প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২৮ আগষ্টঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় পীঠস্থান বাৰঘৰীয়া বাৰগোপাল থানত আজি মহাপুৰুষীয়া সমাজৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
মহাপুৰুষীয়া সমাজৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আয়োজন সভাখনত সভাপতিত্ব কৰে সম্পাদক প্ৰধান তিলক শইকীয়াই।
নলবাৰী,কামৰূপ (গ্ৰাম্য),দৰং,ওদালগুৰি আদি জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।
সভাখনত মহাপুৰুষীয়া সমাজৰ উপসভাপতি দন্দেশ্বৰ মেধি,ভাৰপ্ৰাপ্ত সভাপতি দানেশ্বৰ ডেকা,যুটীয়া সম্পাদক মিলিক কুমাৰ,কেন্দ্ৰীয় আই -মাতৃ মঞ্চৰ প্ৰাক্তন সম্পাদিকা পখিলা কুমাৰ ,প্ৰচাৰ সাংগঠনিক সম্পাদক বৃষ্টি ৰাম ৰাভাকে ধৰি বহুকেইজন কৰ্মকতাই ভাষণ প্ৰদান কৰে।
Facebook Comments