চৰাইদেউৰ ট্ৰাক এছ’চিয়েশ্বন আৰু শিল ব্যৱসায়ী সন্থাই মেৰামতি কৰিলে ঐতিহাসিক ধোদৰ আলি

0
3

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৪ ছেপ্টেম্বৰঃ ট্ৰাক এছ’চিয়েশ্বন আৰু পানবাৰী শিল ব্যৱসায়ী সন্থাই যুটীয়াভাৱে, জনসাধাৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলাৰ টিট্‌লাগড় পাঁচ আলিৰ পৰা পানবাৰী সংযোগী ঐতিহাসিক ধোদৰ আলিটোৰ শোচনীয় একাংশ পথৰ বিশাল পুখুৰীসদৃশ “দ” গাঁতসমূহত শিল ছটিয়াই পুতি পেলোৱাৰ লগতে ৰাইজৰ সুবিধাৰ্থে যাতায়তৰ সুচল কৰি দিয়ে।

পানবাৰীৰ শিল ব্যৱসায়ী সন্থা তথা ট্ৰাক এছ’চিয়েশ্বনৰ ব্যৱসায়ীসকলৰ নিজা গাঁঠিৰ ধন ভাঙি ঐতিহাসিক ধোদৰ আলিটোৰ একাংশ পথ মেৰামতি কৰাত স্থানীয় ৰাইজে শলাগ লৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here