প্ৰাগডেস্ক, গুৱাহাটী, ২৪ আগষ্টঃ কোভিড-১৯ ৰোগীৰ সংখ্যাই দেশে বিদেশে ৩০ লাখেৰো অধিক অতিক্ৰম কৰিছে। সেই সময়তে এক সুখৱৰ, কোভাক্সিন, জাইকো-ডি আৰু অক্সফোর্ড বিশ্ববিদ্যালয়ো ভ্যাক্সিন প্রার্থী, বৰ্তমান ‘কোভিশ্বিল্ড’ হিচাবে বাজাৰত উপলব্ধ কৰাৰ বাবে এই মুহূর্তত ভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিভিন্ন পর্যায়ত আছে৷ আশা কৰা হৈছে যে, দেশৰ সংকিত জনসাধাৰণে কম দিনৰ সময়সীমাৰ ভিতৰতে এটি কাৰ্যক্ষম ভ্যাক্সিন পাবলৈ সক্ষম হ’ব।
অলপতে Serum Institute of Indiaই নিজেই এটা গুজব সৃষ্টি কৰিছিল যে এটি ভাৰতীয় টিকা ৭৫ দিনৰ ভিতৰতেই সৰবৰাহ কৰা হ’ব, যিটো পিচত স্পষ্ট কৰি দিয়া হৈছিল।
যোৱা কেইসপ্তাহত, ভাৰতত ভ্যাকসিন বিতৰণ আৰু বিপণনৰ কৌশল প্ৰষ্টুট কৰণৰ হেতু শীর্ষ পর্যায়ৰ কর্তৃপক্ষই কেবালানিও সভা সমিতি অনুষ্ঠিত কৰিছে।
কেন্দ্রীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রী, ডাঃ হর্ষবর্ধনে কৈছিল যে তেওঁ দেশৰ নেতৃস্থানীয় ভ্যাকসিন ট্রায়েলবোৰক লৈ যঠেষ্ট আশাবাদী আৰু এই বছৰৰ ডিচেম্বৰৰ শেহৰ ভাগত দেশে এক ভাল ফলাফল পাবলৈ সক্ষম হ’ব, ইয়াৰ পিচতেই গণ উৎপাদন আৰম্ভ হব; তেওঁ ভাৰতৰ ঔষধ প্ৰস্তুতকাৰীসকলক অতি শীঘ্ৰেই এটি কাৰ্যক্ষম ভেক্সিন প্ৰস্তুত কৰি উলিয়াবলৈও পৰামর্শ আগবঢ়াই।