অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পাৱাৰ ষ্টেচনৰ পৰা চল্লিশ  ঘন্টাৰ পিছত পুনৰ বিদ্যুৎ যোগান আৰম্ভ

0
25

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৯ ছেপ্টেম্বৰঃ অগ্নিকাণ্ডৰ ফলত  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ছাৰ্ভিচ ষ্টেছনত বৃহৎ ক্ষতি হোৱা কেবুল তথা ট্ৰেন্সফৰ্মাৰৰ মেৰামতি কাম চল্লিশ ঘন্টাৰ মূৰত কাৰ্যক্ষম কৰি পুনৰ নগাঁও জিলাবাসীক বিদ্যুৎ সৰবৰাহ দিবলৈ সক্ষম হোৱা বিদ্যুৎ বিভাগক জিলাবাসীয়ে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

বিশ্বকৰ্মা পূজাৰ দিনাই পুৱা নগাঁও জিলাৰ চামগুৰিস্থিত পাৱাৰ গ্ৰীড ছাৰ্ভিচ ষ্টেচনত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বৃহৎ ক্ষতিসাধন হৈছিল।

পিছত দিন ৰাতি একাকাৰ কৰি প্ৰায় অৰ্ধ শতাধিক অভিযন্তা-কৰ্মচাৰীই অশেষ কষ্ট কৰি ট্ৰাঞ্চফৰ্মাৰটোৰ লগতে সংযোগী আণ্ডাৰগ্ৰাউণ্ড ক’ণ্ট্ৰল কেবুলসমূহ সঠিকভাৱে মেৰামতি কৰিবলৈ সক্ষম হোৱাত শুক্ৰবাৰৰ নিশা প্ৰায় ১০-১৫ বজাৰ পৰা সমগ্ৰ জিলাতেই পুনৰ বিদ্যুৎ যোগান ধৰা বুলি জানিব পৰা গৈছে।

এইক্ষেত্ৰত বিদ্যুৎ বিভাগৰ বৃহৎ সাফলতা বুলি চামগুৰিবাসীৰ সচেতন নাগৰিকে প্ৰকাশ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here