্নীতিত শৰণাপন্ন হোৱাৰ পৰা বিষয়ক কাৰণ কৰা ইয়াৰ অন্যতম লক্ষ্য। অসাধু ব্যৱসায়ী আৰু ক্ৰেতাই বজাৰখনত সামগ্ৰীৰ দাম জি এছ টিৰ বাবে বৃদ্ধি পোৱা বুলি মিছা প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে। কানাডা, চীন, মে’িকো, নিউজিলেণ্ট, আফ্ৰিকা আৰু আমাৰ দেশত ১৫ণৰ পৰা ২৮ণ জি এছ টি প্ৰযোজ্য। এতিয়া সময়, লক্ষ্য। বিশ্বই নিৰ্ধাৰণ কৰিব ভাৰতবৰ্ষ কোনো দিশে অগ্ৰসৰ হৈছে। ক্ৰেতা, বিক্ৰেতা বিষয়া সকলোকে অনুৰোধ সেৱাকৰৰ অপৰধামুক্ত হওক।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here