নলবাৰীৰ ঘগ্ৰাপাৰত ক’ৰ’ণাৰ ৩৬০ ডিগ্ৰী সজাগতাঃ কোভিড-১৯ক প্ৰতিৰোধৰ প্ৰচেষ্টা জিলা প্ৰশাসনৰ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২৪ ছেপ্টেম্বৰ ২০ঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত ২৩ ছেপ্টেম্বৰত জিলা ভিত্তিত কোভিড-১৯ ৰ ৩৬০ ডিগ্ৰী সজাগতা কেম্পৰ শুভাৰম্ভ কৰা হয়।

এই সজাগতা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত( স্বাস্থ্য বিভাগ) কল্পনা ডেকাই।

লগতে অনুষ্ঠানটোত উপস্থিত থাকে ঘগ্ৰাপাৰ মহকুমা প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ এন বি সিংহ, ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নন্দিতা হাজৰিকা, জ্যেষ্ঠ চিকিৎসক ডাঃ দিলীপ কলিতা, নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ডিপি এম মিনাক্ষী বৰপূজাৰী, ডি চি এম মল্লিকা দেৱীৰ লগতে স্বাস্থ্য কৰ্মীসকল।

ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ প্ৰায় অৰ্ধশতাধীক আশা কৰ্মী আৰু কেইগৰাকীমান স্বাস্থ্য কৰ্মীয়ে “মাক্স ব্যৱহাৰ কৰক” সামাজিক দূৰত্ব মানি চলক, হাত ধুৱক, আদি বিভিন্ন শ্ল’গান দি ঘগ্ৰাপাৰৰ ৰাজপথ পৰিভ্ৰমণ কৰে।

শেহতীয়াভাৱে ক’ৰ’ণাৰ অধিক সংক্ৰমণ তথা ইয়াৰ মাৰাত্মক ৰূপৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ সহযোগত জিলা স্বাস্থ্য সমিতিয়ে এনে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে৷

কিন্তু লক্ষণীয় যে এই সজাগতা যাত্ৰাত যি ধৰণে ৰাইজক জড়িত কৰিব লাগিছিল তেনেধৰণে জড়িত কৰাত মহকুমা স্বাস্থ্য বিষয়াগৰাকী বিফল হোৱাৰ অভিযোগ উথাপন হৈছে৷

সজাগতা যাত্ৰাতো কোনো এগৰাকী চিকিৎসক বা বিষয়া পৰ্যায়ৰ ব্যক্তিক দেখা পোৱা যোৱা নাই৷

একাংশৰ মতে, এই সজাগতা যাত্ৰাত সমাজৰ কাকো জড়িত নকৰি মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে মাত্ৰ নিয়মমাফিক আশাকৰ্মীসকলৰ দ্বাৰা কৰিছে৷

সেয়েহে গাওঁসমূহত সমাজৰ সকলো স্তৰৰ লোকক জড়িত কৰি এনে সজাগতা সৃষ্টিৰ অধীক প্ৰয়োজনীয়তা আছে বুলি সচেতন মহলে উল্লেখ কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here