এ আই ইউ ডি এফ এটা সাম্প্ৰদায়িক দলঃ ঘগ্ৰাপাৰত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১১ ছেপ্টেম্বৰঃ ভগবান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ১০ ছেপ্টেম্বৰত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগণত আয়োজন কৰা জন্মাষ্টমীত উপস্থিত হৈ পুনৰ বিতৰ্কমূলক মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই৷

উগ্ৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে আজি সাংবাদিকৰে হোৱা এক কথা বতৰাত কয় যে হিন্দুসকল ভাৰতবৰ্ষৰ সংস্কৃতি সভ্যতাৰ অবিছেদ্য অংগ৷

ভাৰতবৰ্ষত সংস্কৃতি সভ্যতা নাথাকিলে আমি যে থাকিব নোৱাৰো আৰু আমি অকলশৰে যে ইছলামীক অগ্ৰাসনৰ বিৰুদ্ধে যুঁজিব নোৱাৰো এই কথাটো সকলো হিন্দুৱে উপলব্ধি কৰা উচিত৷

আনহাতে বৰাই অসমত লাভ জেহাদ বৃদ্ধি পোৱা সন্দৰ্ভত কয় যে অসমত লাভ জেহাদ আগৰে পৰা হৈ আছে৷কিন্ত এতিয়া হিন্দুসকল জাগ্ৰত হোৱা বাবে সকলোৱে গম পাইছে৷

গতিকে মাছৰ দৰে যেনেকৈ লাভ জেহাদৰ উজান উঠিছে এই উজান আমি একেটা কোবতে শেষ কৰিম বুলি কয় বৰাই৷

অৱশ্যে হাজোৰ ঘটনাটো সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত সত্যৰঞ্জন বৰাই কয় যে হাজোৰ ঘটনাটো এটা পৰিকল্পিত ঘটনা৷

ইয়াত হাজোৰ ব্লক কংগ্ৰেছ জড়িত আছে৷কংগ্ৰেছ আজি শংকিত৷কংগ্ৰেছে এআইইউডিএফৰ দৰে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰিছে৷

ইছলামৰ হাতত বিক্ৰী হোৱা এটা দল কংগ্ৰেছে হিন্দু সমাজক কেতিয়াও এক হ’বলৈ নিদিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here