-নিৰ্মালী মহন্ত ,ভূৱনেশ্বৰ, ওড়িশা
কোৱা হয়, য’ত পাহাৰ নদী আৰু অৰণ্যই একেলগে বাস কৰে, তাৰ মাজতেই আদিবাসী গাঁও বিচাৰি পোৱা যায়৷অৰণ্যৰ লগতেই জড়িত হৈ থাকে তেওঁলোকৰ ভৰণ পূষণ আৰু অৰ্থ ব্যৱস্থা ৷ দক্ষিণ পশ্চিম ওড়িশাৰ কালাহাণ্ডী আৰু ৰাইগড়া জিলাত পূৰ্বঘাট পাহাৰৰ এটি সেউজীয়া অংশৰে বিস্তৃত হৈ আছে নিয়মাগিৰি পাহাৰ।কবলৈ গলে এই পাহাৰক সেই ঠাইৰ গোবৰ্ধন পৰ্বত বুলিয়েই ক’ব লাগিব, যিয়ে নিজৰ বুকুত সামৰি ৰাখিছে আদিম অতব্য অৰণ্যক।এই অৰণ্যৰ মাজত পোৱা যায় তিনি হাজাৰৰো অধিক বিপন্ন প্ৰজাতিৰ উদ্ভিদ, পঞ্চাশৰো অধিক বন ঔষধি গছ, সজোৱা ফুলৰ গছ, শাক, বনৰীয়া কচু,আলু আদা,হালধি,আনাৰস,কঠাল,আম,কমলা,লিচু আৰু লগতে প্ৰচুৰ পৰিমাণৰ পানী।চিৰ সেউজীয়া এই পাহাৰৰ মাটি ইমানেই উৰ্বৰ,যাৰ বুকুত বাজ্ৰা,খামিৰ বা ৰাগিৰ উৎপাদন কোনো সাৰ প্ৰয়োগ নকৰাকৈ হয়।
কোৱা হয় পৰিৱেশ আৰু প্ৰকৃতিৰ পৰাই এখন সমাজৰ লোক সংস্কৃতি গঢ় লৈ উঠে। আধুনিকতা আৰু শিক্ষাৰ পৰা বহু দূৰৈত থাকিলেও ড’ঙ্গৰীয়াসকলৰ স্বকীয় গীত মাত, নৃত্য কলাই তেওঁলোকৰ জীৱন শৈলীৰ গভীৰতাক দৰ্শায়।ৰীতি নীতি,পাৰম্পৰিক প্ৰথাই প্ৰতিফলিত কৰে তেওঁলোকৰ সৰলতাক।
ড’ঙ্গৰীয়া মানে হৈছে পাহাৰ পৰ্বতৰ নিবাসী।নিয়ামগিৰি পাহাৰৰ ওপৰত আদিম যুগৰ পৰাই বসবাস কৰি অহা এওলোকৰ গাঁও পাবলৈ অপ্ৰত্যাশিত বতৰৰ লগতে বনৰীয়া জন্তু আক্ৰমণৰ শংকা মনতলৈ কমেও চল্লিশৰো অধিক পাহাৰীয়া জান জুৰি পাৰ কৰি হাবিৰ মাজে মাজে খোজ কাঢ়ি যাব লাগে।সমুদ্ৰ পৃষ্ঠৰ পৰা কমেও চাৰি হাজাৰ ফুট উচ্চতাত থকা এই পাহাৰ হৈছে প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে প্ৰচুৰ পৰিমাণৰ জৈৱিক খাদ্যৰ ভাণ্ডাৰ।ৰাজতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰ আৰম্ভ হোৱাৰ আগৰ পৰাই এই ভূখণ্ডত ড’ঙ্গৰীয়া আদিবাসীয়ে বাস কৰি আহিছে।বিশ্ৱাস কৰে ইয়াৰ মাটি,পানী আৰু অৰণ্যৰ ওপৰত অধিকাৰ কেৱল তেওঁলোকৰ।তেওঁলোকৰ মতে নিয়ামগিৰি হৈছে তেওঁলোকৰ ৰজা যিয়ে সকলো সময়তে তেওঁলোকৰ লালন পালনৰ দ্ৱায়িত্ত লৈ আহিছে।সেই পাহাৰত পোৱা খাদ্য আৰু পানী, তেওঁলোকৰ অনাগত কেইবা পুৰুষে খায়ো শেষ কৰিব নোৱাৰে।এটা সময়ত ড’ঙ্গৰীয়াসকল মানৱ বলিৰ বাবে জনাজাত আছিল৷টকি পৰ্ৱ যাক আজিও তেওঁলোকৰ সমাজত পালন কৰে,দৰাচলতে এসময়ত সেই পৰ্ৱত মানুহ বলি দিয়া হৈছিল ৷সেই পৰ্ৱ একমাত্ৰ নিয়ামগিৰি পাহাৰৰ ওচৰত কৃতজ্ঞতা জনাবলৈ কৰা গৈছিল৷ স্ব-ইচ্ছাৰে তেওঁলোকৰ মাজৰ পৰা আগুৱাই গৈছিল নিজৰ বলিদান দিবলৈ ৷কিন্তু ইংৰাজসকলৰ হস্তক্ষেপত এই প্ৰথা সলনি হয়৷আজিৰ দিনত টকি পৰ্ৱত ম’হ,ছাগলী,কুকুৰা আদিৰ বলিৰে পালন কৰা হয়৷প্ৰতিখন ড’ঙ্গৰীয়া গাৱত গাওঁবুঢ়া, তেওঁলোকৰ পূজাৰী আৰু গাঁৱৰ প্ৰতিঘৰৰ মূল মুৰব্বীসকলক লৈ এখন নিজা সমিতি থাকে ৷এওঁলোকৰ পর্যৱেক্ষণৰ মাজেৰেই গাৱত সকলো উৎসৱ পৰ্ৱ পালন কৰাৰ লগতে গাৱৰ বিভিন্ন সমস্যাৰ আলোচনা কৰা হয় ৷এনে আলোচনাত ড’ঙ্গৰীয়া সমাজত পুৰুষ-মহিলা উভয়কে সমান মৰ্যদা দিয়া হয় নিজৰ মত প্ৰকাশ কৰিবলৈ ৷
নিজৰ ভাষা সংস্কৃতিক লৈ গৌৰৱ কৰা এই পাহাৰী সকলৰ প্ৰাণ কেন্দ্ৰই হৈছে এই পাহাৰ।আৰম্ভ হয় প্ৰতিটো নতুন পুৱা নিয়ামগিৰিৰ ওচৰত কৰা প্ৰাৰ্থনাৰে। লিপি ৰূপত নাথাকিলেও “কূই” তেওঁলোকৰ কথিত ভাষা।যদিও আজিকালি আধুনিকতাৰ প্ৰৱেশে আদিবাসী সকলৰ জীৱন ধাৰণ পক্ৰিয়া আৰু সংস্কৃতি ওপৰত প্ৰভাৱ পেলাবলৈ ধৰিছে, কিন্তু নিয়ামগিৰি পাহাৰৰ ওপৰত আজিও বহু এনে গাঁও আছে, য’ত তেওঁলোকৰ পূৰ্ব জীৱন শৈলীকলৈ চলি আছে৷ৰাতিপুৱা পোহৰ হোৱাৰ পৰা গধুলি বেলি মাৰ যোৱা সময়কণৰ ভিতৰতে আৱদ্ধ থাকে দৈনন্দিন জীৱন৷সম আধিকাৰ প্ৰদান কৰা ড’ঙ্গৰীয়া সমাজত মহিলাসকল ব্যস্ত হৈ পৰে ঘৰুৱা কামকাজ,ৰন্ধা বঢ়া,পৰিয়ালৰ যতন লোৱা আদিকে ধৰি ঘৰৰ দৈনিক কৰ্মত,য’ত পুৰুষসকলে কান্ধত কুঠাৰ এখন ওলমাই খেতি পথাৰৰ কাম,হাবিৰ পৰা খাদ্য আৰু খৰি সংগ্ৰহ কৰা আদি কামত ৰাতিপুৱা ভাগতেই ওলাই যায় ৷বজ্ৰা ,ৰাগি আদিৰ খেতি পৰা পোৱা খাদ্যই বছৰতো বাবে যঠেষ্ট নহলেও নিয়ামগিৰিৰ মাজত পোৱা কচু,মিঠা আলু,ওল ,শাক আদিৰ ওপৰিও বিভিন্ন ফলেৰে নিজৰ দেহৰ বাবে প্ৰয়োজনীয় সকলো খিনিয়ে উপাদান আহৰণ কৰে৷
বনে বনে ঘূৰি ফুৰা এই আদিবাসীসকলৰ বাবে মদ বা নিচাযুক্ত পনীয় এক এৰাব নোৱাৰা অংশ৷কয় এই পনীয়ৰ পৰা তেওঁলোকে পাহাৰে পাহাৰে খোজ কাঢ়ি ঘূৰি ফুৰাৰ শক্তি পায়৷ মহুৱা গছৰ ফলক গেলাই কৰা মদ, যাক কয় ‘ইৰপি কালো’ আৰু তাল গছৰ ছাগুৰ পৰা তৈয়াৰ কৰা, যাক কয় মদ ‘কালো’ ড’ঙ্গৰীয়াসকলৰ প্ৰিয় পনীয়।প্ৰতিতো পৰ্ৱ পৰা আৰম্ভ কৰি শিশু নামাকৰণ, বিবাহ আদিকে ধৰি বিভিন্ন অনুষ্ঠানত কালো বা মদেৰে অতিথি আপ্যয়ান কৰাটো জৰুৰী৷
আধুনিকতাৰ পৰা দূৰৈত থকা কোনো কোনো ড’ঙ্গৰীয়া সমাজত আজিও ডেকা চাং আৰু গাভৰু চাঙৰ ব্যৱস্থা আছে ,য’ত তেওঁলোকক আদিবাসী জীৱন শৈলী, তেওঁলোকৰ কলা সংস্কৃতি, উপাৰ্জন আদিকে ধৰি বিভিন্ন প্ৰশিক্ষণ দিয়া হয়৷কূই ভাষাত ডেকা ল’ৰাক কয় ঢাংগাড়া আৰু গাভৰু ছোৱালীক কয় ঢাংগিড়ি৷ তেওঁলোকৰ যৌথ শয়নালয়ক কোৱা হয় ক্ৰমে ঢাংগাড়া বাস আৰু ঢাংগিড়ি বাস৷ এই বাসতেই জাগি উঠে ডেকা গাভৰুৰ মাজত প্ৰেম পিৰীতি৷ কিন্তু সমাজত একেখন গাঁৱৰ ডেকা গাভৰুসকল নিজৰ ভাই ভনীৰ দৰে হোৱাৰ বাবে বিয়া বাৰু সদায় দুখন গাঁৱৰ মাজতে হয়৷গতিকে এজন ড’ঙ্গৰীয়া ডেকাই সদায় নিজৰ মনৰ ছোৱালীজনীক বিচাৰি নিশা অন্য ড’ঙ্গৰীয়া গাঁৱৰ ঢাংগিড়ি বাসলৈ যায়৷নিজৰ মৰম ভাল পোৱাৰ চিন স্বৰূপে বা সেই অনুভৱক প্ৰকাশ কৰাৰ ঈচ্ছাৰে ড’ঙ্গৰীয়া ডেকা গাভৰুসকলে কিছুমান বিশেষ অলংকাৰ এজনে আনজনক উপহাৰ দিয়ে৷এজন ল’ৰাই মনে বিচৰা ছোৱালী গৰাকীৰ কাৰণে ঘাছিসকলৰ দ্বাৰা তৈয়াৰী হাতৰ খাৰু আৰু আঙুঠি আনি নিশা ঢাংগিড়ি বাসত আহি উপহাৰ দি তেওঁৰ লগত নৃত্য কৰিবলৈ আহ্বান জনায়৷যদিহে ছোৱালীগৰাকীক সেই যুৱকজন নিজৰ কাৰণে উপযুক্ত বুলি ভাবে তেতিয়া তেওঁ আহি সেই ডেকাৰ লগত নৃত্য পৰিৱেষণ কৰে আৰু ভালপোৱাক সন্মান জনাই তেওঁৰ চুলিত চিপনা আৰু ডিঙিত মেকাদিকা পিন্ধাই দিয়ে৷ যেতিয়া সেই ডেকাৰ ঘৰৰ লোকে নিজৰ ল’ৰাৰ মনৰ কথা জানিবলৈ পায়, তেতিয়া ল’ৰা ঘৰৰ ফালৰ পৰা ঘটক যাক তেওঁলোকৰ ভাষাত কয় দিছাৰি, পঠিয়াই সেই ছোৱালীৰ ঘৰলৈ বিবাহ প্ৰস্তাৱ দিবলৈ৷ দুয়ো ঘৰৰ যেতিয়া সন্মতি থাকে, তেতিয়া এটি ভাল দিন চাই ল’ৰা ঘৰৰ মানুহে ছোৱালী ঘৰলৈ আলোচনাৰ কাৰণে গমণ কৰে৷ দৰাচলতে ড’ঙ্গৰীয়া সমাজত কইনা নিয়াৰ বাবত ল’ৰা ঘৰে ছোৱালী ঘৰক ইয়াৰ মূল্য দিব লাগে৷ সেই মূল্য গৰু, ম’হ, অলংকাৰ বা পইচাৰেই সাধাৰণতে আদায় কৰে৷ আৰু যদিহে সেই মূল্য আদায় কৰাৰ ক্ষমতা ল’ৰাৰ নাথাকে, তেতিয়াহলে সেই মূল্য আদায় নোহোৱালৈকে শহুৰেকৰ ঘৰত থাকি কাম বন কৰিব লাগে ৷যেতিয়া কইনাৰ মূল্য আদায় হৈ যায় ,তেতিয়া শুভ দিন বাৰ চাই সেই বিবাহ সম্পন্ন কৰা হয় ৷
ড’ঙ্গৰীয়া সমাজত বিবাহ সদায় ল’ৰাৰ ঘৰতেই পতা হয় যদিও দৰা ঘৰৰ মানুহে নাগাড়া বজাই কইনা ঘৰলৈ ছোৱালীক লৈ আনিবলৈ যায়৷কইনা ঘৰত দৰাৰ লগতে দৰা ঘৰৰ মানুহক ‘ইৰপি কালো’ৰে আদৰ সম্ভাষণ জনোৱা হয়৷ নিজৰ ছোৱালীক ঘৰৰ পৰা উলিয়াই নিয়াৰ সময়ত দেউতাকে তাইৰ শাৰীৰৰ আচলত ফল, ফুল বান্ধি দিয়ে, যাক কয় ‘কনি চ্ছিনা’,ই এক প্ৰকাৰৰ বাধ্যতামূলক প্ৰথা ড’ঙ্গৰীয়া সমাজত৷ইয়াৰ পিচত কইনাক লগত লৈ দৰা ঘৰ আৰু কইনা ঘৰৰ মানুহ নাগাড়া বজাই ঘূৰি আহে দৰা ঘৰলৈ য’ত জনি বা ড’ঙ্গৰীয়া সমাজৰ পূজাৰীয়ে দৰা কইনাৰ বিবাহ সম্পন্ন কৰে৷এই যাত্ৰাত এটি পুৰণি প্ৰথা আছে ,য’ত কইনা ঘৰৰ মানুহে মাজ বাটত ছোৱালীক ঘূৰাই নিব খোজে আৰু দুয়ো ঘৰৰ মাজত এখন নকলি দণ্ডৰ অৱতাৰণা হয়৷ কিন্তু অৱশেষত কইনা ঘৰে পৰাজয় স্বীকাৰ কৰি পুনৰ সকলোৱে আগবাঢ়ে বিবাহ স্থলীলৈ৷মদ আৰু মাংসৰে সুন্দৰকৈ আৰু সন্মানেৰে আপ্যায়ন কৰা হয় দৰাৰ ঘৰত হ’বলগীয়া নতুন সম্বন্ধীয়সকলক আৰু সকলোৱে মিলি আশীৰ্বাদ কৰে নৱ দম্পত্তিক৷
দেখা গৈছে ড’ঙ্গৰীয়া সমাজত অলংকাৰৰ ভূমিকা আৰু ইয়াৰ মহত্ত বহুত আৰু এই অলংকাৰ সমূহ তেওঁলোকক তৈয়াৰ কৰি দিয়ে অতীজৰে পৰা ওচৰ চুবুৰীয়া হৈ বাস কৰি অহা ঘাছি সম্প্ৰদায়ৰ এক প্ৰতিভাশালী জনজাতিৰ লোকে৷ ড’ঙ্গৰীয়াসকলে হাবি জংঘলৰ পৰা সংগ্ৰহ কৰি আনি দিয়া বিভিন্ন গছৰ শিপা,ফলমূলৰ গুটি ,ৰঙীন পাথৰ ,জন্তুৰ হাড়,নখ,দাঁত আদিৰ লগতে অন্য ধাতুৰে এই অলংকাৰসমূহ তৈয়াৰ কৰে৷ ড’ঙ্গৰীয়া সমাজত ছোৱালী জন্ম হোৱাৰ এমাহৰ পিচত কাণত কমেও পোন্ধৰটা ফুটা কৰি কিয়ো মূৰমা নামৰ এবিধ ঘূৰণীয়া কাণ ফুলি পিন্ধোৱাৰ প্ৰথা আছে, যি সেই ছোৱালীজনীৰ ড’ঙ্গৰীয়া সম্প্ৰদায়ৰ পৰিচয় হয়৷
ল’ৰা ছোৱালী জন্ম হোৱাৰ পিচৰ পৰাই লাহে লাহে মাক দেউতাকে নিজৰ সন্তানৰ দেহ অলংকাৰেৰে ভৰাই অনা প্ৰক্ৰিয়াই সেই পৰিয়ালৰ সামৰ্থ আৰু সৱল আৰ্থিক অৱস্থাকে দৰ্শায়৷ ভিন্ন আৰু বিশিষ্ট আকৃতিৰ অলংকাৰেৰে চহকী ড’ঙ্গৰীয়া আদিবাসীসকলৰ এই গহনাবোৰৰ কূই ভাষাত বিভিন্ন নামেৰে জনা যায়৷ তেওঁলোকৰ সেই প্ৰতিবিধ অলংকাৰক প্ৰত্যক্ষভাৱে চোৱাৰ জিজ্ঞাসা যদি কোনোবাই মনত পুহি ৰাখিছে তেতিয়া হ’লে খোজ কাঢ়ি বহু জান-জুৰি পাৰ কৰি অপ্ৰত্যাশিত বতৰৰ লগতে হিংস্ৰ জীৱ জন্তুৰ ওচৰত বলি হোৱাৰ শংকাক বুকুত বান্ধি নিয়ামগিৰি পাহাৰৰ ওপৰলৈ বাট কুৰি বাই বীজূণ পৰ্বৰ দৰে অন্যান্য উৎসৱ পৰ্বসমূহলৈ আহিব লাগিব৷
ঢলীয়া খছা বা এঢলীয়া খোপাক নানান ৰঙী বনৰীয়া ফুলেৰে সজাই নাকত মূৰমা, কাণত নাংগুলি, ডিঙিত কাগূদিকা, মেকাদিকা, টকা মেকাদিকা, ককালত অতা ছূতা, হাতত তেদুৱাপাজা, কাজাপাজা, মিলাপাজা, হাতৰ আঙুলিত পূয়ূমুদি, ভৰিত অণ্ডো আৰু আঙুলিত কেন্দুকালি পিন্ধি ঢাংগিড়িবোৰে আকৰ্ষকহৈ সাজি কাচি এনে পৰ্ৱবোৰত ওলাই আহে।আনহাতে ঢাংঘাড়াবোৰেও নিজৰ অৱস্থান আৰু সামৰ্থ ঢাংগিড়িসকলৰ আগত দৰ্শাবলৈ কাণ আৰু নাকত মূৰমা, ডিঙিত কাগূদিকা ,আঙুলিত চিঙ্গীড়িচাপা, ককালত অতা ছূতা আৰু ছুলিত ছিৰেনি পিন্ধি অপেক্ষাত ৰৈ হি মনৰ মানুহগৰাকীৰ লগত ঢাপ নৃত্য কৰিবলৈ৷
ঢলীয়া খছা এই আদিবাসীসকলৰ এক বিশেষ চিহ্ন৷ মতা মাইকীৰ পৰা ডেকা-গাভৰুলৈকে সকলোৱে নিজৰ চুলি বন্ধাৰ শৈলী একেই দেখা যায়৷ ৰূপৰ পিনেৰে সজোৱা এই খোপা বান্ধোতে তেওঁলোকে কমেও পঞ্চাশৰো অধিক ভিন্ন ৰকমৰ কাটা মাৰিব লগা হয়৷ এই কাটাবোৰে চুলিখিনি সুন্দৰকৈ ভাজ দি ৰখাৰ লগতে পাহাৰীয়া বতাহৰ পৰাও সুৰক্ষা দিয়ে৷ চুলিত মৰা ভিন্ন আকৃতিৰ এই কাটাবোৰৰ নাম হৈছে জাতপুৰি, ডেতা, টিৰম’ডেৰা, ছিপনা ইত্যাদি৷ ইয়াৰ বাহিৰেও তেওঁলোকে চুলিত এখন সৰু কটাৰী যাক কয় মিলাকাত্ৰা আৰু এখন ফণিও গূজি ৰাখে৷
মূৰমা বা ঘূৰণীয়া ফুলিৰ মহত্ব ড’ঙ্গৰীয়া সমাজত বহুত বেছি৷ দেহত মূৰমাৰ অৱস্থিতিয়েহে তেওঁলোকক ড’ঙ্গৰীয়া হোৱাৰ পৰিচয় দিয়ে৷এই পদ অলংকাৰেই একমাত্ৰ যাক জন্ম হোৱা শিশুৰ এমাহ হোৱাৰ পিচতেই পিন্ধাই দয়ে, যি দেহৰ অবিচ্ছেদ্য অংগ হৈ ৰয় জীৱনৰ শেষ নিশ্বাসলৈকে৷ কাণত পিন্ধিলে কোৱা হয় কিয়ো মূৰমা আৰু নাকত পিন্ধিলে কয় মুঙ্গেলি মূৰমা৷মাইকী মানুহে নাকৰ দুয়ো ফালে আৰু নাকৰ ভিতৰৰ মাজৰ অংশত মূৰমাক পিন্ধে, য’ত নেকি পুৰুষসকলে নাকৰ কেৱল এফালে আৰু নাকৰ ভিতৰৰ মাজৰ অংশত ইয়াক পিন্ধে৷
নিজকে সজাই ভাল পোৱা ড’ঙ্গৰীয়াসকলে কাণতো বিভিন্ন আকৃতিৰ মূৰমা পিন্ধে৷কাণত পিন্ধা মূৰমাৰ ভিন্ন আকৃতিলৈ তাৰ নাম সুকীয়া আছে৷ মতা মানুহে কেৱল এবিধে মূৰমা দুয়ো কাণত পিন্ধে যাক কয় নলি৷ কিন্তু মহিলাসকলে নিজকে আকৰ্ষক কৰি তুলিবলৈ কেইবা ধৰণৰ কাণফুলি পিন্ধে৷ তাৰ ভিতৰত হৈছে নাঙ্গোলী, কিয়ো মূৰমা আৰু কূটে৷নাঙ্গোলী হৈছে সৰ্পাকৃতিৰ কাণফুলি ,যাৰ ব্যৱহাৰৰ মূল উদ্দেশ্যই হৈছে হাবিয়ে বনে বাস কৰা ড’ঙ্গৰীয়াসকলে মাটিত শোওতে তেওঁলোকৰ কাণত যাতে কোনো সাপে প্ৰৱেশ কৰিব নোৱাৰে৷ আনহাতে কূটে হৈছে সৰু শলাকৃতিৰ কাণফুলি যাক মহিলাসকলে দুয়ো কাণৰ ওপৰৰ ভাগত পিন্ধে ৷
যদিও এই আদিবাসীসকলে হাবি জংঘলৰ নিয়ম কেতিয়াও উলংঘা নকৰে, তথাপিও অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে তেওঁলোক সদায়ে সাজু হৈ থাকে৷ এইক্ষেত্ৰত অলংকাৰেও প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ভূমিকা পালন কৰে৷ ড’ঙ্গৰীয়াসকলৰ অলংকাৰৰ ব্যৱহাৰ কেৱল সৌন্দৰ্য বৰ্ধনতেই সীমিত নহয়। সেই আভূষণ বোৰৰ মাজত কিছুমান এনে অলংকাৰো আছে যাক তেওঁলোকে নিজৰ প্ৰতিৰক্ষাৰ বাবেও ব্যৱহাৰ কৰে৷ডিঙিত পিন্ধা ধাতুৰ বিভিন্ন অলংকাৰৰ মূলতে হৈছে কোনো শত্ৰু বা বনৰীয়া হিংস্ৰ জন্তুৰ আক্ৰমণৰ পৰা নিজৰ ডিঙিক ৰক্ষা কৰা৷
কাগুলি বা খগলা হৈছে ঘাছিসকলৰ দ্বাৰা ধাতুৰে তৈয়াৰ কৰোৱা এবিধ মজবুত বলয়াকৃতিৰ গলবন্ধনী যাক ড’ঙ্গৰীয়া ছোৱালীবোৰে পাঁচ বছৰ বয়স হোৱাৰ পৰাই পিন্ধিবলৈ আৰম্ভ কৰে৷ডাঙৰ হৈ অহাৰ লগে লগে গাভৰুসকলে সাতৰ পৰা আঠ ডাললৈকে খগলা পিন্ধে৷ইয়াৰ উপৰিও মহিলাসকলে হাতত নিজৰ সুৰক্ষাৰ বাবে কমেও ২৫০ গ্ৰাম ওজনৰ আন এবিধ আলংকাৰ পিন্ধে যাক কয় তেদৱা, যাৰ ব্যৱহাৰ মহিলা ,গাভৰুসকলে বাহিৰা মতা মানুহৰ কবলৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ব্যৱহাৰ কৰে৷ এওঁলোকৰ সাজ সজ্জাই অন্য আদিবাসীৰ পৰা তেওঁলোকক পৃথক আৰু সুকীয়া চিনাকী প্ৰদান কৰে৷
আজিৰ দিনত আদিবাসী সমাজৰ সংস্কৃতি আৰু পৰম্পৰাৰ পৰা শিকিবলগীয়া ভালেখিনি আছে৷ মানুহে নিজৰ লগতে আনৰ বাবেও যে জীয়াই থাকিব লাগে সেয়া ড’ঙ্গৰীয়াসকলৰ উৎসৱ পৰ্বসমূহত প্ৰতিফলিত হয়৷
প্ৰতি বছৰে চ’ত বহাগ মাহত পালন কৰি অহা বীজ উৎসৱ যাক কূই ভাষাত কোৱা হয় “বীজূণ পৰ্ব” , যাৰ পৰা এই কথাক স্পষ্টকৈ অনুধাৱন কৰিব পৰা যায়৷এই উৎসৱৰ যোগেদি তেওঁলোকে নিজৰ সমাজৰ লগতে প্ৰকৃতিৰ প্ৰতি কৰিবলগীয়া দ্বায়িত্বখিনিও পালন কৰে৷সাধাৰণতে চ’ত বহাগ মাহ চোৱাত প্ৰতি ঘৰ ড’ঙ্গৰীয়াই অনাগত খেতিৰ সময় চোৱাৰ বাবে সাঁচি ৰখা আপুৰুগীয়া আৰু বিভিন্ন প্ৰজাতিৰ বীজ সমজুৱাভাবে উলিয়াই আনি, তেওঁলোকৰ ভগৱান স্বৰূপ সেই অৰণ্য, পাহাৰ, নদীক অৰ্পণ কৰি নিজৰ মাজত সমানে ভগাই লয়৷ ইয়াৰ দ্বাৰা তেওঁলোকে সেই অৰণ্যত পোৱা সকলো প্ৰজাতিৰ খাদ্য সম্ভাৰক জীয়াই ৰাখিবলৈ চেষ্টা কৰে৷ এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল, যদিও সকলোৱে বীজ সংৰক্ষণ কৰে, কিন্তু কোনো পৰিয়ালৰ সাঁচি থোৱা বীজ যত্ন সহকাৰে ৰাখিলেও কেতিয়াবা পোকে খাই নষ্ট কৰে৷ কেতিয়াবা এনেকুৱাও হয়, এই উৎসৱৰ সময়ত কোনো কোনো পৰিয়ালত নিয়ামগিৰি ৰজাক অৰ্পণ কৰিবলৈ এমুঠি বীজৰ আকাল হয়৷ কিন্তু সদায় একেলগে বসবাস কৰি অহা ড’ঙ্গৰীয়াসকলৰ বাবে সামাজিকতাই হৈছে তেওঁলোকৰ প্ৰাণ কেন্দ্ৰ৷সেয়াই তেওঁলোকৰ শক্তি আৰু সাহস জীয়াই থকাৰ৷বীজূণ পৰ্ৱৰ পিচত সেই গাঁৱৰ প্ৰতিটো পৰিয়ালৰ হাতত বাৰিষাৰ পিচত মাটিত সিঁচিবলৈ আৰু আগন্তুক বছৰৰ খাদ্যৰ যোগাৰ কৰিবলৈ সমানে বীজ পৰে গৈ৷ইয়াৰ পৰা ড’ঙ্গৰীয়া আদিবাসীসকল সমাজ আৰু প্ৰকৃতি দুয়োৰে প্ৰতি যে দায়বদ্ধশীল তাকে বুজিব পাৰি৷সন্ধ্যা নামি অহাৰ লগে লগে নিয়ামগিৰি পাহাৰৰ মাজত বাজি উঠা নাগাড়াৰ মাতে টানি লৈ আহে সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন গাওঁবাসীক৷ ডিঙিত মুদ্ৰাৰ হাৰ, কঁকালত অটাছটা, ভিন্ন ৰঙী বনৰীয়া ফুলেৰে সজাই তোলা ঢলীয়া খছা বা একাষৰীয়া কৈ বন্ধা খোপাত এখন সৰু কটাৰী,হাতত চানা আৰু বড়া পাজন পিন্ধি ওলাই আহে মহুৱা ফলৰ ৰসৰ নিচাত নাগাড়াৰ তালে তালে ঢাপ নৃত্য পৰিবেশন কৰিবলৈ৷ ঢাপ নৃত্য ক’বলৈ গ’লে আমাৰ চাহ বাগিচাৰ ঝুমুৰ নৃত্যৰ দৰে ককালত ধৰাধৰিকৈ কৰা নাচ৷ দৰাচলতে ঢাপ নামতো আহিছে সেই নৃত্যত ব্যৱহাৰ হোৱা ঢাপ নামৰ বাদ্যযন্ত্ৰৰ পৰা৷
ড’ঙ্গৰীয়া সমাজত কোনো দেৱ দেৱীক পূজা কৰা নহয়। তেওঁলোকে বিশ্বাস কৰে মাত্ৰ প্ৰকৃতিক। সুখে দুখে যিয়ে তেওঁলোকৰ সংগ হৈ আহিছে তেৱেঁ হৈছে ভগৱান৷ড’ঙ্গৰীয়া সমাজত জল, ভূমি, বায়ু, আকাশ সূৰ্য্য আদি য’ৰ পৰা জীয়াই থকাৰ সকলো উৰ্জা আহৰণ কৰিব পাৰি তাকেই পূজা অৰ্চনা কৰি আহিছে৷ নিয়ামগিৰি পাহাৰ খোৱাৰ উপযোগী খাদ্যৰ উপৰিও মেলেৰিয়া, কলেৰা, বিষাক্ত জীৱই কামোৰা, বাত বিষ, পেটৰ অসুখ, চৰ্ম ৰোগ, এজমা, টিবি আদি বিভিন্ন ৰোগ চিকিৎসা কৰিব পৰা সকলো দুৰ্লভ প্ৰজাতিৰ ঔষধি গছেৰে ভৰা৷ এই পাহাৰেই তেওঁলোকৰ ভগৱান স্বৰূপ৷ সেয়ে নিয়মাগিৰিত পোৱা প্ৰতিটো জীৱ জন্তু, উদ্ভিদক নিজৰ সহোদৰৰ দৰেই জ্ঞান কৰি আহিছে।প্ৰয়োজন সাপেক্ষে অৰণ্যৰ পৰা সংগ্ৰহ কৰা এই আদিবাসীসকলৰ কাৰণে চিকাৰ কোনোদিনে তেওঁলোকৰ জীৱনধাৰাৰ অংগ হোৱা নাই।বিশ্বাস, যিহেতু এই পাহাৰেই তেওঁলোকৰ পিতৃ গতিকে ইয়াত বসবাস কৰা প্ৰতিটো জীৱৰেই সমানে জীয়াই থকাৰ অধিকাৰ আছে।
নিয়ামগিৰি পাহাৰৰ লগত ড’ঙ্গৰীয়াসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ পোনপটীয়া সম্পৰ্ক আছে। খোৱা পাতৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ সকলো লাগতিয়াল সামগ্ৰী আহৰণ কৰে নিয়মাগিৰিৰ পৰা।তেওঁলোক হৈছে সম্পূৰ্ণ ৰূপে আত্মনিৰ্ভৰশীল লোক।সেয়ে হয়তো সকলোৰে পৰা আঁতৰি থাকিও তেওঁলোক বহুত সুখী। আজিও এই আদিবাসীসকলে নিজে গ্ৰহণ কৰাৰ আগতে নিয়াম ৰজাৰ ওচৰত ভক্তি আৰু শ্ৰদ্ধাৰে শস্য, ফল-ফুল অৰ্পণ কৰে।
নিয়ামগিৰি পাহাৰে তেওঁলোকৰ জীৱন শৈলীৰ ওপৰত যে গভীৰতালৈ প্ৰভাৱ পেলাইছে, সেয়া ড’ঙ্গৰীয়া কলা সংস্কৃতিৰ মাজত স্পষ্টকৈ ফুটি উঠা দেখা যায়৷ তেওঁলোকে হাতেৰে তৈয়াৰী কৰা চাদৰ, ছ’ল আদিত আৰু ঘৰৰ বেৰত নিয়ামগিৰি পাহাৰৰ ত্ৰিভূজাকৃতিক দেখিবলৈ পোৱা যায়৷ ড’ঙ্গৰীয়া সমাজত জীৱৰ তেজক সৰ্বাধিক মহত্ত দিয়া হয়৷ বলি দিয়া জীৱৰ তেজেৰেই সকলো অপবিত্ৰতাক পৱিত্ৰ কৰণ কৰা হয়৷ ঘৰৰ কোনোলোকৰ বিয়োগৰ পিচতো ক্ৰিয়া কৰ্ম কৰাৰ পিচত বলি দিয়া চৰাইৰ তেজেৰেই সেই পৰিয়ালক বিশুদ্ধ কৰা যায়৷ ড’ঙ্গৰীয়া গাঁৱত এনে কিছুলোক আছে যাক গাওঁ বাসীয়ে সমাজত এক বিশেষ স্থান দি আহিছে৷ আমাৰ সমাজত থকাৰ দৰে এই আদিবাসীসকলৰ সমাজতো কোনো কোনো লোকৰ দেহত দেও লাগে৷ তেওঁলোকক কোৱা হয় বেজুণি আৰু বেজু৷ যদি তেওঁ এগৰাকী মহিলা হয়, তেনেহলে কোৱা হয় বেজুণি আনহাতে যদি পুৰুষ হয় তেওঁক কোৱা হয় বেজু৷ যেতিয়া কাৰোবাৰ পৰিয়ালত বা গাঁৱত কোনো বিপদ বা বাধা বিঘিনিয়ে দেখা দিয়ে,গাঁৱৰ মানুহে বেজুণি বা বেজুৰ দেউ উঠাৰ অৱস্থাত তাৰ প্ৰতিকাৰ বিচাৰি যায়৷ বিশ্বাস কৰে এনে লোকৰ গাত কিছুমান ঐশ্বৰিক গুণ আছে, যাৰ দ্বাৰা তেওঁলোকে ঈশ্বৰৰ লগত সম্পৰ্ক স্থাপন কৰি কাৰ ক’ত ভুল হৈছে আৰু সেই ভুলৰ শুধৰণি কেনেদৰে কৰিব পাৰি তাৰ উত্তৰ বিচাৰি উলিয়ায়৷ সাধাৰণতে তেনে ভুলৰ শুধৰণি বলি দিয়া জীৱৰ তেজ তেওঁলোকৰ ঈশ্বৰ ধৰিত্ৰী মাৰ ওচৰত অৰ্পণ কৰিয়ে কৰা হয়৷
যদিও এই আদিবাসীসকল আমাৰ আধুনিক সমাজৰ পৰা বহু আঁতৰত আছে, কিন্তু তেওঁলোকৰ দৈনন্দিন জীৱনধাৰা আৰু ৰীতি নীতিক ভিতৰৰ পৰা পৰ্য্যবেক্ষণ কৰিলে দেখা যাব আমাৰ সভ্য সমাজৰ ক্ৰিয়া কৰ্মৰ লগত ভালেখিনি মিল আছে৷ পাৰ্থক্য এই খিনিতেই আমি নিজকে আধুনিকতাক আঁকোৱালি ল’বলৈ সুবিধা পাইছো বা স্ব-ইচ্ছাৰে ওলাই আহিছো, য’ত নেকি আমাৰ দৰেই লোকসকলে সময়ৰ লগত খোজ মিলাই আগুৱাই আহিবলৈ অক্ষম হৈছে বা ওলাই আহিবলৈ ঈচ্ছা কৰা নাই৷ তেওঁলোকৰ ভাষা সংস্কৃতি, নৃত্য কলা,আভূষণ, উৎসৱ পৰ্ৱ, খাদ্যভ্যাস, সামাজিক ৰীতি নীতি আৰু তাতোকৈ অধিক, প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি থকা দায়বদ্ধশীলতাৰ পৰা বৰ্তমানৰ আধুনিক সমাজে কিছু কিছু শিকিবলগীয়া ভালেখিনি কথা আছে৷ যিদৰে আজিৰ ফেশ্বন ইণ্ড্ৰাষ্ট্ৰিয়ে আদিবাসী আভূষণ আৰু তেওঁলোকৰ হাতে বোৱা বস্ত্ৰত উঠোৱা ত্ৰিভূজাকৃতিৰ ডিজাইনক বজাৰত এণ্টিক ৰূপে মুকলি কৰি আধুনিক সমাজত সমাদৰ লাভ কৰিছে, ঠিক একেদৰে প্ৰকৃতিক সংৰক্ষণৰ মাজেৰে কেনেদৰে উপভোগ কৰিব লাগে, সেইখিনিও আমাৰ আধুনিক সমাজে তেওঁলোকৰ পৰাই পুনৰ শিকিব লাগিব৷ উন্নত মানদণ্ডৰ জীৱনধাৰাক পোৱাৰ আশাত শুদ্ধ জীৱন যাপন প্ৰণালীক অৱহেলিত কৰি স্বাৰ্থপৰৰ দৰে প্ৰকৃতিৰ ভাৰসাম্যক যিদৰে প্ৰত্যাহবান জনাই আহিছো আৰু বেছি দিন নাই য’ত প্ৰকৃতিয়ে আমাৰ ওপৰত শাসন কৰিবলৈ ল’ব৷ সুন্দৰ আৰু সুস্থ জীৱন ঘূৰাই পাবলৈ আজিৰ দিনত আমি আমাৰ আদিবাসীসকলৰ জীৱন প্ৰণালীক কোনো কোনো ক্ষেত্ৰত অনুকৰণো কৰিব লাগিব৷ মনত ৰাখিব লাগিব যে আমিও এদিন সেই অতব্য অৰণ্যৰ মাজৰ পৰাই ওলাই আহিছিলো ৷আমাৰ ঘাই শিপা আজিও সেই প্ৰকৃতিৰ মাজতেই সোমাই আছে৷ইয়াৰ মূলতেই আমাৰ সকলো জিজ্ঞাসাৰ অন্ত পৰে আৰু শুদ্ধ পথ বিচাৰি পাও।