বাগানপাৰাত “ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ” সংবাদমেলঃ বিটিচি নিৰ্বাচনত ২৩খন আসন লাভ কৰাৰ দাবী

0
13

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৪ ছেপ্টেম্বৰঃ গণতান্ত্ৰিক দেশ এখনত নাগৰিকে চৰকাৰৰ পৰা যিমান অধিকাৰ পাব লাগে সেই সুবিধা আজিলৈ পোৱা নাই।

চৰকাৰে স্বাধীনোত্তৰ কালৰ পৰা ভোটাৰক বঞ্চিত কৰি আহিছে। জাত-পাত আৰু ধৰ্মক লৈ আজিও আমাৰ ইয়াত ৰাজনীতি চলাত উন্নয়ন স্থবিৰ হৈ আছে।

জাতি-ধৰ্ম-বৰ্ণৰ উৰ্ধত গৈ ৰাজনীতি কৰিলেহে ৰাইজ উপকৃত হ’ব, ৰাইজৰ উন্নয়ন হ’ব।ʼ-এই মন্তব্য বাক্সা জিলাৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ “ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ” প্ৰাৰ্থী সৰোজনী বসুমতাৰীৰ।

১৩ ছেপ্টেম্বৰত বাক্সা জিলাৰ বাগানপাৰাত আয়োজন কৰা এক সংবাদমেলত দলটোৰ প্ৰাৰ্থীগৰাকীয়ে এইদৰে মন্তব্য কৰি এইবাৰ বি টি চি নিৰ্বাচনত ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলে ২৩ খন আসন লাভ কৰিব বুলি‌ দাবী কৰে।

প্ৰত্যেক বিশ্ব আত্মা ভৰত গান্ধীৰ আদৰ্শৰে ভোটাৰ্ছ পাৰ্টিক চিলিণ্ডাৰৰ ছৱিত ভোট দিবলৈ আহ্বান জনাই দলটোৰ প্ৰাৰ্থী সৰোজনী বসুমতাৰীয়ে ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলে বি টি চিৰ ক্ষমতালৈ আহিলে প্ৰত্যেক ভোটাৰে মাহিলী ৬০০০ টকাকৈ পাব বুলি কয়।

সংবাদমেলত দলটোৰ ৰাজ্যিক সমিতিৰ সদস্য আবু চামাই এইবাৰ বি টি চি নিৰ্বাচনত ভোটাৰ ৰাইজে পাৰ্টি নহয় প্ৰাৰ্থী হে বিচাৰিছে বুলি দোহাৰি প্ৰতিগৰাকী ভোটাৰে জি ডি পিৰ আধা অংশ চৰকাৰৰ পৰা পাব লাগে বুলি দাবী কৰে।

উক্ত সংবাদমেলত দলটোৰ দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অজিত গয়াৰী, ভোটাৰ্ছ পাৰ্টিৰ বাগানপাৰা ব্লক সমিতিৰ সভাপতি ৰাজকুমাৰ বড়ো, সম্পাদক নবীন ৰয়, বাগানপাৰা ব্লকৰ আহ্বায়ক বিষ্ণু বসুমতাৰী,ভৰত গান্ধীৰ ৰক্ষক ভূপেন বসুমতাৰী, সদস্য প্ৰদীপ ব্ৰহ্ম উপস্থিত থাকে।

সংবাদমেলত ভোটাৰ্ছ পাৰ্টিৰ অসমীয়া, বড়ো আৰু হিন্দী ভাষাৰ নিৰ্বাচনী গীত তিনিটা মুকলি কৰে সৰোজনী বসুমতাৰীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here