অগপ বৰমা বিধান পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাঃ আগন্তুক নিৰ্বাচনত বৰমা বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ অগপক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী

0
25

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২৪ ছেপ্টেম্বৰ ২০ঃ আগন্তুক বিধানসভা নিৰ্বাচনত বৰমা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদক আসনখন এৰি দিবলৈ আৰু অগপৰ এসময়ৰ ভেটিস্বৰূপ বৰমা বিধানসভা সমষ্টিৰ অগপ নেতাক নিগম-নিকায়ৰ পদ, বিটিচি চৰকাৰৰ মনোনীত সদস্য হিচাপে নিৰ্বাচিত কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে।

২৩ ছেপ্টেম্বৰত বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণবড়ী(ভাল্লা চʼক)ত অগপ বৰমা বিধান পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত এইদৰে প্ৰস্তাৱ গ্ৰহণ কৰি অগপৰ কেন্দ্ৰীয় সমিতিলৈ পঠিয়ায়।

বৰমা বিধান পৰিষদৰ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰণীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে জীতেন দাসে।

নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশীয়ে নতুন সমিতিখনক শপত বাক্য পাঠ কৰায়।

বৰমা সমষ্টিৰ বিটিচি অংশত আঞ্চলিক সমিতিসমূহ নতুনকৈ গঠনৰ বাবে পাচঁজনীয়া আহ্বায়ক সমিতি গঠন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here