চৰাইদেউৰ ভূঞাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৪ ছেপ্টেম্বৰঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাখাটৰ ইতিহাসপ্ৰসিদ্ধ ধোদৰ আলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত ঘটনাস্থলীতে এজন যুৱক নিহত হয় । AR 11 – 8471 নম্বৰৰ ৰিকভাৰী ভেন এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে ।

বাহনখনত থকা এজন আৰোহী ঘটনাস্থলীতে নিহত হয়। নিহত লোকজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

জানিব পৰা মতে, নামৰূপৰ পৰা সোণাৰি অভিমুখে আহি থকা অৱস্থাত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়।

বৰষুণ দি থকাৰ বাবে ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰিছে বৰহাট আৰক্ষীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here