কোকৰাঝাৰত নাথ যোগী ছাত্র সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন

0
15

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ২৩ ছেপ্টেম্বৰ ২০ঃ সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সহযোগত ফকিৰাগ্ৰাম পাব্লিক হাই স্কুলৰ খেলপথাৰত ২২ ছেপ্টেম্বৰত এদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে শ্বহীদ মনবৰ নাথৰ শ্বহীদ দিৱসটি পালন কৰা হয়!

ৰাতিপুৱা ৮ বজাত স্বচ্ছ ভাৰত অভিযান। ৯বজাত বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে বিটিচি নাথ যোগী ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ফুকন চন্দ্ৰ নাথে।

৯-৩০ বজাত শ্বহীদ মনবৰ নাথৰ ছবিত মাল্যাৰ্পণ(তৰ্পণ) কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ নাথে।

দুপৰীয়া ১-০০বজাৰ পৰা ফুকন চন্দ্ৰ নাথৰ সভাপতিত্বত মুকলি অনুস্থিত হয়!

সভাত মুখ্য অথিতি হিচাপে উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লৰেঞ্ছ ইছলাৰী।

মুকলি সভাৰ উদ্বোধক ভূমিধৰ নাথ আৰু নিৰ্দিষ্ট বক্তা প্ৰশান্ত কুমাৰ নাথ উপস্থিত থাকে।

সভাত অসম, বিটিচি কেন্দ্ৰীয় সমিতিসমূহৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা নিমন্ত্ৰিত, আমন্ত্ৰীত বিষয়ববীয়াসকলো উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here