ঘগ্ৰাপাৰৰ-আল্লিয়া গাঁও পঞ্চায়তত সাতটাকৈ কামৰ শুভাৰম্ভ

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১১ ছেপ্টেম্বৰঃ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই সমষ্টিটোৰ অন্তৰ্গত ঘগ্ৰাপাৰ ব্লকৰ ১৭ নং আল্লিয়া গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানেৰে নিৰ্মাণ হ’বলগীয়া সাতটাকৈ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে।

বিধায়কগৰাকীৰ আজি এই কাৰ্য্যসূচীত সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টি, নলবাৰী জিলাৰ সাধাৰণ সম্পাদিকা পদ্মা ৰামচিয়াৰী, ১৮/৪ আল্লিয়া জিলা পৰিষদৰ সদস্যা মাধৱী ৰাজবংশী, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, অনুসূচিত জনজাতি মৰ্চাৰ জিলা সভাপতি হিতেশ ব্ৰহ্ম, বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক বিজয় বৰ্মন, মৃগেন শৰ্মা, কনক ভড়ালী, আল্লিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ লগতে, সচিব দিলীপ কলিতা,কনিষ্ঠ অভিযন্তা কৰুণা হালৈ উপৰিও ভালেসংখ্যক কাৰ্যকৰ্তাৰ লগতে স্থানীয় ৰাইজ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here