ৱেলনেছ পাৰ্লাৰ এছ’চিয়েশ্বনৰ সভা সম্পন্ন

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৪ ছেপ্টেম্বৰঃ গুৱাহাটী ৱেলনেছ পাৰ্লাৰ এছ’চিয়েশ্বন অসমৰৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা হোটেল ৰিকনত অনুষ্ঠিত হৈ যায়।

সভাত সভাপতিত্ব কৰে এছ’চিয়েশ্বনৰ সভাপতি অচিন্ত প্ৰাণ শৰ্মাই।

সভাখনত মুখ্য উপদেষ্টা মালা মহন্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয় ববিয়াসকল উপস্থিত থাকে।

উক্ত সভাৰ সৰ্বসন্মতি ক্ৰমে দুই লক্ষাধিক পাৰ্লাৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা মালিক, হেয়াৰ ড্ৰেচাৰ আৰু বিউতিছিয়ানৰ কাৰণে চৰকাৰৰ ফালৰপৰা বিশেষ সাহায্য পেকেজ দিয়াৰ কাৰণে চৰকাৰৰ ওচৰত দাবি জনায়।

লগতে আজিৰ সভাই অসমৰ বিভিন্ন প্ৰান্তত জিলা সমিতিসমূহ গঠন কৰাৰো সিদ্ধান্ত লয় আৰু অচিৰে বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ চৰকাৰক দিয়াৰ কাৰণে আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে কৰ্য্যকর্তাসকলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here