আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনলৈ সম্পূৰ্ণ প্ৰস্তুত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যঃ পূৱ গুৱাহাটী সমষ্টিত বিভিন্ন স্হান পৰিদৰ্শন কৰি সমস্যা সমধানৰ তৎপৰতা বিধায়ক ভট্টাচাৰ্যৰ

0
14

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১ ছেপ্টেম্বৰঃ আগন্তুক অসম বিধানসভা নিৰ্বাচনলৈকে আৰু মাত্ৰ কেইটামান মাহ বাকী থকাৰ সময়তে সমষ্টিসমূহত বিভিন্ন নেতাই টিকত পোৱাৰ আশাত সমষ্টিসমূহত ৰাইজৰ ওচৰ চপা দেখিবলৈ পোৱা গৈছে৷

অসমৰ একমাত্ৰ চহৰ কেন্দ্ৰীক সমষ্টি পূৱ গুৱাহাটীত টিকটৰ আশাত ইতিমধ্যে কেইবাগৰাকী নেতাই সমষ্টিৰ বিভিন্ন স্হানত সভা সমিতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷

এই সমষ্টিটোত বিভিন্ন ভাষা-ভাষী, ধৰ্ম-ধৰ্মালম্বী লোকৰে ভৰপুৰ৷ শিক্ষিত নাগৰিকৰে ভৰপুৰ পূৱ-গুৱাহাটী সমষ্টি ৷

সেয়ে ভোটাৰৰ মন জয় কৰিব পৰাটো ইমান সহজ নহয়৷ অসমৰ অন্য সমষ্টিতকৈ পূৱ গুৱাহাটী সমষ্টিৰ ভোটাৰ কিছু পৃথক বুলি কব পাৰি৷

নিৰ্বাচিত বিধায়ক হ’বলৈ হ’লে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়৷ এইক্ষেত্ৰত ২০১৬ বৰ্ষৰ বিধান সভা নিৰ্বাচনত ভোটৰ শতাংশ অনুযায়ী অসমৰ ভিতৰত সৰ্বাধিক ভোটত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য জয়যুক্ত হৈছিল৷বিৰোধী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদ্বণ্ডিতাৰ শাৰীলৈকে যাব পৰা নাছিল৷ ইয়াৰ মূলতে হ’ল ভট্টাচাৰ্যৰ অশেষ পৰিশ্ৰম’ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবেই হয়তো এনেকুৱা ফল পাবলৈ সক্ষম হৈছিল৷

বিধায়ক গৰাকীয়ে সেই সময়ত পূৱ গুৱাহাট সমষ্টিৰ অলিয়েগলিয়ে ঘুৰি ফুৰিছিল৷ ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পিছৰ পৰা যেন দিন ৰাতি একাকাৰ কৰি বিধায়কগৰাকীয়ে সমষ্টিৰ প্ৰতিটো অঞ্চলত সোমাই পৰিছিল৷

মণ্ডল সমিতি, ৱাৰ্ডত সমিতিৰ সদস্যসকলেও যঠেষ্ট সক্ৰিয়তাৰে জনসাধাৰণৰ মাজত সোমাই পৰিছিল৷ বিধায়কগৰাকীয়ে সমষ্টিৰ বিভিন্ন অঞ্চলৰ সমিতিসমূহৰ লগত সু-সম্পৰ্ক গঢ়ি উঠিছিল৷

হয়তো তাৰ ফলত অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটৰ শতাংশত জয়যুক্ত হ’বলৈ সক্ষম হৈছিল৷ ২০১৬ বিধান সভা নিৰ্বাচনত জয়যুক্ত হোৱাৰ পিছৰে পৰা সমষ্টিবাসী ৰাইজৰ যঠেষ্ট উন্নয়নমূলক কাম কাজ কৰিবলৈ সক্ষম হৈছে৷

বাটপথ নলা নৰ্দমা নিৰ্মাণ হৈছে৷ বিভিন্ন স্হানত ষ্ট্ৰীট লাইট লগতে স্বাস্থ্য-শিক্ষাৰ বাবে বিভিন্ন জনক সাহয্য আগবঢ়াই আহিছে৷ এনেস্থলত পুনৰ ২০২১ বিধান সভা নিৰ্বাচনৰ বাবেই ভট্টাচাৰ্যক বিধায়ক হোৱাটো বিচাৰে ৷

সেইটোৱেই ভট্টাচাৰ্যই নিৰ্বাচনলৈকে কেইমাহমান বাকী থকা সময়য় চোৱাত সমষ্টিৰ বিভিন্ন  স্হানত উপস্থিত হৈ নাগৰিকসকলৰ লগত মত বিনিময় কৰি সমস্যাসমূহৰ ওপৰত বৃস্তিত আলোচনা কৰে৷

শনিবাৰে ছাত্ৰীবাৰী অঞ্চলৰ কেইবাটাও উন্নয়ন সমিতিৰ লগত বৈঠক অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে শনিবাৰে পুনৰ চানমাৰি অমিয়নগৰ জয়পুৰ কাহিলীপাৰা অঞ্চলৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰি এক প্ৰকাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা বুলি একাংশ নাগৰিকে ক’ব বিচাৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here