ৰঙীন অনুভৱেৰে জীপাল চিন্তামুক্ত শান্তিৰ বতৰা কঢ়িয়াই অনা যোগঃ অন্তৰ্মন আৰু দিব্য চেতন সত্ত্বা

0
33

    (খণ্ড–২) 

✍️ৰেখামণি দাস
  চামগুৰি, নগাঁও

 হুক্ষেত্ৰত অন্তৰ্মন আৰু আমাৰ চেতন সত্ত্বাক একে বুলি ভাৱি ভুল কৰা দেখা যায়। কিন্তু দৰাচলতে অন্তৰ্মন আৰু আমাৰ চেতন সত্ত্বা একে নহয়।বিনাশশীল অন্তৰ্মন কেৱল পাৰ্থিৱতাৰ দেন আৰু আমাৰ চেতন সত্ত্বা হ’ল অবিনাশী,অপাৰ্থিৱ।

       এই সৃষ্টিৰ এটাই মাথোঁ সত্য আৰু সেয়া হ’ল মৃত্যু।জন্ম হ’লে মৃত্যু অনিবাৰ্য। কিন্তু এই মৃত্যু কোনেও নিবিচাৰে। মৃত্যুক সহজভাৱে কোনেও ল’ব নোৱাৰে। আনকি প্ৰাকৃতিক ভাৱে হোৱা মৃত্যুৰ কথা ভাৱিলেও মানুহ ভয়ভীত হৈ উঠে। ইয়াৰ একমাত্ৰ কাৰণেই হ’ল নিজ চেতন সত্ত্বাৰ লগত পৰিচয়ৰ অভাৱ। মানুহে জন্মসূত্ৰে লাভ কৰা এই পঞ্চমহাভূতেৰে নিৰ্মিত শৰীৰটোৰ বাবেই তাৰ লগত লাভ কৰা বিভিন্ন বিকাৰ সমূহৰ উৎপত্তি স্থল অন্তৰমনকে পূ্ৰ্ণতয়া ‘মই’ বুলি অজ্ঞানতাবশ গ্ৰহণ কৰে।যাৰ ফলত জীৱন অস্ত-ব্যস্ত হৈ পৰে।সেয়ে ব্যক্তিৰ বাবে উচিত যে তেওঁ অপাৰ বলশালী নিজ চেতন সত্ত্বাক স্মৰণৰ জৰিয়তে মনৰ ওপৰত সম্পূৰ্ণ অধিকাৰ সাব্যস্ত কৰি লয়,অন্তৰমনত নিজ চেতন সত্ত্বাৰ স্মৰণেৰে জ্বলাই লোৱা দিব্য ৰূপী জ্যৌতিৰ প্ৰকাশত আন্ধাৰ ৰূপী অজ্ঞানতা, অহংকাৰ চূৰ্ণ-বিচূৰ্ণ হৈ যায়।

             আমাৰ শৰীৰটো আকাশ,বায়ু,পানী, মাটি আৰু অগ্নি–এই পঞ্চমহাভূতকে ধৰি মন, বুদ্ধি,অহংকাৰ,পঞ্চজ্ঞানেন্দ্ৰিয়,পঞ্চকৰ্মেন্দ্ৰিয়,পঞ্চতন্মাত্ৰ,প্ৰকৃতি,পুৰুষ _এই২৫ টা তত্ত্বৰ দ্বাৰা নিৰ্মিত বুলি শাস্ত্ৰত এনেদৰে উল্লেখ পোৱা যায়_

                 পৰম ব্ৰহ্ম

                ।      +     ।

           পুৰুষ       প্ৰকৃতি

                               ।

                             বুদ্ধি

                                ।

                          অহংকাৰ

______।___

।             ।              ।            ।৫জ্ঞানে- ৫কৰ্মে- মন  ৫তন্মাত্ৰ

ন্দ্ৰিয়        ন্দ্ৰিয়                 ।

                                        ।

                               ৫মহাভূত     

            শাস্ত্ৰত উল্লেখিত ওপৰোক্ত ২৫ টা তত্ত্বক সকলোৱে বুজিব পৰাকৈ এই লেখাত অতি সহজ ভাষাত এনেদৰে উল্লেখ কৰিবলৈ চেষ্টা কৰা হ’ল___

 

  মূল স্ৰোত (পৰম দিব্যস্বৰূপ)

            ‌               ।

                 _____

                ।                        ।

পুৰুষ (আত্মাৰূপী      প্ৰকৃতি

পৰম দিব্য স্বৰূপৰ   (দৃশ্যমান

সুক্ষ্ম অংশ স্বৰূপ      প্ৰকৃতিৰ

অলৌকিক শক্তি       অব্যক্ত

সম্পন্ন দিব্য চেতন     ৰূপ :-                            

 সত্ত্বা )                        স্বত্ব:,

                              ৰজ:তম:)

            _।___।__

                          +         

                          ।

                        বুদ্ধি

                          ।

                    অহংকাৰ _____।____   

  ।                 ।          ।          ।

৫জ্ঞানে-   ৫কৰ্মে-   মন       ‌ ।

ন্দ্ৰিয়         ন্দ্ৰিয়                   ।                                      

                                           ।

                                 ৫তন্মাত্ৰ       

                                     ।

                    পঞ্চমহাভূত =২৫

           

            অৰ্থাৎ সৃষ্টিৰ মূল স্ৰোত পৰম দিব্য স্বৰূপৰ সুক্ষ্ম অংশ স্বৰূপ প্ৰৱল অলৌকিক শক্তি সম্পন্ন দিব্য চেতন সত্ত্বা আৰু পৰম দিব্য স্বৰূপৰ পৰাই লাভ কৰা দৃশ্যমান প্ৰকৃতিৰ অদৃশ্য অৰ্থাৎ অব্যক্ত ৰূপৰ সংমিশ্ৰণত বুদ্ধি,বুদ্ধিৰ পৰা আহে অহংকাৰ আৰু অহংকাৰৰ পৰা আহে পঞ্চজ্ঞানেন্দ্ৰিয় -যেনে: চকু,কাণ,নাক,ছাল,জিভা ; পঞ্চকৰ্মেন্দ্ৰিয়-যেনে:পাদ,হস্ত,বাক্,পায়ু,উপাস্থ ;উভয়েন্দ্ৰিয় মন ; পঞ্চতন্মাত্ৰ-যেনে:ৰূপ,ৰস,শব্দ, স্পৰ্শ,গন্ধ আৰু এই পঞ্চতন্মাত্ৰৰ পৰাই আহে পঞ্চমহাভূত। -যেনে:অগ্নি,পানী,আকাশ, বায়ু,মাটি__এই স্থূলৰূপ পঞ্চমহাভূতৰে সূক্ষ্ম ৰূপ হ’ল পঞ্চতন্মাত্ৰ।ৰূপৰ পৰা অগ্নি,ৰসৰ পৰা পানী,শব্দৰ পৰা আকাশ তত্ত্ব,স্পৰ্শৰ পৰা বায়ু তথা গন্ধৰ পৰা মাটি তত্ত্বৰ অৱস্থিতি অনুভৱ কৰা হয়।

                 আৰু তাৰেই তত্ত্ব বিশেষৰ অংশোদ্ভূত কাম,মোহ,শোক,ভয়,ক্ৰোধাদি    মনৰ ভিন্ন বিকাৰ সমূহেৰে পুঞ্জীভূত হৈ পৰে ব্যক্তিৰ অন্তৰ্মন আৰু ঢাক খাই পৰে ব্যক্তিৰ সমগ্ৰ চেতন সত্ত্বাৰ দিব্য ৰূপ।তাৰ ফলশ্ৰুতিত সেইবিকাৰ সমূহৰ চলনাময়ী নানা গভীৰ প্ৰৰোচনাৰ বলি হৈ পৰে অন্তৰ্মন সহিত ব্যক্তিজনৰ সমস্ত ব্যক্তিসত্ত্বা। তেনেক্ষেত্ৰত সংসাৰৰূপী মহাসাগৰত জীৱনৰূপী নাওৰ সোঁতৰ বিপৰীতে আগবাঢ়ি যাবলৈ কৰা চেষ্টাৰ যাত্ৰাপথত ভাৰাক্ৰান্ত হৈ পৰা কাণ্ডাৰীৰ অস্থিৰতাৰ সুযোগত ক্ষণভংগুৰ জীৱনৰূপী নাওৰ অস্তিত্বই আৰম্ভ কৰে টুলং-ভুতুং। জীৱন নানা অনিশ্বয়তাৰে আৱৰি ধৰাৰ ফলত ভয়,শোক,সংকা আদিৰ সহাৱস্থানত যে অকল জীৱন কালতেই নৰক ভোগ কৰিবলগীয়া হয় তেনে নহয় আনকি পৰলোকতো উচ্চ স্থান প্ৰাপ্তি নহয়।সেয়ে অন্তৰ্মনৰ প্ৰলাপসমূহৰ দৌৰত অনাহক মদমত্ততা ত্যাগ কৰি ব্যক্তিয়ে অহৰহ নিজ-স্বৰূপৰ স্মৰণৰ জৰিয়তে সৰ্বদায় মূলস্ৰোতৰ অংশ স্বৰূপ, আত্মাৰূপ প্ৰৱল অলৌকিক শক্তি সম্পন্ন দিব্য চেতন সত্ত্বাৰ উপলব্ধি কৰিবলৈ যত্নপৰ হ’ব লাগে। ইয়েই ইহকাল আৰু পৰকাল দুই কালৰে মংগলৰ পথ। ইয়াৰ ফলত ইহকালত সমস্ত আনন্দ প্ৰাপ্তি সুখ-ভোগ হয় আৰু মোক্ষ প্ৰাপ্তিৰ জৰিয়তে পৰকালতো আত্মাৰ সৰ্বতোপ্ৰকাৰ মংগলসাধন হয়।

            গতিকে আহক আমি পাৰ্থিৱ মনৰ বিভিন্ন প্ৰকাৰৰ বিকাৰ সমূহৰ প্ৰবাহত প্ৰবাহিত নহৈ নিজ স্বৰূপ স্মৰণৰ জৰিয়তে আমাৰ চেতন সত্ত্বাৰ দিব্যৰূপ প্ৰজ্বলিত কৰোঁ আৰু ইহকালত পৰম সুখ প্ৰাপ্তিৰ উপৰিও পৰকালৰ বাবেও আত্মাৰ কল্যাণৰ পথ প্ৰশস্ত কৰি তোলো।

—————————————————————————————————

আত্মা সম্বন্ধে কৰা জ্ঞানাৰ্জনৰ মহত্ব

আত্মা সম্বন্ধে কৰা জ্ঞানাৰ্জনেই মানুহক
অনাহক মৃত্যুভয়ৰ কবলৰ পৰা অব্যাহতি প্ৰদানেৰে
অলৌকিক জগতৰ জ্যৌতিৰ্ময়ী সুধা মন-প্ৰাণত ঢালি…
ৰচে মহাযজ্ঞ ;
তিমিৰতা বিনাশী চিৰন্তন সত্য আৰু সুন্দৰৰ…।।
সহস্ৰ কোলাহল নাশি
কৰিব বিচাৰে জগতত
শান্তি প্ৰতিষ্ঠা…
কৃত্ৰিমতাৰ মিছা প্ৰলেপবোৰ
কৰ্ম আৰু বাণীৰে…
ঘঁহি ঘঁহি আঁতৰাই,
আগবঢ়াব খোজে জনমানসলৈ
এক স্বাভাৱিক আৰু সন্তোষপূৰ্ণ…..
সৱলীল বাতাবৰণৰ মধুৰ উপহাৰ ..…!

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here