অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,সদস্য মহিয়ান ড ০ মহেশ্বৰ নেওগৰ স্মৃতি দিৱস পালন

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৪ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ গুৰিধৰোতা ,অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱন প্ৰতিষ্ঠাৰ মূল ব্যক্তিগৰাকীয়ে আছিল পণ্ডিত, সদস্য মহিয়ন ড০ মহেশ্বৰ নেওগ।

লগতে ১৯৭৪ চনত অনুষ্ঠিত মঙ্গলদৈৰ অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিৰ আসন শুৱনি কৰা অনেক স্মৃতি সুঁৱৰি ১৩ ছেপ্টেম্বৰত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত কৰা স্মৃতি দিৱস।

স্মৃতি দিৱস উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰিৱ ডঃ নেওগৰ গুণানু কীৰ্তন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

অনুষ্ঠানৰ আৰম্ভণিতে মহেশ্বৰ নেওগৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি প্ৰদান কাৰ্যসূচীৰে আৰম্ভণি হোৱা সভাত মুখপাত্ৰ ড০ সঞ্জীৱ কুমাৰ শৰ্মা ই ভাষণ প্ৰদান কৰি কয় যে প্ৰাচ্য বিদ্যাৰ নৱ ,পদ্মশ্ৰী ,সদস্য মহীয়ান প্ৰাক্তন সভাপতি মহেশ্বৰ নেওঁগ তেওঁৰ স্বকীয় কৰ্ম ৰজিৰে এক অনুষ্ঠানত পৰিণত হৈছিল।

বিদ্যা,বুদ্ধি, চিন্তা, সৃষ্টিশীল প্ৰতিভা আৰু কৰ্ম দক্ষতাৰে বিংশ শতিকাৰ অসমৰ স্বকীয় কৰ্মৰাজী বিশেষকৈ বৈষ্ণৱ সাহিত্য ভাণ্ডাৰক বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়াত শঙ্কৰদেৱ বঁটা বিজয়ী মহেশ্বৰ নেওগৰ অৱদান অপৰিসীম।

লক্ষ্মীনাথ বেজবৰুৱা, ড০ বাণীকান্ত কাকতিৰ আদৰ্শক সৰোগত কৰি মহেশ্বৰ নেওঁগে ভাস্কৰ্য, স্থাপত্যৰ পৰা নন্দন তত্ব ,ভাষা তত্ত্ব, ইতিহাস, দৰ্শন, ধৰ্ম, নৃতত্ত্ব সকলো বিষয়তে তেওঁৰ অৱদান যুগে যুগে অসমবাসীয়ে স্বীকাৰ কৰিবই লাগিব।

স্মৃতি চাৰণ সভাত স্মৃতি তৰ্পণ কৰে অসম সাহিত্য সভাৰ আদৰ্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ, প্ৰাক্তন ধন ভৰালী কনক কুমাৰ বৰা, কাৰ্য নিৰ্বাহ ক সদস্য বিষ্ণু ডেকা,ভাষা শিক্ষা গৱেষণা প্ৰতিস্থানৰ শিক্ষয়ত্ৰী ,লেখিকা মীনাক্ষী বেজবৰুৱাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here