প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১২ ছেপ্টেম্বৰঃ মহানগৰীৰ চানমাৰি স্হিত মহাকাল বাবা মন্দিৰ পৰিচালনা সমিতিলৈ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই দহ লাখ টকাৰ অনুদান আগবঢ়াই৷
মন্দিৰৰ সমীপত এক সভাগৃহ নিৰ্মাণৰ বাবেই মন্দিৰ পৰিচালনা সমিতিয়ে পুঁজিৰ বাবেই পত্ৰ প্ৰেৰণ কৰিছিল৷
সেই মৰ্মেই বৃহস্পতিবাৰে সন্ধিয়া মহাকাল মন্দিৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত হৈ মন্দিৰ পৰিচালনা সমিতৰ হাতত দহ লাখ টকাৰ অনুদান পত্ৰ প্ৰদান কৰে৷
উল্লেখ্য যে বিধায়কগৰাকীৰ আৰ্থিক অনুদানে মন্দিৰৰ ৰাজহুৱা সভাগৃহ নিৰ্মাণত যঠেষ্ট অৰিহণা আগবঢ়াব বুলি সমিতিৰ বিষয় ববীয়াসকলে উল্লেখ কৰে৷
লগতে বিধায়ক তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক অশেষ ধন্যবাদ জ্ঞাপন কৰে পৰিচালনা সমিতিৰ লগতে স্হানীয় ৰাইজে৷
ইপিনে পুৱ শৰণীয়াত অৱস্হিত ঐতিহ্যমণ্ডিত গনেশ মন্দিৰত শুক্ৰবাৰে উপস্থিত হয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য৷
গনেশ মন্দিৰৰ সমীপত এটি ৰাজহুৱা সভাগৃহ নিৰ্মাণৰ অৰ্থে মন্ত্ৰীগৰাকীক সমিতিৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছিল৷
সেইমৰ্মেই মন্ত্ৰীগৰাকীয়ে গনেশ মন্দিৰ পৰিচালনা সমিতিৰ হাতত পাঁচ লাখ টকাৰ এককালীন সাহয্যৰ অনুদান পত্ৰ আগবঢ়াই৷