প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৪ ছেপ্টেম্বৰঃ মহানগৰ খবৰ ১৩ ছেপ্টেম্বৰ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অন্তৰ্গত অন্যতম ছাত্ৰ সন্থা জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ উদ্যোগত আজি নতুনকৈ নিৰ্মাণ কৰা এক শ্বহীদ বেদী আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। গীতা মন্দিৰ মাদাৰ টেৰেছা পথৰ সমীপত স্থাপন কৰা শ্বহীদ বেদী আনুষ্ঠানিক ভাৱে ভউন্মোচন কৰে জু-নাৰেংগী ছাত্ৰ সন্থাৰ সভাপতি জিতুমণি ডেকাই।আনহাতে আজিৰ অনুষ্ঠানত উপস্থিত থাকে ইংষ্টাৰ ক্লাবৰ সভাপতি ভুৱন শইকীয়া,মঠঘৰীয় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ঘামশ্যাম দাস, জু-নাৰেঙ্গী অঞ্চলৰ সমাজ কৰ্মী শ্বেখৰ মহন্ত,গীতামন্দিৰ ব্যৱসায় সন্থা।
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ আবেলি ৪বজাত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
অৰাজনৈতিক ভাৱধাৰা অক্ষুন্ন ৰাখি জু-নাৰেঙ্গী ছাত্ৰ সন্থাই আগন্তক সময়ত কেনেকৈ সামাজিক দায়বদ্ধতাৰে সংগঠন শক্তিশালী কৰি আগুৱাই নিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয় বুলি জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ সম্পাদক ডিম্বেশ্বৰ দাসে জনায়।
গধূলি ৬ বজাত নব নির্মাণ শ্বহীদ বেদীত ৫০১ গছি বন্তি প্ৰজ্বলন কৰা হয় বুলি জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ সন্মানীয় বিষয় ববীয়াই জানিবলৈ দিয়ে।