যোগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিয়োগ সৃষ্টিৰ বাবে আবেদন সদৌ অসম যোগ মহা সংঘৰ

0
278

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৫ ছেপ্টেম্বৰঃ নতুনকৈ গঠিত সদৌ অসম যোগ মহা সংঘই তেওঁলোকক চৰকাৰী বিভিন্ন বিভাগত মকৰল কৰাৰ দাবীৰে চৰকাৰৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই বিষয়ত এখন জৰুৰী আলোচনা যোৱা সোমবাৰে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধীস্থ পূৰ্বাঞ্চল মহা বিদ্যালয়ত হৈ যায়।

উক্ত আলোচনাত পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ তৰফৰ পৰা বিভিন্ন দাবী জনোৱাৰ সিদ্ধান্ত লয়।

উক্ত দাবীসমূহঃ ১) যোগ্য ছাত্ৰ-ছাত্ৰীক চিকিৎসাবিভাগত বিভিন্ন পদত মকৰল কৰাৰ ব্যৱস্থা কৰা
২) মহকুমাধীপতিৰ অধীনত থকা বিভিন্ন জিলাৰ বিভিন্ন বিভাগ যেনে- ছচিয়েল ৱেলফেয়াৰ, ছচিয়েল ছেক্টৰ আৰু পুলিচ বিভাগত যোগ শিক্ষকৰ মকৰল কৰা।
৩) চিকিৎসালয়ত যোগাথেৰাপীষ্টৰ মকৰল.
৪) কেন্দ্ৰীয় আৰু জিলা কাৰাগাৰত যোগ শিক্ষক যোগ থেৰাপিষ্টৰ মকৰল.
৫) অসমৰ শৈক্ষিক ক্ষেত্ৰত যেনে বিদ্যালয়, কলেজ আদিত মকৰল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here