ঘগ্ৰাপাৰত বিজেপিৰ বৌদ্ধিক আৰু সম্বৰ্ধনা অনুষ্ঠান

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ৭ ছেপ্টেম্বৰঃ নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ অধীনস্থ ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত ৬ ছেপ্টেম্বৰত ঘগ্ৰাপাৰ হৰিমন্দিৰ বাকৰিত এখন বৌদ্ধিক আৰু সম্বৰ্ধনা অনুষ্ঠান হৈ যায়।

বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মনোজ ডেকাই।

সভাখনত নলবাৰী জিলা পৰা ৰাজ্যিক বিজেপিৰ বিভিন্ন চেলত নতুনকৈ দায়িত্ব লাভ কৰা বিজেপিৰ নেতাসকলক সম্বৰ্ধনা জনায়।

সভাত নলবাৰী বিধায়ক অশোক শৰ্মা, ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱাকে ধৰি নলবাৰী জিলা বিজেপিৰ, সভাপতি ডাঃ মৃগাংক তালুকদাৰ আদিয়ে ভাষণ দিয়ে।

ভাষণ প্ৰসঙ্গত আশোক শৰ্মাৰ লগতে জয়ন্ত মল্ল বৰুৱাই ২১ত হ’বলগীয়া নিৰ্বাচনত বিজেপিয়ে আকৌ চৰকাৰ গঠন কৰিব বুলি দাবী কৰাৰ লগতে তৃণমুল কৰ্মীসকলক সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে আহ্বান জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here