বতাহঘুলিৰ দ্বিতীয় জন কভিড আক্ৰান্তৰ মৃত্যু

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২২ আগষ্টঃ বৃহস্পতিবাৰে বতাহঘুলিৰ ক’ৰ’ণাত আক্ৰান্ত দ্বিতীয়জন ব্যক্তিৰ মৃত্যু ঘটে।

মৃত ব্যক্তিজন আৱনি বৰ্মন(৫৯) বুলি জানিব পৰা গৈছে। ১৯ দিন আগতে ক’ৰ’ণাত আক্ৰান্ত বৰ্মনে প্ৰথম অৱস্থাত নিজ গৃহতে আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰিছিল।

মধুমেহ আৰু উচ্চ ৰক্ত চাপতো আক্ৰান্ত আছিল বৰ্মন। ৯ দিন নিজ গৃহত থকাৰ পিছত বৰ্মনৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু আই চি ইউত আঠদিন থকাৰ পিছত আজি মৃত্যুক সাৱতি লয়। মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়।

অৱনি বৰ্মন পেছাত এগৰাকী কাপোৰ ব্যৱসায়ী আছিল। বৰ্মন এজন অতি সহজ-সৰল লগতে সমাজ কৰ্মী আছিল।

প্ৰয়াত বৰ্মন ঐতিহ্য অসমৰ প্ৰতিষ্ঠাপক উপ-সভাপতি, বতাহঘুলি ভঠেলি উদযাপন সমিতিৰো উপ-সভাপতি আছিল।

লগতে তেখেতে বৃহত্তৰ বতাহঘুলিৰ গণপতি নাট্য সমাজৰ এগৰাকী সক্ৰিয় সদস্য আছিল।

তেখেতৰ মৃত্যুত ঐতিহ্য অসমৰ সাধাৰণ সম্পাদক ধীৰেন ভৰালী,গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰণঞ্জিৎ কুমাৰ বায়ন সম্পাদক ধৰণীধৰ তালুকদাৰ, বতাহঘুলি ভঠেলি উৎসৱ উদযাপন সমিতি তথা জনশিমলু হাইস্কুলৰ প্ৰধান শিক্ষক কনক কলিতাই শোক প্ৰকাশ কৰি পৰিয়ালৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here