দেৰগাঁও সমষ্টিত কংগ্ৰেছত খহনীয়াঃ কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছীৰ বিজেপিত যোগদান

0
18

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ পৰা অমৃত কুমাৰ শৰ্মা, ১ ছেপ্টেম্বৰঃ যোৰহাট জিলাৰ ৯৭ নং দেৰগাঁও সমষ্টিৰ ঢেকৰগঢ়া মণ্ডলৰ অন্তৰ্গত ৪১ নং মধ্য পৰ্বতীয়া গাওঁ পঞ্চায়তত অনুষ্ঠিত এক যোগদান সভাত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ জ্যেষ্ঠ কংগ্ৰেছী ক্ৰমে অমৰজ্যোতি বৰা, ৰিতুল বৰা, মৃগেন বৰা, অনিল শইকীয়া, ভূপেন বৰবৰা, জয়ৰাম বৰা, টুটু কলিতা, তিলেশ্বৰ শইকীয়া কে ধৰি ২০ গৰাকী কংগ্ৰেছকৰ্মীয়ে গেৰুৱা দলত যোগদান কৰে।

উক্ত অনুষ্ঠানত ৪১ নং মধ্য পৰ্বতীয়া গাওঁ পঞ্চায়তৰ সভাপতি জোণমণি দাস , বিজেপি ঢেকৰগড়া মণ্ডলৰ সম্পাদক নিৰেন শইকীয়া, বিজেপি IT cell incharge ৰূপম বৰবৰাকে আদি কৰি বহুকেইজন দলীয় কৰ্মকৰ্তা উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here