শিলপুখুৰী কালি মন্দিৰত নক্ষত্ৰৰ দুপৰীয়াৰ আহাৰ বিতৰণ

0
11

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২২ আগষ্টঃ ক’ৰ’ণা মহামাৰীৰ সংক্ৰান্তত চলিত বৰ্ষৰ লকডাউনে সৰ্বস্তৰৰ জনসাধাৰণক আৰ্থিকভাৱে কোঙা কৰিছে৷

সাধাৰণ শ্ৰমজীৱী জনসাধাৰণে খাদ্য সংকটৰ সন্মুখীন হৈছে৷ ইয়াৰ বাবেই ব্যক্তিগত সামাজিক সংস্হা নক্ষত্ৰই আজি মহানগৰীৰ শিলপুখুৰীৰ নৱগ্ৰহ কালি মন্দিৰ প্ৰাংগণত দুপৰীয়াৰ আহাৰ বিতৰণ কৰে৷

সভাপতি বলিন বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে অনুষ্ঠানত উপস্থিত থাকি শ্ৰমজীৱী মানুহৰ মাজত আহাৰ বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে৷

আজি দিনৰ ১বজাৰ পৰা ৩বজালৈ আৰম্ভ কৰা আহাৰ বিতৰণ অনুষ্ঠানত প্ৰায় দুই শতাধিক ব্যক্তিয়ে আহাৰ গ্ৰহন কৰে৷

উল্লেখ্য যে সমাজকৰ্মী চিন্তু ডেকাৰ লগতে নক্ষত্ৰৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়াই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here