জিএছটি: প্ৰাসংগিক চিন্তা

দেশৰ বিমুদ্ৰাকৰণৰ পাছত শাসনাধীন মোডী চৰকাৰে অৰ্থনৈতিক সংস্কাৰ সাধন কৰিবৰ বাবে নতুনকৈ গ্ৰহণ কৰা অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে জি এছ টি। এই নতুন পদক্ষেপক কাৰ্যকৰী হৈ যোৱা ৩০ জুনৰ সামনিশাৰ পৰা। আনুষ্ঠানিকভাৱে এই নতুন সেৱা দেশৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে শুভাৰম্ভ কৰে। জি এছ টি অৰ্থাৎ সামগ্ৰী সেৱাকৰ বিধেয়কখনে দেশৰ প্ৰতিটো ৰাজনৈতিক দল তথা কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰৰ সকলো জনপ্ৰতিনিধিৰ সমৰ্থনত জি এছ টি বিধেয়কখন প্ৰস্তুত কৰা হৈছে। বিধেয়কখন সংসদত গৃহীত হোৱাৰ উপৰিও প্ৰতিখন ৰাজ্যৰ বিধানসভাই জি এছ টি বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। দেশত এক কৰ ব্যৱস্থাৰ বাট সুচল হ’ল আৰু দেশত সংশোধিত কৰ ব্যৱস্থাই বজাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। জি এছ টি ব্যৱস্থাক দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰল কৰ ব্যৱস্থা বুলি অভিহিত কৰিছে। স্বাধীনোত্তৰ পৰৱৰ্তী সময়ছোৱাত দেশত সৰ্ববৃহৎ কৰ সংস্ককৰণ জি এছ টি প্ৰৱৰ্তনৰ দ্বাৰা সম্ভৱপৰ হ’ব। এই ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ যাওঁতে বিভিন্ন সমস্যা, তৰ্কবাদ্য বিৰোধিতা ইত্যাদি সকলোবোৰকে নেওচি যোৱা ২০১৬ চনৰ ৩ আগষ্ট তাৰিখে সংবিধানৰ ১২২নং সংশোধনী হিচাপে জি এছ টি বিধেয়কখন সংসদত গৃহীত কৰা হয়। জি এছ টি বিধেয়কৰ মুখ্য লক্ষ্য উদ্দেশ্য হ’ল প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ। দুই ধৰণে কৰ প্ৰৱৰ্তন হ’ব। জি এছ টি প্ৰত্যক্ষ কৰসমূহ আয়কৰ, যৌথ কোম্পানী কৰ, অতিৰিক্ত আবকাৰী কৰ ইত্যাদি। পৰোক্ষ কৰ আবকাৰী, অতিৰিক্ত আবকাৰী কৰ, সেৱা কৰ, কিনা-বেচা কৰ, আমোদ কৰ, প্ৰৱেশ কৰ আদি। নিত্য ব্যৱহাৰ্য একোটা সামগ্ৰীৰ ওপৰত বিভিন্ন ধৰণৰ পৰোক্ষ কৰ প্ৰযোজ্য হোৱাৰ বাবে প্ৰত্যক্ষ কৰসমূৰ প্ৰযোজ্য হোৱাৰ বাবে প্ৰত্যক্ষ কৰসমূহ তুলনাত পৰোক্ষ কৰসমূহ সংগ্ৰহত চৰকাৰী কৰ্তপক্ষই বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হয়। যাৰ সুবিধা বৰ্তমান এচাম অসাধু ব্যৱসায়ীয়ে আগবভাগ লৈ আহিছে। চৰকাৰে ৰাজহ কৰ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে বহু পৰিমাণে লোকচানৰ সন্মুখীন হৈছে। জি এছ টিৰ দ্বাৰা পৰোক্ষ কৰসমূহৰ বৈপল্পিৱ পৰিৰ্ৱন সাধন কৰিবলৈ জি এছ টি বিধেয়কখনৰ প্ৰৱৰ্তন কৰা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জি এছ টিৰ ফলশ্ৰুতিত কৰ সন্ত্ৰাসবাদীসকলৰ মনত আশাত চেঁচাপানী ঢালিব বুলি মত ব্যক্ত কৰিছে।

জি এছ টি হৈছে কোনো সামগ্ৰী এবিধৰ উৎপাদনৰ পৰা উপভোক্তাজনলৈকে হস্তান্তৰ কৰোতে আদায় দিয়া এক কৰ, উক্ত সামগ্ৰীবিধ বিক্ৰী কৰোতে আদায় দিব লগা কৰৰ পৰা ৰেহাই পোৱা যাব। জি এছ টি শাতংশ হিাচপে পাঁচটা ভাগত ভাগ কৰা হৈছে। ০ণ, ৫ণ, ১২ণ, ১৮ণ আৰু ২৮ণ। আমি নিত্য প্ৰয়োজনীয় আৰু কৃষিজাত সামগ্ৰীৰ ওপৰত ০ণ আৰু বিলাসী যিকোনো এবিধ সামগ্ৰীৰ ওপৰত ২৮ণ জি এছ টি কৰ বহন কৰিব লাগিব। ১,২১১ বিধ সামগ্ৰী ৯৮টা ভাগত বিভক্ত কৰি জি এছ টি কৰা নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিখন ৰাজ্যই সংগ্ৰহ কৰা জি এছ টি কৰক ৰাজ্যিক জি এছ টি, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জি এছ টি কৰক কেন্দ্ৰীয় জি এছ টি কিৰ হিচাপে গণ্য কৰা হ’ব। আন্তৰাজ্যিক বাণিজ্যৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা জি এছ টিক সংহত জি এছ টি বুলি কোৱা হয়। কোনো এখন ব্যৱসায়ক প্ৰতিষ্ঠানৰ যদি বছৰি বিক্ৰিয় পৰিমাণ ১.৫ কোটি টকাৰ কম হয় তেতিয়া ৰাজ্যই আৰু যদি অত্যধিক বেছি হয় তেতিয়া কেন্দ্ৰই জি এছ টি আৰোপ কৰিব। জি এছ টি বলৱৎ কৰাৰ ফলত বহু নিত্য ব্যৱহাৰ্য বা আমি দৈনন্দিন ব্যৱহাৰ কৰা বহু সামগ্ৰীৰ মূল্য হ্ৰাস পাব। সেয়েহে মোডী চৰকাৰৰ এয়া এক অতি সাহসী পদক্ষেপ বুলিব পাৰি।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here