বিশ্ববিদ্যালয় সপ্তাহ কিছু অনুভৱ

ড০ ভূপেন হাজৰিকাৰ ভাষাৰে-

“প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

তোমাক কি লাগে কোৱা

মনৰ দুৱাৰ মেলি নিৰ্ভিকভাৱে কলো

তোমাৰ শক্তিখিনি দিয়া।

 

মনৰ আশা, সপোনসমূহ ভৱিষ্যতৰ শক্তিলৈ পৰিৱৰ্তিত কৰাৰ মানসেৰে প্ৰতি বছৰে অলেখ ছাত্ৰ-ছাত্ৰীৰ বিশ্ববিদ্যালয়লৈ আগমণ ঘটে। শৈক্ষিক জগতখনৰ গভীৰ অধ্যয়নৰ কালছোৱাত ষান্মাসিক ব্যৱস্থাৰ ধান-খুমীয়াত ছাত্ৰ-ছাত্ৰী সমূহ হেৰাই যায়, ব্যস্ত বয় শৈক্ষিক জগতখনৰ বিশদ অধ্যয়নত।

বিশ্ববিদ্যালয় সমূহক মুক্ত চিন্তাৰ প্ৰাণকেন্দ্ৰ হিচাপে অভিহিত কৰা হয়, য‘ত সামাজিক তথা বিদ্যাতনিক শিক্ষাৰে শিক্ষিত হৈ অহা ছাত্ৰ সমাজে নিজকে উদ্ভাৱন কৰিবলৈ সুবিধা পায়। এনে এক উদ্ভাৱনৰ চাবি কাঠি বিশ্ববিদ্যালয় সপ্তাহ। যান্ত্ৰিক প্ৰতিযোগিতাৰ ধামখুমীয়া ছাত্ৰ-ছাত্ৰী সমূহ হেৰাই যাবলৈ  নিদি মানসিক উত্তৰোত্তনৰ জ্যোতিৰে ছাত্ৰ সমাজক উদ্ভাসিত কৰি তোলে বিশ্ববিদ্যালয় সপ্তাহে।

মাহযোৰা ব্যস্ততাভৰা প্ৰস্তুতি অন্তত সপ্তাহ যোৰা কাযৰ্্যসূচীৰে পালন কৰা হয় বিশ্ববিদ্যালয় সপ্তাহ. ক্ৰিকেট ফুটবল বেডমিন্টন আদিৰ দৰে উল্লেখযোগ্য খেলসমূহকে আদি কৰি ৰছী টনাৰ দৰে পৰমপৰাগত খেলসূমহ, আন্তঃবিভাগ আৰু আন্তঃআবাস প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা, সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। প্ৰায় একমাহ ধৰি চলা প্ৰস্তুতি প্ৰক্ৰিয়াত প্ৰতিটো বিভাগ, প্ৰতিটো আৱাসীৰ আশাসুধীয়া প্ৰচেষ্টা জড়িত হৈ থাকে। দিন ৰাতি একাকাৰ কৰি অনেক বাধা অতিক্ৰমী ছাত্ৰ-ছাত্ৰী সমূহ নিমজ্জিত হয় নিজ বিভাগ অথবা আৱাসৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ যুঁজত। জ্যেষ্ঠ-কনিষ্ঠৰ মাজৰ বৃহৎ দেৱালয় ভাঙি সকলো আগুৱাই যায় অঘোষিত প্ৰতিযোগিতাখনিত অংশ লবৰ বাবে।

চেন্টি — এই বিশেষ শব্দটো এই এই বিশেষ সময়তে তীব্ৰতৰ হৈ উঠে।এই বিশেষ শব্দটোৱে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ আহে উদ্যম। এই বিশেষ সমষখিনিত নিচেই কাষতে লাগি থকা বিভাগটোও অচিনাকী হৈ পৰে, শ্ৰেণীৰ অনিয়মীয়া ছাত্ৰজনো নিজৰ বিভাগটোলৈ ঢাপলি মেলে, কেতিয়াও ক্ৰিকেটৰ বেট চুই নোপোৱা, ভলীবলৰ নিয়ম নজনা ছোৱালীজনীও ওলাই আহে  নিজৰ বিভাগটোক প্ৰতিনিধিত্বৱ কৰিবলৈ, ঘৰত সামান্য আঘাততে চকুপানী ওলোৱা ছোৱালীয়েও এইকেইদেনত আঘাতপ্ৰাপ্ত খেলুৱৈৰ শুশ্ৰুষা কৰে বিশ্ববিদ্যালয় সপ্তাহত।

এই বিশ্ববিদ্যালয় সপ্তাহে কেৱল আমাক মানসিকভাৱেই সবলনকৰে. আয়ে যুৱ প্ৰজন্মৰ মাজত জীয়াই ৰাখিছে পৰম্পৰাগত সংস্কৃতি। ৰছী টনা, কাবাডী, পিঠা বনোৱা আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজনেৰে যুৱ প্ৰজন্মক এইসমূহৰ প্ৰতি আগ্ৰহী কৰি তোলে।

এই বিশেষ সাতোটা দিনে  ছাত্ৰ-ছাত্ৰী সমূহৰ মাজত অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি কৰে যদিও কঢ়িয়াই আনে একতা আৰু মানবীয়তা, দৃঢ় কৰে ছাত্ৰ সমাজৰ মাজত ভ্ৰাতৃত্ববোধ। যান্ত্ৰিকতাৰে ভৰা পৃথিৱীখনৰ ব্যস্ততাৰ মাজতে এই বিশেষ দিনকেইটাই প্ৰতিটো বিভাগক, প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক জনাত সহায় কৰে, বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতাসমূ্হ ছাত্ৰ সকলক পূৰ্ণাংগ বিকাশত সৰ্বটোপ্ৰকাৰে বৰঙণি যোগায়। এই দিশে, দিনকেইটাত আহৰণ কৰা বৰ্ণিল অভিজ্ঞতায়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক কেৱল মানসিকভাৱে সৱল কৰাৰো নহয়, জীৱনটোক ইতিবাচক দিশত আগুৱাই লৈ যোৱাটো সহায় কৰে। ই জীৱনটোক ইতিবাচক দিশত আগুৱাই লৈ যোৱাটো সহায় কৰে।

এক কথাত, জীৱনৰ বিশালতাক হৃদয়াঙ্গম কৰাৰ আখৰা থলীয়ে বিশ্ববিদ্যালয় সপ্তাহ, য’ত আৰম্ভ হয় বাস্তৱ জূৱনৰ পংকীলতাৰ সন্মুখীন হোৱা কুচ-কাৱাচ।

 –  উৎপলা ভূঞা

সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here