নুনমাটি সাহিত্য সভাৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১ ছেপ্টেম্বৰঃ অসম সাহিত্য সভাৰ অন্যতম শাখা নুনমাটি সাহিত্য সভাৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস মহামাৰী সদৃশ কোভিড ১৯ ৰ প্ৰতি লক্ষ্য ৰাখি আৰু প্ৰশাসনৰ নিয়ম নীতিৰ মাজেৰে নুনমাটি অঞ্চলৰ উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয় ।

নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়ে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলেনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত স্মৃতি তৰ্পণ কৰে সভাৰ উপসভাপতি ড০ বংশীধৰ কলিতাই ।

তাৰ পিচতে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কমল কলিতাই এইবেলি অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰাৰ বাবে তেওঁক সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

বিগত ৩৪ বছৰৰ স্মৃতি ৰোমন্থন কৰি উপস্থিত ৰাইজলৈ বুলি বক্তব্য আগবঢ়ায় ক্ৰমে সভাপতি, উপসভাপতি, উপদেষ্টা কমল কলিতা, ৰত্নেশ্বৰ বসুমতাৰী, কোষাধ্যক্ষ লোকনাথ বৰুৱা, সদস্য চন্দ্ৰ দাস আৰু উপদেষ্টা নৃপেন কাকতিয়ে| অনুষ্ঠানটোৰ আঁতধৰে সম্পাদক এগৰাজ চেত্ৰীয়ে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here