প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৯ আগষ্টঃ মৃত্যু চিৰন্তন সত্য। তথাপি অকাল মৃত্যুৱে সকলোকে দুখ দিয়ে।
ফুলেন দাসৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহ’ল। যোৱা ১৫ আগষ্টত আকস্মিকভাৱে মৃত্যু হোৱা দাসলৈ ধমধমাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।
প্ৰফুল্ল হোটেলৰ স্বত্বাধিকাৰী ফুলেন দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়।
অনুষ্ঠানটোত বিজু পাটগিৰি,ৰিজু পাটগিৰি,ভুপেন দাস,দীপেন শৰ্মাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। ধমধমা উন্নয়ন সমিতি, ৰামধেনু স্পʼৰ্টছ ক্লাব, ব্যৱসায়ী সন্থাই শোক প্ৰকাশ কৰে।
Facebook Comments