কালিবাৰী ৰেলৱে’ কলনীত অৰুনোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণঃ পূৱ-গুৱাহাটী সমষ্টিত ১৫ হাজাৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব-সিদ্ধাৰ্থ ভট্টাচাৰ্য

0
15

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটিৰ পৰা মনোজ ডেকা, ১১ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইমাহমান বাকী থকা সময়তে জনসাধাৰণক আকৃষ্ট কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে অৰুনোদয় নামৰ এক অভিলাষী আঁচনি ঘোষণা কৰে৷

ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা আঁচনিখনৰ প্ৰ-পত্ৰ জনসাধাৰণৰ মাজলৈ উলিয়াই দিয়ে৷

সেয়ে ৰাজ্যৰ সমষ্টিসমূহত হিতাধিকাৰীয়ে প্ৰ-পত্ৰ বিচৰা দেখা গৈছে৷ পূৱ গুৱাহাটী সমষ্টিৰ বিভিন্ন ৱাৰ্ডৰ বুথ সমুহৰ জৰিয়তে প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে৷

চলিত সপ্তাহৰ প্ৰতি দিনে সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত বিভিন্ন অঞ্চলত অৰুনোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰে৷

মংগলবাৰে কালিবাৰী ৰেলৱে’ কলনীৰ এক সভাত মন্ত্ৰীগৰাকীৰ উপস্থিতত বুথ সভাপতিসকলৰ জৰিয়তে ফৰ্মসমুহ বিতৰণ কৰা হয়৷

এইক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে ৰাজ্য চৰকাৰৰ এই অভিলাষী আঁচনিখনে অতি দৰিদ্ৰ জনসাধাৰণক যঠেষ্ট উপকৃত কৰিব৷

বিধবা মহিলা, বিবাহ বিচ্ছেদ হোৱা মহিলা, পৃথকীকৃত মহিলা, বিবাহ নোহোৱা যুৱতী, বিশেষভাৱে সক্ষম লোকে এই আঁচনিত প্ৰথমতে অগ্ৰাধিকাৰ লাভ কৰিব৷

ইয়াৰ পিছতো যিসকল দৰিদ্ৰ পৰিয়ালৰ ৰেছনকাৰ্ড নাই অথচ বছৰি দুইলাখতকৈ আয় কম সেইসকল পৰিয়ালৰ মহিলাসকলে আঁচনিত অন্তৰ্ভূক্ত হ’ব বুলি মন্ত্ৰী ভট্টাচাৰ্যই উল্লেখ কৰে৷

তেওঁ লগতে কয় যে পূৱ-গুৱাহাটী সমষ্টিৰ প্ৰতিজন পাবলগীয়া হিতাধিকাৰীয়ে এই আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ বাবেই বুথ সভাপতিসকলক নিয়াৰিকৈ কামকাজ কৰিবলৈ অনুৰোধ জনাই মন্ত্ৰী ভট্টাচাৰ্যই৷

উল্লেখ্য যে ফৰ্ম বিতৰণ সভাত চেণ্ট্ৰেল মণ্ডল সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বুথ সভাপতি আৰু স্হানীয় নাগৰিক উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here