শিৱসাগৰত মহা মৃত্যুঞ্জয় যজ্ঞ সম্পন্ন

0
12

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা,২৬ আগষ্টঃ সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰ’ণাত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷

আনহাতে বহুলোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে।

ক’ৰ’ণাত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ থকা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে ক’ৰ’ণাত আক্ৰান্ত সকলো ব্যক্তিৰ আশু আৰোগ্য কামনা কৰি তেওঁৰ শুভাকাংক্ষীসকলে আজি শিৱসাগৰ থানাপট্টিৰ হনুমান মন্দিৰত মহা মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰে৷

অনুষ্ঠানত বেদ জ্যোতি ভূঞা, প্ৰণৱ বৰুৱা, উদয় বৰুৱা, সৌৰভ ভাগৱতী, অনুপল দাস, মিথুন দে’, দীপু হাজৰিকাৰ লগতে সংবাদকৰ্মী ৰাতু দাসো উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here