চন্দ্ৰপুৰ মহাবিদ্যালয়ত চৰম অৰাজকতঃ সাংবাদিকক অপদস্থ অধ্যক্ষাৰঃ মহাবিদ্যালয়ৰ সমস্যাক লৈ মাত মতা প্ৰৱক্তাক অব্যাহতি

0
17

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৫ ছেপ্টেম্বৰঃ সংবাদদাতা, মনীষা শৰ্মা-মহানগৰীৰ পাৰ্শ্ববৰ্তী চন্দ্ৰপুৰৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান চন্দ্ৰপুৰ মহাবিদ্যালয়ত সম্প্ৰতি বিৰাজ কৰিছে চৰম অৰাজকতা।

মহাবিদ্যালয়খনৰ অধ্যক্ষা আৰু পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াৰ চৰম স্বেচ্ছাচাৰিতাত মহাবিদ্যালয়খনৰ ভিতৰচ’ৰাত সম্প্ৰতি চৰম বিশৃংখলতা সৃষ্টিৰ অভিযোগ উত্থাপিত হৈছে।

মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° ৰুণমণি বৰা ফুকন আৰু পৰিচালনা সমিতিৰ দুই-তিনি গৰাকী বিষয়বীয়াৰ একনায়কত্ববাদী কাম-কাযত অতীষ্ঠ হৈ পৰিছে মহাবিদ্যালয়খনৰ বহু সংখ্যক প্ৰৱক্তা আৰু পৰিচালনা সমিতিৰ অন্যান্য বিষয়-ববীয়া।

অভিযোগ অনুসৰি মহাবিদ্যালয়খনৰ অধ্যক্ষা ৰুণমণি বৰা ফুকন আৰু পৰিচালনা সমিতিৰ দুই-তিনিগৰাকী বিষয়ববীয়াই একান্ত ব্যক্তিগত খেয়াল খুচি মতে মহাবিদ্যালয়খন পৰিচালনা কৰি আহিছে।

আনকি ক’ভিড কেন্দ্ৰীক লকডাউনৰ সময়চোৱাতো অধ্যক্ষাগৰাকীয়ে মহাবিদ্যালয়ৰ প্ৰৱক্তাসকলক জোৰ-জুলুমকৈ মহাবিদ্যালয়ত উপস্থিত থাকিবলৈ বাধ্য কৰোৱাৰ লগতে মহাবিদ্যালয়ত উপস্থিত থাকিব নোৱৰা প্ৰৱক্তাসকলক বিভিন্ন ধৰণে মানসিক নিৰ্যাতন চলোৱাৰ লগতে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকিও প্ৰদান কৰি আহিছে।

অধ্যক্ষাৰ হাৰাশাস্তিৰ পৰা সাৰি যোৱা নাই মহিলা প্ৰৱক্তাও। যি সময়ত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে সেই সময়তো মহাবিদ্যালয়ৰ প্ৰৱক্তাসকলক এইদৰে হাৰাশাস্তি কৰা কাৰ্যত ক্ষুন্ন হৈ পৰিছে একাংশ প্ৰৱক্তা।

তদুপৰি প্ৰৱক্তাসকলৰ মাহেকীয়া মাননী অনাদায়, মাননী বৃদ্ধিৰ সিদ্ধান্ত কাৰ্যকৰী নকৰা, ছুটী সম্পৰ্কীয় বিসংগতি, বিধায়ক পূঁ‌জিৰ পৰা লাভ কৰা এককালীন সাহায্য অনাদায় আদি বিভিন্ন অভিযোগ মহাবিদ্যালয়খনৰ অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে।

ইতিমধ্যে একাংশ প্ৰৱক্তাই এই সমুদায় অভিযোগ লিখিত আকাৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ ওচৰত দাখিল কৰিছে।

এনে প্ৰেক্ষাপটত অভিযোগ উত্থাপন কৰা প্ৰৱক্তাসকলৰ ওপৰত খৰ্গহস্ত হৈ পৰা অধ্যক্ষাই অভিযোগকাৰী প্ৰৱক্তাসকলক কৰা জোৰ-জুলুম সন্দৰ্ভত তেওঁৰ মতামত গ্ৰহণৰ বাবে সাক্ষাৎ কৰা দুই সাংবাদিকো অধ্যক্ষাগৰাকীয়ে অমাৰ্জিত ব্যৱহাৰ কৰি অপদস্থ কৰে।

অধ্যক্ষাৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়তে চন্দ্ৰপুৰৰ দুই সাংবাদিকক অসামাজিক ব্যৱহাৰ কৰি মহাবিদ্যালয় চৌহদৰ বাহিৰ হ’বলৈ নিৰ্দেশ দিয়ে অধ্যক্ষা ৰুণমণি বৰা ফুকনে।

ঘটনা সন্দৰ্ভত সাংবাদিক দুগৰাকীয়ে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক তথা বিষয়-ববীয়াক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি অৱগত কৰে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

ইপিনে মহাবিদ্যালয়খনৰ একাংশ প্ৰৱক্তাৰ অভিযোগৰ ভিত্তিত পৰিচালনা সমিতিৰ সম্পাদকে এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰি দিয়ে।

কমিটিখনে বিষয় সন্দৰ্ভত কোনো প্ৰতিবেদন দাখিল নকৰোতেই ৰহস্যজনক ভাৱে ১০ ছেপ্টেম্বৰত মহাবিদ্যালয়খনৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰৱক্তা চুমি কলিতাক ছয় মাহৰ বাবে চাকৰিৰ পৰা অব্যাহতি দিয়া বুলি এক পত্ৰ প্ৰেৰণ কৰে।

মহাবিদ্যালয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণুৰাম বড়ো স্বাক্ষৰিত অব্যাহতি পত্ৰখনৰ যোগে চি বি চি এছ পদ্ধতি অনুসৰি অযুগ্ম ষাণ্মাসিকত পৰিৱেশ বিজ্ঞানৰ পাঠ্যক্ৰম নথকাৰ অযুহাত দেখুৱাই ২০১৫ চনৰ পৰা মহাবিদ্যালয়খনত অধ্যাপনা কৰি অহা স্থায়ী প্ৰৱক্তা চুমি কলিতাক পৰিচালনা সমিতিৰ সমূহীয়া সিদ্ধান্ত অবিহনে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ পাছতে সম্প্ৰতি মহাবিদ্যালয়খনৰ ভিতৰে বাহিৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

পৰিচালনা সমিতিৰ বিষয়-ববীয়াৰ অজ্ঞাতে আক্ৰোশমূলকভাৱে প্ৰৱক্তাগৰাকীৰ ওপৰত এনে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতে এই সিদ্ধান্তৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে পৰিচালনা সমিতিৰ একাংশ বিষয়-ববীয়া।

উল্লেখ্য যে ইতিপূৰ্ৱেও মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ মূল পদবীধাৰী একাংশ বিষয়-ববীয়াৰ সৈতে আভ্যন্তৰীণ সংঘাতৰ কাৰণতে মিছা অভিযোগ উত্থাপন কৰি মহাবিদ্যালয়খনৰ পূৰ্ৱৰ অধ্যক্ষাগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰা বুলি পৰিচালনা সমিতিৰ একাংশ বিষয়-ববীয়াই অভোযোগ উত্থাপন কৰিছে।

অভিযোগ অনুসৰি মহাবিদ্যালয়খনৰ পূৰ্ৱৰ অধ্যক্ষা তৃপ্তী দেৱীৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ ধন আত্মাসাতৰ অভিযোগ উত্থাপন কৰি অভিযোগ প্ৰমাণিত নোহোৱাকৈয়ে চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল।

তাৎপৰ্যপূৰ্ণভাৱে আজিও পূৰ্ৱৰ অধ্যক্ষাৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ ধন আত্মাসাতৰ অভিযোগ প্ৰমানিত কৰিব পৰা নগ’ল বুলি একাংশ বিষয়-ববীয়াই উল্লেখ কৰিছে।

এনেদৰে সম্প্ৰতি পৰিচালনা সমিতিৰ দুই-তিনিগৰাকী বিষয়-ববীয়া আৰু অধ্যক্ষাগৰাকীৰ স্বেচ্ছাচাৰিতাত বেচৰকাৰী মহাবিদ্যালয়খনৰ ভিতৰচ’ৰা গেলি-পচি যাবলৈ আৰম্ভ কৰাৰ লগতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট হোৱা দেখা গৈছে।

আনকি মহাবিদ্যালয়খনৰ অধ্যক্ষাগৰাকীৰ অমনোযোগিতাত শেহতীয়াভাৱে একাংশ শিক্ষাৰ্থীয়ে ষান্মাসিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণতো নানান জটিলতাৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে।

মহাবিদ্যালয়খনৰ শৈক্ষিক বাতাৱৰণ সুস্থিৰ কৰাৰ বিপৰীতে ব্যক্তিগত খেয়াল খুচি মতে অধ্যক্ষা আৰু পৰিচালনাসমিতিৰ মুষ্টিমেয় কেইগৰাকীমান বিষয়ববীয়াই মহাবিদ্যালয়খনত সৃষ্টি কৰা বেমেজালিয়ে অঞ্চলটোৰ সচেতন ৰাইজক বিতুষ্ট কৰিছে।

মহাবিদ্যালয়খনৰ ভিতৰচ’ৰাৰ এনে আভ্যন্তৰীণ বিশৃংখলতাই মহাবিদ্যালয়খনৰ প্ৰাদেশীকৰণ প্ৰক্ৰিয়াটো হেঙাৰ সৃষ্টি কৰিব বুলি সচেতন মহলে মত ব্যক্ত কৰিছে।

এনে পৰিস্থিতিত শীঘ্ৰেই পৰিচালনা সমিতিৰ সাধাৰণ সভা আহ্বান কৰি বিষয়সমূহ মীমাংসাৰ দাবী তুলিছে স্থানীয় সচেতন ব্যক্তি তথা পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াই।

ইপিনে মহাবিদ্যালয়খনৰ অধ্যক্ষাৰ দ্বাৰা সাংবাদিকক অপদস্থ কৰাৰ ঘটনাক চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱে তীব্ৰ ভাষাৰে গৰহিণা দিয়াৰ লগতে মহাবিদ্যালয়খনত চলি থকা অৰাজক পৰিস্থিতিকো দুৰ্ভাগ্যজনক আখ্যা দিছে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত তদন্তৰ দাবী তুলিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here