কালান্তকৰূপী ক’ভিড-১৯ মহামাৰীৰ সময়ত অনলাইন শিক্ষাৰ গুৰুত্ব আৰু ইয়াৰ প্ৰতিক্ৰিয়া

0
66

                                                                        ৰেখামণি দাস, চামগুৰি, নগাঁও

ৰ্তমান সময়ত সমগ্ৰ বিশ্বব্যাপী চলা ক’ভিড-১৯ৰ সংহাৰী ৰূপৰ ভয়াবহতাত একপ্ৰকাৰ প্ৰায় স্থৱিৰ হৈ পৰিছে সমগ্ৰ বিশ্ব। কিন্তু বিশ্বৰ এই স্থৱিৰতাৰ মাজত শিক্ষাৰ দৰে এটি অতি গুৰুত্বপূৰ্ণ দিশৰ বৃহত্তৰ ক্ষতি হোৱাটো পৰিলক্ষিত হৈছে।সেয়ে বৰ্তমান অনলাইন শিক্ষাৰ গুৰুত্ব সৰ্বত্ৰতে উপলব্ধি হোৱা দেখা গৈছে আৰু তাৰ লগে লগে আৱশ্যকতা অনুভৱৰ জৰিয়তে ইয়াৰ জনপ্ৰিয়তাও বৃদ্ধি পাইছে।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন অহাটো তেনেই স্বাভাৱিক আৰু সেই পৰিৱৰ্তনৰ ফলস্বৰূপেই শিক্ষাক্ষেত্ৰলৈ অহা বৃহৎ আৰু ফলপ্ৰসূ পদ্ধতিটোৱে হ’ল অনলাইন শিক্ষা ব্যৱস্থা,যাক ই-শিক্ষা বুলিও কোৱা হয়। অনলাইন শিক্ষা, বিভিন্ন কাৰণবশতঃ মানৱ জীৱনৰ বহুল সুবিধাৰ্থে জনপ্ৰিয় হৈ পৰা দূৰ শিক্ষা ব্যৱস্থাতকৈ অধিক ফলপ্ৰসূ হৈ পৰা দেখা গৈছে।কাৰণ অনলাইন শিক্ষা ব্যৱস্থাত শিক্ষক-শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত এক সুকীয়া সংযোগ স্থাপন হয়,যিটো দূৰ শিক্ষা ব্যৱস্থাত কম উপলব্ধ।

অনলাইন শিক্ষা ব্যৱস্থা ইলেকট্ৰনিক মাধ্যম যেনে- কম্পিউটাৰ,স্মাৰ্টফোন, টেবলেট আদিৰ মাধ্যমেৰে শ্ৰেণীকোঠা বিহীনভাৱে অথচ নিৰ্দিষ্ট বিষয়ৰ শিক্ষকৰ লগত প্ৰতিজন ছাত্ৰৰ সমসংযোগেৰে সম্পন্ন হোৱা এটি আধুনিক শিক্ষা ব্যৱস্থা।এই শিক্ষা ব্যৱস্থাৰ উদ্ভৱ আমেৰিকাত ১৯৯০চনতে আৰম্ভ হৈছিল।

বৰ্তমান সময়ত ক’ভিড ১৯ মহামাৰী ৰোধৰ নিমিত্তে সমগ্ৰ বিশ্বতে হোৱা তলাবন্ধৰ ঘোষণাই সামাজিক, অৰ্থনৈতিক আদি বিভিন্ন ব্যৱস্থাৰ লগতে শিক্ষা ব্যৱস্থাৰো বৃহৎ ক্ষতি হোৱাটো পৰিলক্ষিত হৈছে। প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে এক প্ৰকাৰ ব্যাহত হৈ পৰিছে। কিন্তু এইক্ষেত্ৰত যথেষ্ট আশাৰ ৰেঙনি দিছে অনলাইন শিক্ষা ব্যৱস্থাই।এই অনলাইন শিক্ষা ব্যৱস্থাই ক’ভিড-১৯ ৰ দৰে এই মাৰাত্মক মহামাৰীৰ সময়চোৱাত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি একেবাৰে উচ্চ পৰ্যায়লৈকে যথেষ্ট অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।আৰু অকল সেয়ে নহয় প্ৰাথমিক শিক্ষাৰ পৰা একেবাৰে উচ্চ পৰ্যায়ৰ শিক্ষাৰ উপৰিও বৰ্তমান যোগ, নৃত্য,গীতকে আদি কৰি শিক্ষাৰ বিভিন্ন ক্ষেত্ৰসমূহৰ লগত বাৰুকৈয়ে জড়িত হৈ পৰি শিক্ষাৰ ক্ষেত্ৰসমূহত হ’বলগীয়া বহুখিনি নিশ্চিত বিপৰ্যয়ৰ পৰা শিক্ষাৰ সেই আনুষংগিক দিশবোৰকো আগুৱাই নিয়াত যথেষ্টখিনি অৰিহণা যোগাইছে।

১৯৯০ চনতে আমেৰিকাত আৰম্ভ হৈ ইউৰোপীয় দেশসমূহত প্ৰসাৰ-প্ৰচাৰ লাভ কৰা অনলাইন শিক্ষা ব্যৱস্থাই কালান্তকৰূপী ক’ভিড-১৯ মহামাৰীৰ আগমনৰ আগতেই আমাৰ চাৰিওফালৰ প্ৰতিযোগিতামূলক দৌৰখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত কেৱল ইয়াৰ ইতিবাচক সুবিধাসমূহৰ বাবেই বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছিল।এক তথ্যত প্ৰকাশ পোৱা মতে জানিব পৰা যায় যে বৰ্তমান সমগ্ৰ বিশ্বজুৰি প্ৰায় ৩০০ ৰো অধিক পাঠ্যক্ৰম এই অনলাইন শিক্ষা যোগে চলি আছে। গতিকে ইয়াৰ পৰাই জানিব পাৰি যে অনলাইন শিক্ষাৰ গুৰুত্ব কিমান।সেয়ে ক’ৰ’ণাৰ দৰে বিশ্বব্যাপী ভয়াবহ সন্ত্ৰাস সৃষ্টিকাৰীৰ কালৰূপী গতিপথ ৰোধৰ নিমিত্তে দেশত হৈ পৰা তলাবন্ধ বা পূৰ্ণ তলাবন্ধৰ সময়চোৱাত অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদি বিভিন্ন ব্যৱস্থাৰ লগতে দেশৰ শিক্ষা খণ্ডলৈও অপূৰণীয় ভাবুকি কঢ়িয়াই অনা ৰুদ্ধগতিক এক ছন্দোময় গতি প্ৰদানেৰে নিৰৱধি বোৱায় লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ ক্ষেত্ৰত এই অনলাইন শিক্ষা ব্যৱস্থাৰ গুৰুত্ব কেতিয়াও নুই কৰিব পৰা বিধৰ নহয়।বৰঞ্চ এনে স্থিতিত অনলাইন শিক্ষা ব্যৱস্থাই এক চমৎকাৰী পদক্ষেপ গ্ৰহণ কৰিছে বা কৰিব বুলিহে সমাজৰ সচেতন ব্যক্তিসকলে বা শিক্ষাৰ্থী সকলে মতপোষণ কৰা দেখা গৈছে আৰু ইয়েই সময়ৰ আহ্বান ৰূপেও পৰিগণিত হৈ পৰিছে। বৰ্তমান এই সময়ৰ আহ্বানৰ প্ৰতি সহাঁৰি জনায়েই আজি বিশ্ববিদ্যালয়ৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহেও অনলাইন শিক্ষা ব্যৱস্থাৰ জৰিয়তে বৰ্তমান মহামাৰী ৰোধৰ বাবে ব্যাহত হৈ পৰা শিক্ষা ব্যৱস্থাটোক আগবঢ়ায় লৈ যাবলৈ যত্ন পৰায়ণ হৈ পৰা দেখা গৈছে। আৰু এই ক্ষেত্ৰত শিক্ষাৰ্থী সকলো বহু উপকৃত হৈছে।ঘৰতে বহি নিজৰ সুবিধা অনুসৰি শিক্ষা লাভ কৰিব পাৰিছে। শ্ৰেণীকোঠাত প্ৰতিজন ছাত্ৰৰ বাবে শিক্ষকৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত হৈ পৰিব নোৱৰাৰ অভাৱ এই অনলাইন শিক্ষা ব্যৱস্থাত পূৰ হৈছে।ঘৰত মনে বিচৰা সা-সুবিধাৰ মাজত, বিভিন্ন মন পছন্দৰ কৰ্ম কৰাৰ উপৰিও পূৰ্ণ মনোযোগেৰে শিক্ষা লাভ কৰাৰ সুযোগ লাভ কৰিছে।

তাৰোপৰি ব্যৱসায়িকভাৱে প্ৰচলন কৰা পাঠ্যক্ৰমসমূহৰ পৰিচালকসকলো বৰ্তমান এই মহামাৰীৰ সময়ত অনলাইন শিক্ষা ব্যৱস্থাৰ জৰিয়তে যথেষ্ট লাভান্বিত হৈ পৰা দেখা গৈছে। মুঠতে বৰ্তমান অনলাইন শিক্ষা ব্যৱস্থা এক বৃহৎ ব্যৱসায়ত পৰিগণিত হৈ পৰা দেখা গৈছে।আজিৰ পৰা বহু বছৰ আগতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইনষ্টিটিউট্ অৱ টেকন’লজিৰ এক সমীক্ষাত স্বাস্থ্য আৰু পানীৰ পিছতেই শিক্ষা এক বৃহৎ ব্যৱসায়ত পৰিণত হ’ব বুলি প্ৰকাশ পাইছিল। আনহাতে আন এক সমীক্ষাত প্ৰকাশিত হৈছিল যে ২০২১ চনৰ ভিতৰত ভাৰতৰ অনলাইন শিক্ষা উদ্যোগে ১.৯৬ বিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰিব। সময়ে এতিয়া উক্ত দুয়োটা সমীক্ষাৰেই পূৰ্ণ সত্যতাক প্ৰমাণিত কৰিছে। আমাৰ দেশত এই অনলাইন শিক্ষা ব্যৱস্থা, শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰাৰ ভালেমান দিন হ’ল যদিও ক’ৰ’ণা মহামাৰীৰ অৰ্থাৎ ক’ভিড ১৯ৰ একমাত্ৰ প্ৰতিৰোধক হিচাপে খ্যাত এই তলাবন্ধৰ সময়চোৱাত অনলাইন শিক্ষাৰ প্ৰসাৰতা আৰু বিচিত্ৰতা যথেষ্ট বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত ইয়াৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সচাঁকৈয়ে লক্ষণীয়।

কিন্তু অনলাইন শিক্ষা ব্যৱস্থাৰ ইমানবোৰ ইতিবাচক গুণ থকাৰ বিপৰীতে ইয়াৰ কিছুমান নেতিবাচক গুণো নথকা নহয়। অনলাইন শিক্ষা ব্যৱস্থা এটি ব্যয়বহুল শিক্ষা ব্যৱস্থা। ইয়াৰ বাবে ইণ্টাৰনেট সেৱা, স্মাৰ্ট ফোন,লেপটপ, কম্পিউটাৰ আদিৰ প্ৰয়োজন। সেয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ শিক্ষাৰ্থীসকল এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰো সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰোপৰি অনুন্নত অঞ্চলৰ শিক্ষাৰ্থীসকলৰো অৱস্থা লেখত ল’বলগীয়া।কাৰণ অনলাইন শিক্ষা ব্যৱস্থাৰ বাবে স্মাৰ্ট ফোন আদিৰ যিমান প্ৰয়োজন হাইস্পীড ইণ্টাৰনেট ব্যৱস্থাৰো সিমানেই প্ৰয়োজন। কিন্তু এতিয়াও আমাৰ ৰাজ্যৰ বহু অঞ্চলত এই হাইস্পীড ইণ্টাৰনেট ব্যৱস্থাৰ বহুত অভাৱ,যাৰ ফলত স্মাৰ্ট ফোন বা লেপটপ আদিৰ ব্যৱস্থা কিবাকৈ কৰিব পাৰিলেও হাইস্পীড ইণ্টাৰনেট ব্যৱস্থা অপ্ৰাপ্তিৰ ফলতেই শিক্ষাৰ্থীসকলে অনলাইন শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ যে সন্মুখীন হ’বলগীয়া নহয় তাক একেষাৰে উলাই কৰিব নোৱাৰি।

কিন্তু বৰ্তমান ক’ভিড-১৯ ৰ নিচিনা বিশ্বসংহাৰী লেলিহান ৰূপৰ অনাকাংশিত শিখাৰ আকস্মিক আৱিৰ্ভাৱে অন্যান্য ক্ষেত্ৰবোৰৰ লগতে শিক্ষাৰ ক্ষেত্ৰখনতো অভাৱনীয়ভাৱে হঠাতে যি পৰিৱৰ্তনৰ সৃষ্টি কৰিছে, আচলতে তেনে এক পৰিৱেশ সকলোৰে বাবে সপোনৰো অগোচৰ আছিল। গতিকে ইমান আকস্মিকভাৱে হোৱা সকলোবোৰ সমস্যাৰ সমাধানো অতি কম সময়ৰ ভিতৰতে আকস্মিকভাৱে হোৱাটো সম্ভৱপৰো নহয়।বহু ক্ষেত্ৰত এই অনলাইন শিক্ষাৰ নেতিবাচক দিশ থাকিলেও ইয়াৰ ইতিবাচক দিশসমূহক কোনোপধ্যেই কম গুৰুত্বৰ বুলি ভাবিব নোৱাৰি। বৰ্তমান সময়ৰ শিক্ষাৰ প্ৰতিযোগিতা মূলক দৌৰখনৰ লগত ক’ৰ’ণাৰ ভয়াবহতা আঁতৰ হোৱাৰ পিছতো অনলাইন শিক্ষাৰ গুৰুত্ব অধিক মন কৰিবলগীয়া হৈ পৰিব।কাৰণ এবাৰ এখন দেওনা পাৰ হৈ উচ্চ সীমাত বগাবলৈ কৰা আপ্ৰাণ চেষ্টাক বিফল কৰি কোনেও দুখোজ পিছুৱাই আহিব নিবিচাৰে।সেয়ে ক’ৰ’ণা মহামাৰীৰ ভয়াবহতাই এদিন সাম কাটিলেও কিন্তু তাৰ ফলত এখোপ আগবাঢ়ি যোৱা অনলাইন শিক্ষা ব্যৱস্থা কেতিয়াও পিছুৱাই নাহে।বৰঞ্চ এঢাপ এঢাপকৈ আগবাঢ়িহে গৈ থাকিব।এনেস্থলত বিশেষ অসুবিধাৰ দোহাই দি এটি ফলপ্ৰসূ ব্যৱস্থাৰ পৰা নিজৰ লগতে আনকো আঁতৰাই ৰখাৰ কোনো যুক্তিযুক্ততা নাই। দৰকাৰ হ’লে সমস্যাসমূহৰ লগত সহবাস কৰি হ’লেও সেইসমূহক সন্মুখৰ পৰাই প্ৰতিহত কৰি অদম্য সাহসিকতাৰ পৰিচয়েৰে নিজৰ লগতে আন দহজনকো নিজ নিজ লক্ষ্যত উপনীত কৰোৱাই হৈছে আমাৰ একমাত্ৰ কৰ্তব্য আৰু দায়িত্ব। সেয়ে আহক আমি সময়ৰ আহ্বান মৰ্মে শিক্ষাৰ ক্ষেত্ৰত শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক-অভিভাৱিকা ,সচেতন ব্যক্তি বা সচেতন মহল সকলোৰে সন্মিলিত প্ৰচেষ্টাৰ উচিত মূল্যায়ন কৰোঁ। অৱশ্যে চৰকাৰী ফলপ্ৰসূ পদক্ষেপো এই ক্ষেত্ৰত বিশেষভাৱেই অপৰিহাৰ্য।সেয়ে বৰ্তমান সময়ৰ আহ্বান স্বৰূপ অনলাইন শিক্ষাৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও অনলাইন শিক্ষাৰ সামগ্ৰিক সফলতাৰ বাবে অন্যান্য ব্যৱস্থা সমূহৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ আৰু পিছপৰা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here