ৰাজ্যসভাত বিৰোধীৰ তাণ্ডৱঃ ৮ গৰাকী বিৰোধী দলৰ সাংসদক বৰ্খাস্ত

0
12

প্ৰাগডেস্ক, ২১ ছেপ্টেম্বৰঃ ৰবিবাৰে ৰাজ্যসভাত কৃষি বিল উত্থাপনহৈ গৃহীত হোৱাৰ লগে লগে বিৰোধীৰ কিছুসংখ্যক সাংসদে ৰাজ্যসভাৰ মজিয়াত এক নজিৰবিহীন উদভণ্ডালিৰ সৃষ্টি কৰে৷

সাংসদকেইগৰাকীয়ে ৰাজ্যসভাৰ মহাসচীৱৰ টেবুললৈ আগবাঢ়ি ৰুল বুক ফালি পেলোৱাৰ চেষ্টা কৰাৰ উপৰিও কিছুসংখ্যক সদস্যই বিলৰ প্ৰতিলিপি ফালি পেলোৱাৰ লগতে অন্যান্য দৰকাৰী কাগজ-পত্ৰৰো ক্ষতিসাধন কৰে৷

ৰাজ্যসভাত উত্থাপিত তিনিখন কৃষি বিলৰ বিতৰ্কিত দুখন বিলক ৰাজ্যসভাত প্ৰতিহত কৰাৰ বাবে বিৰোধীৰ সংখ্যা গৰিষ্ঠতা নোহোৱাৰ পৰিপ্ৰক্ষিতত তেওঁলোকে বিল দুখন এক বিশেষ কমিটিৰ দ্বাৰা পুনৰীক্ষণৰ দাবী উত্থাপন কৰিছিল৷বিৰোধীয়ে বিলকেইখনৰ ওপৰত চৰ্চাৰ বাবে আৰু এটা দিন বঢ়াবলৈও দাবী উত্থাপন কৰিছিল৷তদুপৰি তেওঁলোকে ভৌতিক ভোট দানৰো পোষকতা কৰিছিল৷ কিন্তু উপাধ্যক্ষ হৰিৱংশ সিঙে সেয়া অগ্ৰাজ্য কৰিছিল আৰু ভোটগ্ৰহণৰ পূৰ্বৰ ভাষণ অব্যহত ৰাখিবলৈ কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক অনুমতি প্ৰদান কৰিছিল৷

ইয়াতে ক্ষুন্ন হৈ পৰে বিৰোধীৰ সাংসদসকল৷ তেওঁলোকে আনকি উপাধ্যক্ষগৰাকীৰ মাইক কাঢ়ি নিয়াৰ প্ৰয়াস কৰাৰ উপৰিও শাৰীৰিকভাৱে অপদস্থ কৰাৰো চেষ্টা চলাই৷ অৱশ্যে মৰ্শালে এখন বেৰৰ সৃষ্টি কৰি উপাধ্যক্ষক সুৰক্ষা দিয়ে৷ বিৰোধীয়ে উপাধ্যক্ষগৰাকীৰ বিৰুদ্ধে ৫০ জন সদস্য স্বাক্ষৰিত এক অবিশ্বাস প্ৰস্তাৱো আনিছিল যিটো পৰৱৰ্তী পৰ্যায়ত খাৰিজ হৈছিল৷

তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰায়ন, আম অদমী পাৰ্টীৰ সঞ্জয় সিংহ, কংগ্ৰেছৰ ৰাজীৱ সাতৱ, চিপিএমৰ কে কে ৰাগেশকে আদি কৰি আঠগৰাকী বিৰোধী সাংসদক দিনটোৰ বাবে বৰ্খাস্ত কৰা হৈছিল যদিও সাংসদকেইগৰাকীয়ে ৰাজ্যসভাৰ কক্ষ ত্যাগ নকৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি থকাত তথা সদনৰ মজিয়াতে বহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোৱাৰ ফলত ৰাজ্যসভাৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰখা হয়৷

ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে আজি মত ব্যক্ত কৰে যে, যোৱাকালি যি ঘটি গ’ল সি মোক ব্যথিত কৰিছে৷ই ৰাজ্যসভাৰ বাবে এটা বেয়া দিন৷

বিলখন গৃহীত হোৱাৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰিছে যে, ‘‘বহু দশক ধৰি কৃষকসকল বহু বাধাৰ সন্মুখিন হৈ আহিছিল, মধ্যভোগীৰ দ্বাৰা নিৰ্যাতিত৷ সংসদত গৃহীত হোৱা বিলকেইখনে কৃষকক এই জাতীয় প্ৰতিকূলতাৰ পৰা মুক্তি দিব৷এই বিলসমূহে কৃষকৰ প্ৰচেষ্টাৰ গতি তৰান্বিত কৰিব, তেওঁলোকৰ আয় দুগুণ বঢ়াব আৰু তেওঁলোকৰ সমৃদ্ধি নিশ্চত কৰিব ৷’’

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here