ৰিয়ান পৰাগ আৰু “ধিং এক্সপ্ৰেছ” হিমা দাসৰ কটন বিশ্ববিদ্যালয়ত নাম ভৰ্তি

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১২ ছেপ্টেম্বৰঃ ভাৰতৰ ক্ৰিকেট জগতত আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা অসম সন্তান ৰিয়ান পৰাগ আৰু “ধিং এক্সপ্ৰেছ” ৰূপে খ্যাত হিমা দাসে ১১ ছেপ্টেম্বৰত কটন বিশ্ববিদ্যালয়ত BA in Sportsperson বিষয়ত নাম ভৰ্তি কৰে।

জানিব পৰা মতে, ১১ ছেপ্টেম্বৰত হিমা দাস নিজে আহি নামভৰ্তি কৰাৰ বিপৰীতে ৰিয়ান পৰাগৰ মাতৃ আহি নিজ পুত্ৰৰ নামভৰ্তি কৰে ঐতিহ্যমন্দিত বিশ্ববিদ্যালয়খনত।

ইপিনে দুগৰাকীকৈ খ্যাতি সম্পন্ন খেলুৱৈৱে নাম ভৰ্তি কৰাক লৈ উৎফুল্লিত হৈ পৰিছে কটন বিশ্ববিদ্যালয় পৰিয়াল।

ইপিনে দুয়োগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈক কটন বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা অভিনন্দন আৰু স্বাগতম জনোৱাৰ লগতে ভৱিষ্যত সময়ত তেওঁলোকে অসমৰ লগতে কটন বিশ্ববিদ্যালয়ৰ সুনাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাই ৰাখিব বুলি আশা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য বিশ্ববিদ্যালয় খনত পোনপ্ৰথম বাৰৰ বাবে অন্তৰ্ভুক্ত হৈছে স্পোৰ্টছপাৰ্ছন বিষয়টো।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here