গোর্খাসকলৰ বিৰুদ্ধে অপমানসূচক মন্তব্যঃ বাক্সা জিলা গোর্খা ছাত্র সন্থাৰ প্ৰতিক্ৰিয়া

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, বাক্সাৰ পৰা ধীৰজ উপাধ্যায়, ১৪ ছেপ্টেম্বৰঃ ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱালে অসমত বসবাস কৰা গোৰ্খাসকলৰ নাগৰিকত্ব সম্পৰ্কে অপমান সূচক আৰু ঘৃণনীয় মন্তব্য আগবঢ়োৱা কাৰ্যক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বস্কা জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তেনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বস্কা জিলা সমিতিৰ সভাপতি ৰাজু বজগাই আৰু সধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়ে বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ ৷

বিজ্ঞপ্তিত উল্লেখ কৰা মতে, যোৱা ৩ ছেপ্তেম্বৰত বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱালে গোৰ্খাসকলক লৈ কৰা আপত্তিজনক মন্তব্য প্ৰচাৰ হৈছিল ৷

ভাৰত নিৰ্মাণ তথা অসম নিৰ্মাণৰ ক্ষেত্ৰত অনন্য অৱদান থকা অসমৰ থলুৱা গোৰ্খাসকলৰ বিৰুদ্ধে এনে ধৰণৰ অপমানসূচক মন্তব্য গোৰ্খাসকলে কেতিয়াও সহ্য নকৰে।

ভবিষ্যতে গোৰ্খাসকলক লৈ এনে অপমানসূচক মন্তব্য কৰিলে তেনে অপশক্তিৰ বিৰুদ্ধে গোৰ্খাসকলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি ৰাজু বজগাই আৰু মাধৱ ছেত্ৰী স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here