অসমৰ জাতীয় জীৱনৰ মহীৰূহ স্বৰূপ ভগগিৰী ৰায়চৌধুৰীৰ দেহাৱসানঃ আত্মজীৱনী ‘মোৰ জীৱনৰ উৰ্মিমালা’ লিখি ধন্য কৰি থৈ গ’ল প্ৰাগজ্যোতিষক

0
17

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৭ ছেপ্টেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম কেশ্বৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ সুযোগ্য পুত্ৰ আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক আৰু কেবাটাও কাৰ্যকালৰ কাৰ্যকৰী সমিতিৰ সদস্য আৰু এগৰাকী প্ৰতিথিত সাহিত্যিক, অসমৰ জাতিয়তাবোধৰ প্ৰৱক্তা স্বৰূপ ভগগিৰী ৰায়চৌধুৰী।

১৬ ছেপ্টেম্বৰৰ দুপৰীয়া তেখেতৰ শিলপুখুৰী নিজা বাসভাৱনত দেহাৱসান ঘটে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ।

অসমে আজি এগৰাকী সুযোগ্য সন্তান হেৰুৱালে, এই ক্ষতি অপূৰাণীয়।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন কোষাধ্যক্ষ কনক কুমাৰ বৰা আৰু বৰ্তমানৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা সহ কেইবাগৰাকী বিষয়ববীয়াই তেখেতৰ বাসভাৱনলৈ গৈ অন্তিম শ্ৰদ্ধা জনায়।

সন্ধিয়া মৃতদেহ অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্য্যালয় ভাগৱতী প্ৰসাদ বৰুৱা ভৱনলৈ অনা হয় আৰু তাতে কেইবাজনো প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াই মাল্য অৰ্পণ কৰে।

ভগগিৰী ৰায়চৌধুৰীয়ে তেখেতৰ আত্মজীৱনী ‘মোৰ জীৱনৰ উৰ্মিমালা’ ধাৰাবাহীকভাৱে অসমৰ আগশাৰীৰ সাপ্তাহিক ‘প্ৰাগজ্যোতিষ’ত ধাৰাবাহীকভাৱে লিখি আছিল যিখন এতিয়াও সমাপ্ত হোৱা নাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here