বশিষ্ঠাশ্ৰমত বিধায়ক অতুল বৰাই মুকলি কৰিলে শৌচালয়

0
8

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৪ ছেপ্টেম্বৰঃ দিচপুৰ সমষ্টিৰ অন্তৰগত বশিষ্ঠাশ্ৰম আশ্ৰমৰ চৌহদত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতত আজি স্হানীয় বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা অতুল বৰাই শৌচালয় মুকলি কৰে৷

বশিষ্ঠাশ্ৰম আশ্ৰমত দীৰ্ঘদিন ধৰি ভক্তপ্ৰাণ ৰাইজে বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈ আহিছিল৷

এইক্ষেত্ৰত আশ্ৰম পৰিচলানা সমিতিয়ে স্হানীয় বিধায়কগৰাকীক অৱগত কৰে৷

সেইমৰ্মেই বিধায়ক অতুল বৰাই নিজৰ বিধায়ক পুঁজিৰ পৰা দহ লাখ টকাৰ এক আৰ্থিক অনুদান আগবঢ়াই৷

বিধায়কগৰাকীৰ আৰ্থিক অনুদান লাভ কৰি আশ্ৰম পৰিচালনা সমিতিয়ে শৌচালয় নিৰ্মাণ কৰি উলিয়াই৷

শৌচালয় উদ্বোধনী অনুষ্ঠানত বিজেপি ৰাজধানী মণ্ডলৰ সভাপতি জিতু হাজৰিকা, মন্দিৰ পৰিচলনা সমিতিৰ বিষয়ববীয়া লগতে শতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে৷

শৌচালয় নিৰ্মাণৰ বাবে আশ্ৰম পৰিচলনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে স্হানীয় ৰাইজে বিধায়ক অতুল বৰাক ধন্যবাদ জ্ঞাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here