আজি ৮ ছেপ্টেম্বৰঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন উপলক্ষ্যে প্ৰাগজ্যোতিষৰ শ্ৰদ্ধাঞ্জলী

0
37

কবি-লেখিকা ৰেখা বৰকটকীৰ কবিতা আৰু আবৃত্তিৰে সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য…

——————————————————————————————————


সুধাকন্ঠলৈ এটি লিখনীৰে শ্ৰদ্ধাৰ্ঘ জনাইছে ✍️ৰেখামণি দাসে-

গানেৰে সৰগ ৰচিব খোজা অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলী

“Songs are definitely instruments for social change”
যাযাবৰী জীৱনৰ প্ৰতিটো নিশাই
জাগ্ৰত প্ৰহৰী ৰূপে
অসম আৰু অসমীয়াৰ হ’কে
ৰচিব খুজি সৰগ
সুৰেৰে গানেৰে
বোৱাই আপোন ভাৱৰ এক
অমিয়া ধাৰা….
শদিয়াৰ পৰা ধুবুৰীলৈ উমান লৈ
সহোদৰৰ মনৰ বেথাৰ,
জীয়া বাস্তবৰ কঠোৰ চিত্ৰক
অপূৰ্ব শব্দ ধ্বনি আৰু সুৰ সমাহৰৰ
ঝংকাৰিত সুৰাৰ বন্যাত
মথি মথি
মানুহক মানুহৰ বাবে এবাৰ
ভাৱিবলৈ সোঁৱৰাই দি
‘বহু আস্থাহীনতাৰ বিপৰীতে’
ৰচি গৈছিল…
এটাৰ পিছত আনটো গভীৰ
আস্থাৰ গান।
গানেই আনে জোৱাৰ
অসম্ভৱক সম্ভৱ কৰাৰ
নোপোৱাটো পোৱাৰ
হৃদয় বালুকাত নাও মেলি
মুকুতা-মণি বিচাৰি অচিন দেশলৈ
বুলি যাত্ৰা কৰাৰ।সেয়ে,
সেয়ে গানকেই সৰোগত কৰি
গানেৰেই জীৱন জিনি
গানেৰেই সদাগৰৰ বুকুৰ মাণিক
আজুৰি আনি সুস্থিৰ সমাজ জীৱনৰ
অংশীদাৰ হোৱাৰ অহৰহ প্ৰেৰণাৰ বৃষ্টি ঢালি
গানেৰেই যুঁজি যুঁজি
এদিন যাযাবৰী জীৱনে
গানেৰেই সমাধি তলিৰ
বিচাৰি পালে ঠিকনা
জালুকবাৰীত…।
গানেৰে সৰগ ৰচি জীৱন নাটখনিক সৰগী সৰগী সুখৰ ৰম্যভূমিলৈ পৰিৱৰ্তিত কৰি তাৰ প্ৰত্যেকটো চৰিত্ৰতে সুন্দৰতম চিত্ৰকল্প মুক্ত মনে ঢালি ভৱিষ্যতৰ ৰূপকল্প কল্পনাৰে গঢ়া পৃথিৱীখনত সুন্দৰভাৱে বিচৰণ কৰাৰ হেপাঁহ হিয়াত ৰাখি ধৰণীৰ বুকুৰ ইমূৰৰ পৰা সিমূৰলৈ নতুন সুৰুযৰ নতুন দিনৰ সন্ধানত ঘূৰি ফুৰা যাবাবৰী মানুহগৰাকীয়ে হ’ল ‘চিৰ চেনেহী আই অসমীৰ চেনেহৰ সন্তান’ ডক্তৰ ভূপেন হাজৰিকা। কিন্তু তেওঁ কাণ্ডাৰী বিহীন নাওখনৰ লেখীয়া যাযাবৰ নহয়। তেওঁৰ যাযাবৰী জীৱনৰ আছে এক সুন্দৰ পণ।সেয়ে তেওঁ গাইছিল-
“মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ
নিবিচাৰি নিজা ঘৰ
……………………….
বহু যাযাবৰ লক্ষ্যবিহীন
মোৰ পিছে আছে পণ
ৰঙৰ খনি য’তেই দেখিছোঁ
ভগাই দিয়াৰ মন।
……………………………
মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ
সেয়ে মই যাযাবৰ।”
জীৱনটো এক প্ৰত্যাহ্বান ৰূপী শলিতা, যি নিজে জ্বলি জ্বলি জগত আলোকায় তোলে আৰু তাৰেই সফলতা-বিফলতাৰ নাপ-তোলতহে প্ৰকৃততে সৃষ্টি হয় একো একোজন মহান ব্যক্তিত্বৰ মহা মানৱৰ। ভূপেন হাজৰিকাৰ জীৱনটো আছিল চাৰিওফালৰ পৰা প্ৰত্যাহ্বানেৰে ভৰা।এনে এক সময় আছিল যেতিয়া ভূপেন হাজৰিকাক মদাৰ ফুল বুলি ভবা হৈছিল, যি পূজাতো নালাগে, গোন্ধও নাই।সেয়ে তেওঁ গানৰ মাজেৰে দুখ প্ৰকাশ কৰি লিখিছিল-
“মদাৰৰে ফুল হেনো পূজাতো নালাগে
মদাৰৰে ফুল হেনো সবাহতো নালাগে
……………………………
কোনোবাই মোক হেনো মদাৰৰে ৰিজালে
আমাৰ দৰে লোক হেনো কামে-কাজে নেলাগে”
কিন্তু গানেৰে সৰগ ৰচিব খোজা মানৱ দৰদী মহান ব্যক্তিত্বৰ অধিকাৰী মহা মানৱজনে ‘বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে’ তীব্ৰ গতিৰ গানৰ সৃষ্টি কৰি মানৱীয় প্ৰমূল্যবোধসম্পন্ন এখন সুন্দৰ সমাজ গঢ়াৰ ত্ৰুটিহীন প্ৰয়াস কৰিছে-
“জীয়াই থাকিম।
জীয়াই থাকি এখন সমাজ
গঢ়িবৰ মোৰ মন আছে,
জীয়াই থাকি এখন সমাজ
গঢ়িবৰ মোৰ পণ আছে,
য’ত সোণতকৈও মানুহৰ দাম
অলপ হ’লেও বেছি আছে।”
এনেদৰেই ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰি গোটেই জীৱন এক বিশেষ উদ্দেশ্যৰে যাযাবৰী হৈ ঘূৰি ঘূৰি অৱশেষত প্ৰতিটো নতুন দিনৰ অন্তত ভাগৰি ঘৰমূৱা হোৱা পক্ষীৰ নিচিনা গানেৰে সৰগ ৰচিব খোজা ভাৰত ৰত্ন, বিশ্ববৰেণ্য শিল্পী, দাৰ্শনিক, চিন্তানায়ক,সংগীত পৰিচালক, কলানিৰ্দেশক,চিত্ৰ পৰিচালক, চিত্ৰ নাট্যকাৰ,সাহিত্যিক,সুকণ্ঠ গায়ক আৰু মানৱ দৰদী গণশিল্পীগৰাকীয়ে অসম আৰু অসমীয়াৰ কৃষ্টি-সংস্কৃতিক বিশ্বৰ দৰবাৰত পৰিচিত কৰোৱাৰ উপৰিও মজবুত গোঁজেৰে গজগজীয়া কৰি থৈ এক অনন্য প্ৰতিভাৰ অভিলেখ গঢ়ি একেবাৰে শ্ৰান্ত-ক্লান্ত হৈ ২০১১ চনৰ ৫ নৱেম্বৰত চিৰ যুগমীয়া ঢৌ তুলি মৃত্যুক সাৱটি গমন কৰে চিৰদিনৰ বাবে সমাধি তলিলৈ বুলি বিচাৰি স্থায়ী ঠিকনা।
কিন্তু ভূপেন হাজৰিকাৰ সেই মৃত্যু আছিল অপৰাজেয়। তেওঁৰ সেই মৃত্যু যেন মৃত্যু নাছিল, আছিল এক সমন্বয়ৰ বাৰ্তাবাহকহে।কিয়নো ওৰেটো জীৱন ভিন্ন সমস্যাৰে জৰ্জৰিত অসমক গানেৰে-সুৰেৰে সমন্বয়ৰ কথা কোৱা ভূপেন হাজৰিকাৰ মৃত্যুৰ বাতৰিটোৱেও যেন এক সমন্বয়ৰ বাৰ্তাহে কঢ়িয়াই আনিছিল অসম মূলুকলৈ।সদৌশেষত সুৰে সুৰে মানৱতাৰ আশা দিয়া গানেৰে সৰগ ৰচিব খোজা অসম আৰু অসমীয়াৰ হেপাঁহৰ মানুহগৰাকীক আজি তেওঁৰ জন্মদিনত অজস্ৰ শ্ৰদ্ধাসুমন আৰু ভক্তিমিশ্ৰিত নয়নেৰে আকৌ এবাৰ সোঁৱৰিছো।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here