দেশৰ উন্নয়নত বৃত্তিমূলক শিক্ষা

অশ্বিনী গগৈ

পৰিৱৰ্তন পৃথিৱীৰ বাবে অপৰিৱৰ্তনীয় নীতি বুলিব পাৰি। পৃথিৱীত পৰিৱৰ্তনৰ ফলত অতীতৰ মানৱ সমাজে বাস কৰা গুহা, গছৰ খোৰোং বা ঘন অৰণ্যত বসবাস কৰা মানুহৰ বংশধৰ লোকসকলে বৰ্তমান আটকধুনীঘাটক ঘৰ-দুৱাৰ, অট্টালিকা সাজি  আন্ধাৰ নাশি বিজুলি বাতিৰ পোহৰেৰে দিন-ৰাতি পাৰ্থক্য নোহোৱা কৰিছে। এই সকলো পৰিৱৰ্তনৰ মূলতে হয় শিক্ষা। এই শিক্ষাক পুথিগত শিক্ষা বুলিব নোৱাৰি। এই শিক্ষা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। জীৱন সংগ্ৰামৰ বিভিন্নবোৰ ঘটনাৱলী পৰা আৰ্জিত কৰা শিক্ষা। মানুহৰ জীৱনতো বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট। অভিজ্ঞতাল জীৱনৰ মাজেদি আহি মানুহে প্ৰস্তুৰ যুগ, নৱ প্ৰজন্মৰ যুগ, লৌহ যুগ, তাম্ৰ যুগ আদি যুগৰ অতিক্ৰম কৰি আজিৰ মানৱ সমাজে বৰ্তমানৰ যুগত উপনীত হৈছে।

সমগ্ৰ বিশ্বই কেতিয়াবা দ্ৰুত আৰু কেতিয়াবা মন্থৰ গতিৰে অতিক্ৰম কৰি পৃথিৱীৰ সামাজিক প্ৰস্থিতিৰ পৰিৱৰ্তন হৈছে বিশ্বৰ বিভিন্ন আগশাৰী দেশসমূহ দ্ৰুত গতিৰে পৰিৱৰ্তন হৈছে। এনেদৰে দ্ৰুতসাৰে পৰিৱৰ্তন হোৱা উন্নত দেশৰ তুলনাত আমাৰ দেশৰ পৰিৱৰ্তনৰ গতি ধাৰা মন্থৰ বুলিব পাৰো।

কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে, স্বাধীন ভাৰতৰ প্ৰতিজন লোকেই দেশৰ পৰিৱৰ্তন দ্ৰুত গতিৰে হোৱাতো আশা কৰে। দেশৰ সংবিধানত উল্লেখ কৰা প্ৰস্তাৱনা অনুসৰি আমাৰ দেশে ভাৰতবৰ্ষ এখন সাৰ্বভৌম, গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। আমাৰ কাষৰীয়া অন্যান্য দেশসমূহৰ লগত সমাঞ্জঞ্চ নতুবা সমতা স্থাপন কৰিবৰ বাবে দেশে দেশৰ কৃষ্টি-সংস্কৃতি, শৈক্ষিক-সামাজিক ইত্যাদি দিশত অধিক গুৰুত্ব দিব লগা হৈছে। বৰ্তমান আমাৰ দেশত বিদ্যালয়লৈ নোযোৱা বা  অন্য কাৰণত আধাতে বিদ্যালয় এৰা দেশৰ ৬ বছৰ পৰা ১৪ বছৰ বয়সৰ ৯.২ বিলিয়নৰো অধিক শিশুৰ প্ৰতি লক্ষ্য কৰি দেশৰ চৰকাৰে ‘শিশুৰ বিনামূলীয়াকৈ আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০০৯’ (The Right of  Children to free and compoulsory Education Act.2009)ৰ প্ৰণয়ন কৰি ২০১০ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা দেশৰ জম্মু আৰু কাশ্মীৰৰ বাহিৰে সমগ্ৰ দেশতে এই আইনখন প্ৰযোজ্য কৰি কাৰ্যকৰী কৰা হৈছে। আইনখনত ৬ বছৰৰ পৰা ১৪ বছৰৰ সকলো শিশুৰ শিক্ষা গ্ৰহণৰ বাবে অধিকাৰ আইনখনত ৩৭ টা ধাৰাক সন্নিৱিষ্ট কৰা হৈছে। উক্ত আইনখনৰ ১৫ আৰু ১৬ নং ধাৰাত উল্লেখ কৰা হৈছে যে দেশৰ প্ৰতিজন শিশুৱে শিক্ষা বৰ্ষৰ আৰম্ভণি লগে লগে বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব অথবা বিদ্যালয় কৰ্তৃপক্ষই বৰ্ধিত কৰা সময়ৰ ভিতৰতো নামভৰ্তি কৰিব পাৰিব। অন্যথা বৰ্ধিত সময় অতিক্ৰম কৰাৰ পাছতো অসুবিধাজনিত কাৰণত  নতুবা অন্য কাৰণত নামভৰ্তি কৰিব বিচাৰিলে তেনে ধৰণৰ শিশুকো নামভৰ্তিৰ ক্ষেত্ৰত অগ্ৰাহ্য কৰিব নোৱাৰিব। তদুপৰি বৰ্ধিত সময় অতিক্ৰমৰ পৰিৱৰ্তি সময়ত নামভৰ্তি কৰা শিশুসকলক পাঠ্যক্ৰম বা শিক্ষণ প্ৰণালী দিশবোৰ সম্পূৰ্ণ কৰিবলৈ বিদ্যালয়খনে গুৰুত্ব দিব লাগিব। এনে ক্ষেত্ৰত নিৰ্ধাৰিত সময়ত সংশ্লিষ্ট চৰকাৰী নিয়ম অনুসৰি  সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। প্ৰাথমিক শিক্ষা শেষ নোহোৱালৈকে কোনো শিশুকে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰিব নতুবা একেটা শ্ৰেণীতে ৰাখি থব নোৱাৰিব। সুস্থ মনৰ বাবে সুস্থ স্বাস্থ্যৰ প্ৰয়োজন। সুস্থ মনৰ দ্বাৰা প্ৰতিটো শিশুৱে শৈক্ষিক দিশত তথা সহবিদ্যায়তনিক দিশত সৰ্বাংগিন উন্নতীৰ বিকাশ কৰিবৰ বাবে সু সুস্থ্যৰ প্ৰয়োজন।  শিশুৰ সু স্বাস্থ্যৰ বাবে পৰিপুষ্টি প্ৰয়োজন। প্ৰাথমিক বিদ্যালয়ৰ ১৪ বৰ্ষৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিপুষ্টি হিচাপে বিদ্যালয়ত আহাৰ গ্ৰহণ কৰিব পাৰে তাৰ বাবে ভাৰত চৰকাৰে মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণ কৰিছে।  বিদ্যালয়ত মধ্যাহ্ন ভোজন ব্যৱস্থাই শিশুসকলৰ পৰিপুষ্টি বজাই ৰাখিব পাৰিব। লগতে নামভৰ্তিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো এনে ব্যৱস্থাই বৃদ্ধি কৰিছে আৰু আধাতে বিদ্যালয় এৰা শিশুৰ সংখ্যাও কমি গৈছে। কিন্তু কেৱল পুথিগত শিক্ষাই কোনো এখন দেশৰ বাবে উন্নয়নৰ ক্ষেত্ৰত  বিশেষ ভূমিকা ল’ব নোৱাৰে যদিহে শিক্ষা ব্যৱস্থাত বৃত্তিমূলক শিক্ষা প্ৰদান কৰা নহয়। ১৯৫১ চনৰ ২১ ডিচেম্বৰত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি ড০ ৰাজেন প্ৰসাদ বৰুৱাই শিক্ষা ব্যৱস্থাত বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা শতিকাসমূহত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰখনৰ ন ন আৱিষ্কাৰসমূহে পৃথিৱীৰ সভ্যতাৰ ৰেখাডালক দ্ৰুত ৰূপত সলনি কৰি পেলাইছে। ঠিক একেদৰে বৰ্তমান সময়ছোৱাতো বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ ওপৰত বহুল পৰিমাণে গুৰুত্বতা আৰোপ কৰা হৈছে। কাৰিকৰী প্ৰযুক্তি বিদ্যা ইত্যাদি শিক্ষা ব্যৱস্থাৰ সহায়ত প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যত জীৱনৰ সময়বোৰত নিৰ্দিষ্ট বৃত্তিক নিৰ্বাচন কৰি জীৱিকাৰ পথ উলিয়াব পাৰে তাৰ নিৰ্দেশনা আদি আনুষ্ঠানিক বা অনানুষ্ঠানিক সমূহৰ দ্বাৰা উল্লেখ কৰা হৈছে। তেতিয়াহে চৰকাৰে বলৱৎ কৰা মধ্যাহ্ন ভোজন আঁচনি আৰু শিক্ষাৰ অধিকাৰ আইনখনে সফলতা লাভ কৰিব বুলিদেশৰ জনসাধাৰণে  আশা কৰিব পাৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here