ৰাজ্যসভা অনিৰ্দিষ্ট কাললৈ স্থগিতঃ জম্মু-কাশ্মীৰৰ চৰকাৰী ভাষা বিল, ২০২০ত অনুমোদন

0
4

প্ৰাগডেস্ক, গুৱাহাটী, ২৩ ছেপ্টেম্বৰঃ বিৰোধী দলৰ সদস্যসকলে আঠজন ৰাজ্যসভাৰ সাংসদক বৰ্খাস্ত কৰাৰ হেতু সংসদৰ কার্যক্রম বয়কট কৰাটো অব্যাহত ৰাখিছিল আৰু ইয়াৰ আগেয়ে অনুমোদীত হোৱা কৃষি বিল প্রত্যাহাৰৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

লোকসভা আৰু ৰাজ্যসভা উভয় সংসদে গুৰুত্বপূর্ণ বিলসমূহ ক্ষীপ্ৰতাৰে পাছ কৰাৰ বাদে অইন কোনো বিকল্পও নাছিল।

বুধবাৰে ৰাজ্যসভাৰ ডেপুটি চেয়াৰম্যান হৰিবংশে তেওঁৰ একদিনীয়া উপবাস ভঙ্গ কৰিছে, যোৱা ২০ ছেপ্টেম্বৰত উচ্চ সদনে কৃষি বিল অনুমোদনৰ সময়ত বিৰোধী দলৰ কেইবজনো সদস্যই তেওঁৰ প্রতি কৰা অবব্য আচৰণৰ প্রতিবাদত তেওঁ মঙ্গলবাৰে উপবাস আৰম্ভ কৰিছিল।

কংগ্রেস সাংসদ আৰু ৰাজ্যসভাৰ বিৰোধী দলীয় নেতা গোলাম নবী আজাদে বুধবাৰে আবেলি ৫ বজাত ৰাষ্ট্রপতি ৰামনাথ কোবিন্দক সাক্ষাত কৰি কৃষি বিল আৰু আঠ সাংসদক বৰ্খাস্তকৰণৰ বিষয়টো আলোচনা কৰাৰ কথা প্ৰকাশ পাইছে৷

এদিকে, বুধবাৰে সন্ধিয়া ৬ বজাত নিম্ন সদনৰ বৈঠক আৰম্ভ হ’ব, এই অধিবেশনটি সংক্ষিপ্ত হোৱাৰ সম্ভাবনা আছে বুলিও জানিব পৰা গৈছে৷জাতীয় শিক্ষানীতি, টিবি নির্মূলকৰণ কর্মসূচীৰ অৱমূল্যায়ন, পাৰিবাৰিক হিংসা, কোভিড-১৯ মহামাৰীৰ ভয়াবহ পৰিবেশ আদি সম্পৰ্কে বুধবাৰৰ অধিবেশনত আলোচনা হোৱাৰ সম্ভৱনা আছে৷

সেয়া যি হওক, কোবিড -১৯ সংকটৰ পৰিপ্রেক্ষিততে ১ অক্টোবৰ পৰ্যন্ত চলিবলগীয়া বর্ষাকালীন অধিবেশনখন চমুৱাই অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ ঘোষণা কৰা হয়।

এইবাৰৰ ৰাজ্যসভাৰ অধিবেশনত ১৮ ছেপ্টেম্বৰৰ লোকসভাত পাছ হোৱা বিলসমুহত অনুমোদন জনোৱা হৈছে৷

ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ কৃষি বিলৰ উপৰিও জম্মু-কাশ্মীৰৰ চৰকাৰী ভাষা বিল, ২০২০কো অনুমোদন জনাই ৰাজ্যসভাই৷

এই বিলেৰ আওতাত ইংৰাজী, উর্দুৰ বাহিৰেও কাশ্মীৰী, ডোগৰি আৰু হিন্দীও এই কেন্দ্রশাসিত অঞ্চলটোৰ চৰকাৰী ভাষা হিচাপে স্বীকৃত হ’ব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here